পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৬ দ্বিাদশ অনুসূচী [ অনুচ্ছেদ ২৪৩ ব ] ১। নগৰ যোজনা অন্তৰ্ভুক্ত কৰি নগৰীয়া যোজনা। ২। ভূমি ব্যৱহাৰৰ বিনিয়মন আৰু ভৱন নিৰ্মাণ। ৩। আৰ্থিক আৰু সামাজিক বিকাশ যোজনা। ৪। পথ আৰু দলং। ৫। ঘৰুৱা, ঔদ্যোগিক আৰু ব্যৱসায়িক প্ৰয়োজনৰ বাবে পানী যোগান। ৬। জনস্বাস্থ্য, অনাময় পৰিষ্কাৰকৰণ আৰু জাৱৰ-জোথৰ ব্যৱস্থা আদি। ৭। অগ্নি নিৰ্বাপক সেৱাসমূহ। ৮। নগৰীয়া বনানীকৰণ, পৰ্য্যাৱৰণৰ সংৰক্ষণ, আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ অভিবৃদ্ধি। ৯। বিকলাঙ্গ আৰু মানসিক বিকাৰগ্ৰস্ত ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰি সমাজৰ দূৰ্বল শ্ৰেণীৰ হিতৰ বাবে ৰক্ষণ। ১০। বস্তি অঞ্চলৰ উন্নতি সাধন আৰু ক্ৰমোন্নয়ন। ১১নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ। ১২। পাৰ্ক, উদ্যান, ক্ৰীড়াঙ্গন আদিৰ নগৰীয়া সুখ-সুবিধা আৰু সা-সুবিধাৰ ব্যৱস্থা। ১৩। সাংস্কৃতিক, শৈক্ষিক আৰু সৌন্দৰ্য্যাত্মক অৱস্থাৰ অভিবৃদ্ধি। ১৪। কবৰ, সমাধিক্ষেত্ৰ, শ-দাহ আৰু শ্মশান আৰু বৈদ্যুতিক শুৱদাহন গৃহ। ১৫। খোৱাৰ আৰু জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা নিৱাৰণ। ১৬। জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন অন্তৰ্ভুক্ত কৰি জন্ম, মৃত্যুৰ সংখ্যা। ১৭। পথ আললাকিতকৰণ, পাৰ্কিং স্থান, বাছ ষ্টপ আৰু লাৈক সা-সুবিধা অস্তৰ্ভুক্ত কৰি লোক সুখ-সুবিধাসমূহ। ১৮| কাইখানা আৰু চৰ্ম্ম শিল্পালয় সমূহৰ বিনিয়মন। ১। সংবিধান (চতুঃসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ধাৰা ৪ ৰ দ্বাৰা অন্তঃস্থাপিত (১-৬-১৯৯৩ তাৰিখৰ পৰা প্ৰভাৱী হোৱাকৈ)।