পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ | [একাদশ অনুসূচী ২৫৫ [ অনুচ্ছেদ ২৪৩ ছ} ১। কৃষি বিস্তাৰ অন্তৰ্ভুক্ত কৰি কৃষি। ভূমি বিকাশ, ভূমি সংস্কাৰৰ কাৰ্য্যকৰীকৰণ, একীকৃতকৰণ আৰু ভূমি সংৰক্ষণ। ক্ষুদ্ৰ জুলসিঞ্চন, জল ব্যৱস্থাপন’আৰু জল বিভাজক ক্ষেত্ৰৰ বিকাশ। পশুপালন, ডায়েৰী উদ্যোগ আৰু হাঁহ-কুকুৰা পালন। মৎস্য উদ্যোগ। ৬। সামাজিক বনানীকৰণ আৰু ফাৰ্ম বনানীকৰণ। ৭| ক্ষুদ্ৰ বন উপজাত দ্ৰব্য। ৮ | | খাদ্য প্ৰসংস্কৰণ উদ্যোগসমূহ অন্তৰ্ভুক্ত কৰি ক্ষুদ্ৰ উদ্যোগ সমূহ। খাদী, গ্ৰামোদ্যোগ আৰু কুটীৰ উদ্যোগ। ১০। গ্ৰামীণ আবাসন। ১১। খোৱা পানী। ১২। ইন্ধন আৰু ঘাঁহ। ১৩। পথ, পুল, দলং, পাৰঘাট, জলপথ আৰু যোগাযোগৰ আন ব্যৱস্থা। ১৪। বিদ্যুৎ বিতৰণ অন্তৰ্ভুক্ত কৰি গ্ৰামীণ বিদ্যুতীকৰণ। ১৫। অপৰম্পৰাগত শক্তিৰ উৎস। ১৬। দৰিদ্ৰতা দূৰীকৰণ কাৰ্য্যক্ৰম। ১৭। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় সমূহক অন্তৰ্ভুক্ত কৰি শিক্ষা। ১৮। কাৰিকৰী প্ৰশিক্ষণ আৰু ব্যৱসায়িক শিক্ষা। ১৯। প্ৰাপ্ত বয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা। ২০। পুথিভঁৰাল। ২১। সাংস্কৃতিক ক্ৰিয়া ক। ২২। বজাৰ আৰু মেলা। ২৩। চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ঔষধালয় অন্তৰ্ভুক্ত কৰি স্বাস্থ্য আৰু অনাময় ব্যৱস্থা। ২৪। পৰিয়াল কল্যাণ। ২৫। মহিলা আৰু শিশু বিকাশ। ২৬। বিকলাঙ্গ আৰু মানসিক বিকাৰগ্ৰস্ত ব্যক্তি সকলৰ কল্যাণ অন্তৰ্ভুক্ত কৰি সমাজ কল্যাণ। ২৭। দুৰ্বল শ্ৰেণীৰ আৰু বিশেষতঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ। ২৮। সাৰ্বজনিক বিতৰণ প্ৰণালী। ২৯। সমূহীয়া পৰিসম্পত্তিৰ ৰক্ষণ।] ১. সংবিধান (ত্ৰিসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ ধাৰা ৪ ৰ দ্বাৰা অন্তঃস্থাপিত (২৪-৪-১৯৯৩ ৰ পৰা প্ৰভাৱী হোৱাকৈ)।