পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২২৭ সপ্তম অনুসূচী ৮৬। ব্যক্তি সকলৰ আৰু কোম্পানী সমূহৰ কৃষি-ভূমিৰ বাহিৰে বিভৱৰ মূলধন মূল্যৰ ওপৰত কব; কোম্পানী সমূহৰ মূলধনৰ ওপৰত কৰ। ৮৭। কৃষি ভূমিৰ বাহিৰে অন্যান্য সম্পত্তিৰ সম্বন্ধত সম্পদা- শুল্ক। ৮৮। কৃষি ভূমিব বাহিৰে অন্যান্য সম্পত্তিৰ উত্তৰাধিকাৰ সম্বন্ধীয় শুল্ক। ৮৯। বেল পথ, সমুদ্ৰপথ বা আকাশ পথেৰে কঢ়িওৱা বস্তু অথবা যাত্ৰীৰ ওপৰত সীমা কৰ, ৰেলৰ যাত্ৰী ভাড়া আৰু বস্তু ভাড়াৰ ওপৰত কৰ। ' ৯০ ষ্টক একচেঞ্জ আৰু ভৱিষ্যত বজাবৰ লেন দেনৰ ওপৰত মুদ্ৰাংক শুল্কৰ বাহিৰে অন্য কৰ সমূহ। ৯১। বিনিময়-পত্ৰ, চেক, বচন-পুত্ৰ, বহন-ত্ৰ, প্ৰত্যয়-পত্ৰ, বীমা-পলিচী, অংশ হস্তান্তৰণ, ডিবেঞ্চাৰ, প্ৰতি-পত্ৰ আৰু ৰচিদ সমূহৰ সম্বন্ধত মুদ্ৰাংক শুল্কৰ হাৰ। ৯২। বাতৰি কাকতৰ ক্ৰয় বা বিক্ৰয়ৰ ওপৰত আৰু তাত প্ৰকাশিত বিজ্ঞাপনৰ ওপৰত কৰ। >[ ৯২ ক। বাতৰি কাকতৰ বাহিৰে আন বস্তুৰ বিক্ৰয় বা ক্ৰয়ৰ ওপৰত কৰ যেতিয়ানেকি এনে বিক্ৰয় বা ক্ৰয় অবত্যিক বেপাৰ বা বাণিজ্যৰ অনুক্ৰমত হয়।] ২[ ৯২ খ। বস্তুব চালানৰ ওপৰত কৰ (লাগিলে সেই চালান যি চালান দিয়ে তেওঁলোকলৈকে পঠাওক বা আন কোনো ব্যক্তিলৈকে পঠাওক) যেতিয়ানেকি এনে চালান অন্তৰাজ্যিক বেপাৰ বা বাণিজ্যৰ অনুক্ৰমত হয়। ৯৩। এই সূচীত থকা যিকোনোটো বিষয়ৰ সম্বন্ধত থকা বিধিৰ বিৰুদ্ধে কৰা অপৰাধ সমূহ। ৯৪। এই সূচীত থকা যিকোনোটো বিষয়ৰ প্ৰয়োজনৰ বাবে কৰা অনুসন্ধান, সৰ্বেক্ষণ আৰু পৰিসংখ্যা। ৯৫, এই সূচীত থকা বিষয় সমূহৰ যিকোনোটোব সম্বন্ধত উচ্চতম ন্যায়ালয়ৰ বাহিৰে, আন ন্যায়ালয় সমূহৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা; নাৱধিকৰণ বিষয়ক ক্ষেত্ৰাধিকাৰ। ৯৬। এই সূচীত থকা বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত দিবলগীয়া ফিজ কিন্তু কোনো ন্যায়ালয়ত লোৱা ফিজ ইয়াৰ অন্তৰ্ভুক্ত নহয়। ৯৭। সূচী -২ বা সূচী -৩ ৰ ক'তো উল্লেখ নকৰা যিকোনো কৰ সহ এই সূচীসমূহত প্ৰগণিত নোহোৱা আন যিকোনো বিষয়। সূচী -২- বাজ-সূচী !! ১। সাৰ্বজনিক ব্যৱস্থা (কিন্তু অসামৰিক প্ৰশাসনৰ সহায়ত্ৰৰ বাবে [সংঘৰ নৌ, স্থল বা বিমান বাহিনী বা আন কোনো সশস্ত্ৰ বাহিনী অথবা সংঘব নিয়ন্ত্ৰণাধীন আন যিকোনো বাহিনীৰ বা তাৰ কোনো কন্টিজেন্ট বা য়ুনিটৰ প্ৰয়োগ ] অন্তৰ্গত নকৰাকৈ)। ১। সংবিধান (যষ্ঠ সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ২| সংবিধান (যষ্ঠ চৰিংশ সংশোধন) আধিনিয়ম, ১৯৮২ ৰ ধাৰা ৫ ৰ দ্বাৰা (২-২-১৯৮৩ ৰ পৰা) অন্তঃস্থাপিত। ৩। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম,১৯৭৬ ৰ ধাৰা:৫৭ ৰ দ্বাৰা (ত-১-১৯৭৭ ৰ পৰা) কিছুমান শব্দৰ বাবে প্ৰতিষ্ঠাগিত। :