পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫১ [দশম অনুসূচী] [ অনুচ্ছেদ ১০২ (২) আৰু ১৯১ (২)] দল পৰিৱৰ্তনৰ আধাৰত অনৰ্হতাৰ উপবন্ধ সমূহ ১। নিৰ্বচন-প্ৰসঙ্গক্ৰমে অন্যথা অপেক্ষিত নহলে, এই অনুচ্ছেদত -- (ক) “সদন” বুলিলে সংসদৰ যিকোনোটো সদন বা কোনো ৰাজ্যৰ বিধান সভাৰ সদন বা যথাস্থিতি, বিধান মণ্ডলৰ যিকোনোটো সদনক বুজাব; * (খ) দফা ২ বা দফা ৩ বা যথাস্থিতি, দফা ৪ৰউপবন্ধ সমূহ অনুসৰি যিকোনো ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত হোৱা কোনো সদনৰ কোনো সদস্যৰ সম্পৰ্কত “বিধায়িনী দল মানে তত্সময় থকা সেই সদনৰ এনে সকলো সদস্যৰে গঠিত এটা উপদল বুজাব যিসকল সদস্য উক্ত উপবন্ধসমূহ অনুসৰি সেই ৰাজনৈতিক দলৰ সদস্য হয়; (গ) কোনো সদনৰ কোনো সদস্যৰ সম্পৰ্কত “মূল ৰাজনৈতিক দল” মানে দফা ২ ব উপদফা(১)ৰপ্ৰয়োজনৰ বাবে তেওঁ যি ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত সেই ৰাজনৈতিক দল বুজাব; (ঘ) “দফা” মানে এই অনুসূচীৰ কোনো দফা বুজাব। ২। দল পবিৱৰ্ত্তনৰ আধাৰত অনৰ্হতা -(১) দফা ৩, ৪ আৰু ৫ ব উপবন্ধ সমূহৰ সাপেক্ষে, কোনো সদনব এনে কোনো সদস্য যি কোনো ৰাজনৈতিক দলৰ সদস্য হয়, সেই সদনৰ সদস্য হবলৈ অনৰ্হ ইব (ক) যদি তেওঁ ইচ্ছাকৃত ভাবে তেনে ৰাজনৈতিক দলৰ সদস্যতা ত্যাগ কৰে; বা (খ) যদি তেওঁ যি ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত সেই ৰাজনৈতিক দলৰ দ্বাৰা অথবা তেনে দলৰ দ্বাৰা সেই মৰ্মে প্ৰাধিকৃত কোনো ব্যক্তি বা প্ৰাধিকাৰীৰ দ্বাৰা দিয়া কোনো নিৰ্দেৰ্শৰ বিৰুদ্ধে, যিকোনোটো ক্ষেত্ৰতে তেনে ৰাজনৈতিক দল, ব্যক্তি বা প্ৰাধিকাৰীৰ পূৰ্ব্ব অনুমতি বিনা তেনে সদনত ভোটদান কৰে বা ভোটদানৰ পৰা বিৰত থাকে, আৰু তেনে ৰাজনৈতিক দল, ব্যক্তি বা প্ৰাধিকাৰীৰ দ্বাৰা তেনে ভোটদান বা ভোট দানৰ পৰা বিৰত থকা কাৰ্য্য তেনে কৰাৰ তাৰিখৰ পৰা পোন্ধৰ দিনৰ ভিতৰত ক্ষমা কৰা নহয়। স্পষ্টীকৰণ —এই উপদফাৰ প্ৰয়োজনৰ বাবে,- (ক) কোনো সদনৰ নিৰ্বাচিত সদস্য এজন যি ৰাজনৈতিক দলৰ দ্বাৰা তেওঁক তেনে সদস্য ৰূপে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে থিয় কৰোৱা হৈছিল তেনেদল থাকিলে, সেই ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰা হব। (খ) কোনো সদনৰ কোনো মনোনীত সদস্যই — (i) যি ক্ষেত্ৰত তেওঁ তেনে সদস্য ৰূপে মনোনীত হোৱা তাৰিখত কোনো ৰাজনৈতিক দলৰ সদস্য হৈ থাকে, তেনে ক্ষেত্ৰত তেওঁ তেনে ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰা হব; (i) আন যিকোনো ক্ষেত্ৰত তেওঁ অনুচ্ছেদ ৯৯ বা যথাস্থিতি অনুচ্ছেদ ১৮৮ৰ প্ৰয়োজনীয়তা সমূহ অনুপালন কৰাৰ পিছত নিজ আসন গ্ৰহত্যা কৰা তাৰিখৰ পৰা ছমাহ কাল অতিবাহিত হোৱাৰ পূৰ্বে ৰাজনৈতিক দলৰ সদস্য হয় বা যথাস্থিতি প্ৰথম বাৰৰ বাবে সদস্য বুলি গণ্য কৰা হব। ১। সংবিধান (দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৫, ধাৰা ৬ৰ দ্বাৰা সংযুক্ত কৰা হৈছে (১-৩-১৯৮৫ৰ পৰা প্ৰভাৱী হোৱাকৈ)।