পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান দশম অনুসূচী (২) যদি কোনো সদনৰ কোনো নিৰ্বাচিত সদস্য কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচিত নহৈ অন্যথা এনে সদস্য ৰূপে নিৰ্বাচিত হয় আৰু যদি তেনে নিৰ্বাচনৰ পিছত তেওঁ কোনো ৰাজনৈতিক দলত যোগদান কৰে তেনেহলে তেওঁ সেইসদনৰ সদস্য হবলৈ অন হব। (৩) যদি কোনো সদনৰ কোনো মনোনীত সদস্যই অনুচ্ছেদ ৯৯ বা যথাস্থিতি অনুচ্ছেদ ১৮৮ৰ প্ৰয়োজনীয়তা সমূহঅনুপালন কৰাৰ পিছত নিৰ্জ আসন গ্ৰহণ কৰা তাৰিখৰ পৰা ছমাহ কাল অতিবাহিত হোৱাৰ পিছত যদি কোনো ৰাজনৈতিক দলত যোগদান

  • কৰে তেনেহলে তেওঁ সেই সদনৰ সদস্য হবলৈ অনৰ্য হব।

(৪) এই দফাৰ পূৰ্ব্বগামী উপবন্ধ সমূহত যিকোনো কথা থকা সত্ত্বেও, ই এনে কোনো ব্যক্তি যি সংবিধান (দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৫ ৰপ্ৰাৰম্ভণিত কোনো সদনৰ সদস্য (লাগিলে এনেদৰে নিব্বাচিতই হওক বা মনোনীতই হওক) হয়,,, {i} যি ক্ষেত্ৰত তেওঁ এনে প্ৰাৰম্ভণিৰ ব্যৱহিত পূৰ্ব্বে কোনো ৰাজনৈতিক দলৰ সদস্য আছিল, তেনেক্ষেত্ৰত এই দফাৰ উপদফা (১) ৰ প্ৰয়োজনীয়তাৰ বাবে, তেওঁ এনে বাজনৈতিক দলৰ প্ৰাৰ্থীৰূপে এনে সদনৰ সদস্য নিৰ্বাচিত হোৱা বুলি গণ্য কৰা হব; (i) আন যিকোনো ক্ষেত্ৰত এই দফাৰ উপদফা (২) ৰ প্ৰয়োজনীয়তাৰ বাবে তেওঁ কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰূপে নিৰ্বাচিত নহৈ অন্যথা এনেদৰে নিবাচিত হলে এনে সদনৰ সদস্যৰূপে নিবাচিত হোৱা বুলি গণ্য কৰা হব, বা এই দফাৰ উপদফা (৩)ৰ প্ৰয়োজনীয়তাৰ বাবে, যথাস্থিতি সেই সদনৰ মনোনীত সদস্য বুলি গণ্য কৰা হ'ব। ৩ দল পৰিৱৰ্তনৰ আধাৰত হোৱা অনহত বিভাজনৰ ক্ষেত্ৰত প্ৰয়োগ নহব-যেতিয়া কোনো সদনৰ কোনো এজন সদস্যই এনে দাবী কৰে যে তেওঁ আৰু তেওঁৰ বিধায়িনী দলৰ এনে কোনো সদস্যই তেওঁলোকৰ মূল ৰাজনৈতিক দলৰ বিভাজনৰ ফলত উদ্ভৱ হোৱা এটা গোটক প্ৰতিনিধিত্ব কৰা উপদল গঠিত কৰিছে আৰু এনে উপদল তেনে বিধায়িনীদলৰ অন্যূন এক-তৃতীয়াংশ সদস্যৰে গঠিত হৈছে, তেতিয়া – (ক) তেওঁ দফা (২) ৰ উপাদফা (১) ৰ অধীনত এই আধাৰত অননহব যে, – (i) তেওঁ স্বেচ্ছাই মূল ৰাজনৈতিক দলৰ সদস্যতা ত্যাগ কৰিছে; বা (ii) তেওঁ তেনে দলৰ দ্বাৰা অথবা তেনে দলৰ দ্বাৰা সেইমৰ্মে প্ৰাধিকৃত কোনো ব্যক্তি বা প্ৰাধিকাৰীৰ দ্বাৰা দিয়া কোনো নিৰ্দেশৰ বিৰুদ্ধে তেনে ৰাভ তিক দল, ব্যক্তি বা প্ৰাধিকাৰীৰ পূৰ্ব অনুমতি বিনা তেনে সদনত ভোটদান কৰিছে বা ভোটদানৰ পৰা বিৰত আছে, আৰু তেনে ৰাজনৈতিক দল, ব্যক্তি বা প্ৰাধিকাৰীৰ দ্বাৰা তেনে ভোটদান বা ভোটদানৰ পৰা বিৰত থকা কাৰ্য্য তেনে কৰা তাৰিখৰ পৰা পোন্ধৰ দিনৰ ভিতৰত ক্ষমা কৰা হোৱা নাই, আৰু (খ) এনে বিভাজনৰ সময়ৰ পৰা এনেকুৱা গোটকদফা ২ৰউপদফা (১)ৰ প্ৰয়োজনীয়তাৰ বাবে তেওঁ অন্তৰ্ভুক্ত হোৱা ৰাজনৈতিক দল বুলি গণ্য কৰা হব আৰু এই দফাৰ প্ৰয়োজনীয়তাৰ বাবে তেওঁৰ মূল ৰাজনৈতিক দল বুলি গণ্য কৰা হ'ব। ৪। দল পৰিৱৰ্তনৰ আধাৰত হোৱা অনৰ্হতা বিলয়নৰ ক্ষেত্ৰত প্ৰয়োগ নহব - (১) সদনৰ কোনো সদস্য দফা ২ৰ উপদফা (১) ৰ অধীনত অহ নহব যদি তেওঁৰ মূল ৰাজনৈতিক দলটো। আন এটা ৰাজনৈতিক দলৰ লগত বিলীন হয় আৰু তেওঁ দাবী কৰে যে তেওঁ আৰু তেওঁৰ মূল ৰাজনৈতিক দলৰ আন কোনো সদস্য (ক) তেনে আন ৰাজনৈতিক দলটোৰ সদস্য হৈছে অথবা যথাস্থিতি, তেনে বিলয়নৰ দ্বাৰা গঠিত কোনো নতুন ৰাজনৈতিক দলৰ সদস্য হৈছে; অথবা (খ) বিলয়নটো মানি লোৱানাই আৰু এক পৃথক উপদল হিচাবে কাৰ্য্য কৰিবলৈ বিনিশ্চিয় কৰে, আৰু এনে বিলয়নৰ সময়ৰ পৰা তেনে আন ৰাজনৈতিক দল বা যথাস্থিতি নতুন ৰাজনৈতিক দল বা উপদল দফা ২ৰ উপদফা (১) ৰ প্ৰয়োজনীয়তাৰ বাবে .