পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰতৰ সংবিধান



প্ৰস্তাৱনা

আমি ভাৰতৰ লোক সমূহে ভাৰতক এখন [সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য]
ৰূপে গঠন কৰিবলৈ, তথা ইয়াৰ সকলো নাগৰিকৰ বাবে:

সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়;

চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু
উপাসনাৰ স্বাধীনতা;

প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা
লাভ কৰিবলৈ;

আৰু তেওঁলোকৰ সকলোৰে মাজত --
ব্যক্তিৰ মৰ্য্যাদা [তথা জাতীয় ঐক্য আৰু
সংহতি] সুনিশ্চিতকাৰী ভাতৃভাৱ
বৃদ্ধি কৰিবলৈ

নিষ্ঠা সহকাৰে সংকল্প কৰি ----
আমাৰ এই সংবিধান সভাত আজি ১৯৪৯ চনৰ নবেম্বৰ
মাহৰ ষষ্ঠবিংশ দিৱসত ইয়াৰ দ্বাৰা এই সংবিধান
গ্ৰহণ কৰিছোঁ, অধিনিয়মিত কৰিছোঁ আৰু নিজতে
অৰ্পণ কৰিছোঁ।



-------------------------------------------------------------------------------------------------------
১। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ২ৰ দ্বাৰা “সাৰ্বভৌম লোকতান্ত্ৰিক গণৰাজ্য"ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (৩-১-৭৭ তাংৰ পৰা)
২। উক্ত অধিনিয়মৰ ধাৰা ২ৰ দ্বাৰা “জাতীয় ঐক্য”ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (৩-১-৭৭ তাংৰ পৰা)।