পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৪ ভাৰতৰ সংবিধান। দশম অনুসূচী (গ) সদনৰ কোনো সদস্যক কোনো ৰাজনৈতিক দলত ভৰ্তি কৰণৰ সম্বন্ধত কোনো ৰাজনৈতিক দলে দিবলগীয়া প্ৰতিবেদন আৰু সদনৰ কোন পদাধিকাৰীৰ ওচৰত তেনে প্ৰতিবেদন দাখিল কৰা হব সেই বিষয়ে; আৰু (ঘ) এনে প্ৰশ্ন বিনিশ্চয়ৰ উদ্দেশ্যে কৰিবলগীয়া কোনো অনুসন্ধানৰ প্ৰক্ৰিয়াক অন্তৰ্ভুক্ত কৰি দফা ৬ ৰ উপদফা (১) ত উল্লিখত কোনো প্ৰশ্নৰ বিনিশ্চয়ৰ বাবে প্ৰক্ৰিয়াৰ বিষয়ে, উপবন্ধ কৰিব পাৰে। (২)এই দফাৰ উপদফা (১)ৰ অধীনত কোনো সদনৰ সভাপতিবাঅধ্যক্ষৰ দ্বাৰা প্ৰণীত নিয়মাৱলী সেইবিলাক প্ৰণয়ন কৰাৰ পিছত যথাসম্ভৱ শীঘ্ৰে সদনত মুঠ ত্ৰিশ দিন কালাৱাধৰ বাবে উপস্থাপন কৰিব লাগিব আৰু উক্ত ত্ৰিশ দিন এক বা দুই বা ততোধিক ক্ৰমাগত অধিবেশনত হব পাৰে আৰু উক্ত ত্ৰিশ দিনৰ কালাৱধিৰ সমাপ্তিত কাৰ্য্যকৰী হব, যদিহে তাৰ আগেয়ে সেই নিয়মাৱলী সংশোধন সহ বা বিনা সংশোধনে অনুমোদিত নহয় বা সদনৰ দ্বাৰা অননুমোদিত হয় আৰু যি ক্ষেত্ৰত এনেদৰে অনুমোদন কৰা হয়, যি ধৰণে উপস্থাপন কৰা হৈছিল সেই ৰূপত বা তেনে সংশোধিত ৰূপত যথাস্থিতি কাৰ্যকৰী হব আৰু যিক্ষেত্ৰত অননুমোদিত হয় তেনে ক্ষেত্ৰত কাৰ্য্যকৰী নহব। (৩) সদনৰ সভাপতি বা অধ্যক্ষই, অনুচ্ছেদ ১০৫ বা যথাস্থিতি অনুচ্ছেদ ১৯৪ব উপবন্ধ সমূহৰ ওপৰত প্ৰতিকূল প্ৰভাৱ নেপেলোৱাকৈ আৰু তেওঁ এই সংবিধানৰ অধীনত তেওঁৰ থাকিব পবা অন্যান্য ক্ষমতাৰ ওপৰ্বত প্ৰতিকূল প্ৰভাৱ নেপেলোৱাকৈ নিৰ্দেশ দিব পাৰে যে এই দফাৰ অধীনত প্ৰণীত নিয়মাৱলীৰ কোনো ব্যক্তিৰ দ্বাৰা ইচ্ছাকৃত উলঙঘনব বিষয়ত সদনৰ বিশেষাধিকাৰ ভঙ্গৰ সদৃশ ধৰণে, ব্যৱস্থা গ্ৰহণ কৰিব। ] 3