পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5 ভাৰতৰ সংবিধান ২৫৩ দশম অনুসূচী এনে ৰাজনৈতিক দল বুলি গণ্য কৰা হব যি দলৰ তেওঁ অন্তৰ্ভুক্ত হয় আৰু এই উপদফাৰ প্ৰয়োজনৰ বাবে তেনে দলক তেওঁৰ মূল ৰাজনৈতিক দল বুলি গণ্য কৰা (২) এই দফাৰ উপদফা (১) ৰ প্ৰয়োজনীয়তাৰ বাবে কোনো সদনৰ কোনো সদস্যৰ মূল ৰাজনৈতিক দলৰ বিলয়ন হোৱা বুলি গণ্য কৰা হব যদিহে সংশ্লিষ্ট বিধায়নী দলৰ সদস্য সকলৰ অন্যূন দুই-তৃতীয়াংশই তেনে বিলয়নত সন্মতি প্ৰকাশ কৰে। ৫| অব্যাহতি-এই অনুসূচীত যিকোনো কথা থকা সত্বেও, লোকসভাৰ অধ্যক্ষ বা উপাধ্যক্ষ বা ৰাজ্য সভাৰ উপ-সভাপতি অথবা কোনো ৰাজ্যৰ বিধান পৰিষদৰ সভাপতি বা উপ- সভাপতি অথবা কোনো ৰাজ্যৰ বিধান সভাৰ অধ্যক্ষ বা উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হোৱা কোনো ব্যক্তি এই অনুসূচীৰ অধীনত অনী নহব, (ক) যদি তেনে পদৰ বাবে নিৰ্বাচিত হোৱাৰ কাৰণ বশত: তেনে নিৰ্বাচনৰ অব্যৱহিত পূৰ্বে তেওঁ যি দলৰ অন্তৰ্ভুক্ত হয় সেই দলৰ সদস্যতা ত্যাগ কৰে, আৰু তাৰ পিছত যিমান দিন তেওঁ সেই পদ ধাৰণ কৰি থাকে সিমান দিন পুনৰ সেই দলত যোগদান নকৰে অথবা আন কোনো ৰাজনৈতিক দলৰ সদস্য নহয়; বা (খ) যদি তেওঁ তেনে পদৰ বাবে নিৰ্বাচিত হোৱাৰ কাৰণ বশত: তেনে নিৰ্বাচনৰ অব্যৱহিত পূৰ্বে যি দলৰ অন্তৰ্ভক্ত আছিল সেই দলৰ সদস্যতা ত্যাগ কৰি তেনে পদ ধাৰণ নকৰা হোৱাত পুনৰ তেনে ৰাজনৈতিক দলত যোগদান কৰে। ৬। দল পৰিৱৰ্ত্তনৰ আধাৰত অনহত হোৱাৰ সম্পৰ্কত প্ৰশ্নৰ বিনিশ্চয় - (১) যদি কোনো সদনৰ কোন সদস্য এই অনুসূচীৰ অধীনত অনী হয় নে নহয় সেই বিষয়ে কোনো প্ৰশ্নৰ উদ্ভৱ হয়, তেনেহলে তেনে প্ৰশ্ন বিনিশ্চয়ৰ বাবে তেনে সদনৰ সভাপতিলৈ বা যথাস্থিতি, অধ্যক্ষলৈ নিৰ্দেশিত কৰা হব আৰু তেওঁৰ বিনিশ্চয়েই চুড়ান্ত হব: পৰস্তু, যেতিয়া কোনো সদনৰ সভাপতি বা অধ্যক্ষ এনে অনতাৰ অধীন হয়নে নহয় সেই বিষয়ে কোনো প্ৰশ্নৰ উদ্ভৱ হয়, তেনেহলে প্ৰশ্নটো বিনিশ্চয়ৰ কাৰণে সদনৰ এনে সদনলৈ নিৰ্দেশিত। কৰা হব যাক সদনে এই মৰ্মে নিৰ্বাচিত কৰে আৰু তেওঁৰ বিনিশ্চয়েই চুড়ান্ত হব। (২) এই অনুসূচীৰ অধীনৰ সদনৰ কোনো সদস্যৰ অনহতৰ বিষয়ে কোনো প্ৰশ্নৰ সম্বন্ধত এই দফাৰ উপদফা (১) ৰ অধীনস্থ সকলো কাৰ্য্যবাহী অনুচ্ছেদ ১২২ অৰ্থমতে সংসদৰ কাৰ্য্যবাহী বুলি বা যথাস্থিতি অনুচ্ছেদ ২১২ ৰ অৰ্থমতে কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কাৰ্যবাহী বুলি গণ্য ৭। ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰত বাধানিষেধ—এই সংবিধানত যিকোনো কথা থকা সত্বেও, এই অনুসূচীৰ অধীনত কোনো সনৰ কোনো সদস্যৰ অৰ্হতা সম্পৰ্কীয় কোনো বিষয়ৰ সম্বন্ধত কোনো ন্যায়ালয়ৰ কোনো ক্ষেত্ৰাধিকাৰ নাথাকিব। ৮|নিয়মাৱলী—(১) এই দফাৰউপদফা (২)ৰউপবন্ধ সমূহৰ সাপেক্ষে কোনো সদনৰ সভাপতি বা অধ্যক্ষই এই অনুসূচীৰ উপবন্ধ সমূহ কাৰ্যন্বিত কৰিবৰ অৰ্থে নিয়মাৱলী প্ৰণয়ন কৰিব পাৰে, আৰু বিশেষকৈ, আৰু পূৰ্বগামী উপবন্ধ সমূহৰ ব্যপকতাৰ ওপৰত প্ৰতিকূল প্ৰভাৱ নেপেলোৱাকৈ, এনেনিয়মাৱলীয়ে- (ক) সদনৰ বিভিন্ন সদস্য সকল অন্তৰ্ভূক্ত হোৱা ৰাজনৈতিক দলবোৰৰ বিষয়ে পঞ্জী বা আন অভিলেখ ৰখাৰ বিষয়ে; (খ) কোনো সদনৰ কোনো সদস্যৰ সম্পৰ্কত বিধায়নী দলৰ কোনো নেতাৰ দ্বাৰা সেই সদস্যৰ সন্ধত দফা ২ উপদফা (১) ৰ খণ্ড (খ) ত উল্লিখিত প্ৰকৃতিৰ কোনো ক্ষমাৰ সম্বন্ধত দিবলগীয়া প্ৰতিবেদন, কোন সময়ৰ ভিতৰত আৰু কোন প্ৰাধিকাৰীৰ ওচৰত তেনে প্ৰতিবেদন দিব লাগিব সেই বিষয়ে;