পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিশিষ্ট-১ সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ পৰা উদ্ধৃতাংশ সংক্ষিপ্ত নাম আৰু প্ৰাৰম্ভ।(১) (২) এইখন কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনাৰ দ্বাৰা নিয়ত কৰাৰ দৰে এনে তাৰিখত বলবৎহৰ আৰু এই অধিনিয়মৰ বিভিন্ন উপবন্ধৰ বাবে বিভিন্ন তাৰিখ নিয়ত কৰিব পাৰিব। অনুচ্ছেদ ২২ৰ সংশোধন। ৩। সংবিধান অনুচ্ছেদ ২২ ত (ক) খণ্ড (৪) ৰ বাবে নিম্নলিখিত খণ্ড প্ৰতিষ্ঠাগিত কৰা হব, অৰ্থাৎঃ- ৪। নিবাৰক নিৰোধৰ কাৰণে উপবন্ধিত কোনো বিধিয়ে কোনো ব্যক্তিক দুই মাহতকৈ অধিক অৱধিৰ বাবে নিৰুদ্ধ কৰাৰ প্ৰাধিকাৰ নিদিব যদিহে সমুচিত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ চুপাৰিছ অনুসৰি গঠিত উপদেষ্টা বোৰ্ডে উক্ত দুই মাহ সময়ৰ সমাপ্তিৰ পূৰ্বে নিজৰ বিবেচনা অনুসৰি তেনে নিৰোধৰ পৰ্য্যাপ্ত কাৰণ আছে বুলি প্ৰতিবেদন দিয়া নাই? পৰন্তু উপদেষ্টা বোৰ্ডে এজন অধ্যক্ষ আৰু অন্যান্য আন দুজন সদস্যৰে গঠিত হব আৰু অধ্যক্ষ সমুচিত উচ্চ ন্যায়ালয়ৰ সেৱাৰত ন্যায়াধীশ হব লাগিব আৰু অন্য সদস্য কোনো উচ্চ ন্যায়ালয়ৰ সেৱাৰত বা অৱসবপ্ৰাপ্ত ন্যায়াধীশ হব লাগিব? উপবন্তু এই খণ্ডৰ কোনো কথাই কোনো ব্যক্তিক অধিকতম অৱধিৰ বাবে নিৰুদ্ধ কৰাৰ প্ৰাধিকাৰ নিদিব যিটো খণ্ড (৭) ৰ উপখণ্ড (ক) ৰ অধীনত সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা বিহিত কৰা হয়। স্পষ্টীকৰণ ঃ এই খণ্ডত সমুচিত উচ্চ ন্যায়ালয় মানে, - (i) ভাৰত চৰকাৰ বা সেই চৰকাৰৰ অধীনৰ কোনো পদাধিকাৰী বা প্ৰাধিকাৰীৰ দ্বাৰা দিয়া নিবোধ আদেশৰ অনুসৰণত নিৰুদ্ধ ব্যক্তিৰ ক্ষেত্ৰত দিল্লী সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে উচ্চ ন্যায়ালয়, (ii) (সংঘ ৰাজ্যক্ষেত্ৰৰ বাহিৰে) কোনো ৰাজ্য চৰকাৰৰ দ্বাৰা কৰা নিৰোধ আদেশৰ নুসৰণত নিৰুদ্ধ ব্যক্তিৰ ক্ষেত্ৰত সেই ৰাজ্যৰ বাবে উচ্চ নায়্যালয় আৰু (iii) কোনো সংঘ ৰাজ্য ক্ষেত্ৰৰ প্ৰশাসক বা এনে প্ৰশাসকৰ অধীনৰ কোনো পদাধিকাৰী বা প্ৰাধিকাৰীৰ দ্বাৰা কৰা নিৰোধ আদেশৰ অনুসৰণত নিৰুদ্ধ ব্যক্তিৰ ক্ষেত্ৰত সেই উচ্চ ন্যায়ালয় যি সংশোধনৰ দ্বাৰা এই নিমিত্তে প্ৰণীত বিধিৰ দ্বাৰা বা ইয়াৰ অধীনত বিনিৰ্দিষ্ট হয়। (খ) খণ্ড (৭),- (i) উপখণ্ড (ক) লোপ কৰা হব; (ii) উপখণ্ড (খ) উপখণ্ড (ক) হিচাপে পুনঃ অক্ষঙ্কিত কৰা হব; (iii) উপখণ্ড (গ) উপখণ্ড (খ) হিচাপে পুনঃ অক্ষঙ্কিত কৰা হব আৰু এই দৰে পুনঃ ক্ষঙ্কিত উপখণ্ডত খণ্ড (৪) উপখণ্ড (ক)ৰ শব্দ বন্ধনী, অক্ষৰ সংখ্যা আৰু আখৰৰ বাবে ‘খ’ (৪) শব্দ; বন্ধনী আৰু সংখ্যা প্ৰতিষ্ঠাপিত হব।