পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান সপ্তম অনুসূচী [২।-সূচী-১ৰ প্ৰবিষ্টি ২ কৰ উপবন্ধ সমূহৰ সাপেক্ষে (ৰেল-আৰক্ষী আৰু গাওঁ আৰক্ষীকে ধৰি) আৰক্ষী। উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকল; ভাড়া আৰু ৰাজস্ব ন্যায়ালয় সমূহৰ প্ৰক্ৰিয়া, উচ্চতম ন্যায়ালয়ৰ বাহিৰে আন সকলোবোৰ ন্যায়ালয়ত লোৱা ফিজ সমূহ। ৪। কাৰাগাৰ, সংশোধনাগাৰ, বষ্টেল সংস্থা সমূহ আৰু তদ্ৰুপআন সংস্থা সমূহ আৰু তাত নিৰুদ্ধ ব্যক্তিসকল; কাৰাগাৰ আৰু আন আন সংস্থা সমূহৰ ব্যৱহাৰৰ বাবে আন ৰাজ্যৰ লগত বন্দোবস্ত। ৫। স্থানীয় শাসন, অৰ্থাৎ পৌৰ-নিগম, উন্নয়ন ন্যাস, জিলা-বোৰ্ড, খনি-বসতি প্ৰাধিকাৰী আৰু স্থানীয় স্বায়ত্তশাসন বা গ্ৰাম্য প্ৰশাসনৰ বাবে অন্যান্য স্থানীয় প্ৰাধিকাৰী সমূহৰ গঠন:আৰু ক্ষমতা সমূহ। ৬। জনস্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষা ব্যৱস্থা; চিকিৎসালয় আৰু ঔষধালয় সমূহ। ৭ ভাৰতৰ বাহিৰৰ স্থানলৈ যোৱা তীৰ্থযাত্ৰাৰ বাহিবে অন্যান্য তীৰ্থযাত্ৰা সমূহ। ৮| মাদক পানীয়, অৰ্থাৎ মাদক পানীয় উৎপাদন, প্ৰস্তুতকৰণ, দখল, পৰিবহণ; ক্ৰয় আৰু

বিক্ৰয়। ৯{ অক্ষম আৰু নিয়োগৰ অযোগ্য সকল সাহায্য। ১০। সমাধিদান আৰু সমাধিস্থান; শৱদাহ আৰু শ্মশান।.: ১২। ৰাজ্যৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু ৰাজ্যৰ পৰা অৰ্থ সাহায্য প্ৰাপ্ত পুথিভঁৰাল, সংগ্ৰহালয় আৰু অন্যান্য তেনেকুৱা সংস্থা সমূহ; * [ সংসদত প্ৰণীত বিধিৰ দ্বাৰা বা বিধিৰ অধীনত ৰাষ্ট্ৰীয় মহত্বপূৰ্ণ বুলি ঘোষিত বিলাকৰ বাহিৰে আন আন প্ৰাচীন আৰু ঐতিহাসিক স্মাৰক আৰু অভিলেখ সমূহ। ১৩।সংযোগ ব্যৱস্থা, অৰ্থাৎ সূচী-১ ত বিনিৰ্দিষ্ট পথ,দলং, ফেৰীঘাট আৰু সংযোগৰ অন্যান্য উপায় সমূহ; পৌৰ ট্ৰামপথ, ৰজ, জুপথ; অন্তৰ্দেশীয় জলপথৰ সম্বন্ধত সূচী-১ আৰু সূচী -৩ ৰ উপবন্ধ সমূহৰ সাপেক্ষে অন্তৰ্দেশীয় জলপথ আৰু সেই জলপথত যাতায়ত;; যন্ত্ৰ-চালিত যানৰ বাহিৰে আন যান-বাহন সমূহ। ১৪। কৃষি শিক্ষা আৰু গৱেষণা, কীটৰ পৰা ৰক্ষা আৰু উদ্ভিদ ৰোগৰ পৰা নিবাৰণক অন্তৰ্ভুক্ত কৰি কৃষি। ১৫। পশু বংশৰ সংৰক্ষণৰক্ষণাবেক্ষণ আৰু উন্নয়ন আৰু পশু-ৰোগৰ নিবাৰণ; পশু-চিকিৎসা প্ৰশিক্ষণ আৰু ব্যৱসায়। ১৬। পশু ফাটক সমূহ আৰু গৰু-ম'হ ম্লাদিৰ অধিকাৰ প্ৰৱেশ নিবাৰণ। ১৭। পানী, অৰ্থাৎ সূচী -১ৰপ্ৰবিষ্টি ৫৬ উপবন্ধ সমূহৰ সাপেক্ষে পানী সৰবৰাহ, জলসিঞ্চন আৰুনলা, নৰ্মা আৰু বান্ধসমূহ, পানী সঞ্চয়ন আৰু জল-বিদ্যুৎ। ১। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৫৭ ৰ দ্বাৰা পূৰ্বৰ প্ৰবিষ্টি ২ পৰিবৰ্তে (৩-১-১৯৭৭ ৰ পৰা) প্ৰতিষ্ঠাপিত। ২। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা কিছুমান শব্দ লোপ কৰা হৈছে (৩-১-৭৭ তাংৰ পৰা)। ৩। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬:ৰ ধাৰা ৫৭ ৰ দ্বাৰা (৩১-১৯৭৭ ৰ পৰা) প্ৰবিষ্টি ১১,১৯ আৰু ২০ লোপ কৰা হৈছে। ৪।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ:২৭ ধাৰাৰ দ্বাৰা “সংসদৰ দ্বাৰা বিধিৰ দ্বাৰা ঘোষিত” এই কথাখিনিৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত।