পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান সপ্তম অনুসূচী ৭৪। সংসদৰ প্ৰত্যেকটো সদনৰ, প্ৰত্যেক সদনৰ সদস্য সকলৰ আৰু সমিতি সমূহৰ ক্ষমতা, বিশেষাধিকাৰ আৰু উযুক্তি সমূহ, সংসদৰ সমিতি সমূহত বা সংসদৰ দ্বাৰা নিযুক্ত আয়োগৰ আগত সাক্ষ্য দিবলৈ বা দস্তাবেজ দাখিল কৰিবলৈ ব্যক্তি সকলৰ উপস্থিতি বাধ্য কৰোৱা। ৭৫। ৰাষ্ট্ৰপতি আক বাজপাল সকলৰ উপলব্ধিসমূহ, ভাত্তাসমূহ, বিশেষাধিকাৰ সমূহ আৰু অনুপস্থিতি ছুটী সম্বন্ধীয় অধিকাৰ সমূহ, সংঘৰ মন্ত্ৰীসকলৰ বেতন আৰু ভাত্তা সমূহ; নিয়ন্ত্ৰক- মহালেখা পৰীক্ষকৰ বেতন, ভাত্তা আৰু অনুপস্থিতি ছুটী সম্বন্ধীয় অধিকাৰ সমূহ আৰু অন্যান্য সেৱা-চৰ্ত্ত সমূহ। ৭৬ | সংঘৰ আৰু ৰাজ্য বিলাকৰ হিচাপ পৰীক্ষা। ৭৭। উচ্চতম ন্যায়ালয়ৰ গঠন,সংগঠন, ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা (যাৰ অন্তৰ্গত সেইন্যায়ালয়ক অৱমাননা কৰাও হব) আৰু তাত লোৱা ফিজ; উচ্চতম ন্যায়ালয়ত ওকালতি কৰিবলৈ হাৰ ব্যক্তি সকল। ৭৮। উচ্চ ন্যায়ালয় সমূহৰ পদাধিকাৰী আৰু সেৱক সকলৰ বাবে কৰ| উপবন্ধৰ ব্যতিৰেকে উচ্চ ন্যায়ালয় সমূহৰ গঠন আৰু সংগঠন [ যাৰ অন্তৰ্গত বন্ধও হব ]; উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ হাব ব্যক্তিসকল। [ ৭৯। কোনো উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ যিকোনো সংঘ বাজ্যক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰা বা তেনে কোনো ৰাজ্যক্ষেত্ৰ কোনো উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ পৰা বহিৰ্ভূত কৰা।] ৮০। কোনো বাজ্যৰ আৰক্ষী বাহিনীৰ সদস্য সকলৰ ক্ষমতা আৰু ক্ষেত্ৰাধিকাৰ সেই ৰাজ্যৰ বহিৰ্ভূত কোনো অঞ্চললৈ সম্প্ৰসবণ, কিন্তু এখন ৰাজ্যৰ আৰক্ষী বাহিনীয়ে সেই ৰাজ্যৰ বহিৰ্ভূত কোনো অঞ্চলত সেই অঞ্চল অন্তৰ্ভুক্ত থকা ৰাজ্যখনৰ চৰকাৰৰ সন্মতি বিনা তেওঁলোকৰ ক্ষমতা আক ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰিবলৈ সমৰ্থবান কৰি নহয়; যিকোনো ৰাজ্যৰ আৰক্ষী বাহিনীৰ সদস্যসকলৰ ক্ষমতা আৰু ক্ষেত্ৰাধিকাৰ সেই ৰাজ্যৰ বহিৰ্ভূত ৰেল পথ অঞ্চললৈ সম্প্ৰসাৰণ। ৮১। অন্তৰাজ্যিক প্ৰব্ৰজন; অন্ত্ৰবাজ্যিক নিবোধন। ৮২। কৃষিজাত আয়ৰ বাহিৰে আন আয়ৰ ওপৰত কৰ। ৮৩। বপ্তানি-শুল্কক আন্তৰ্ভুক্ত কৰি সীমা শুল্ক সমূহ। ৮৪। ভাৰতত নিৰ্মিত বা উৎপাদিত ধপাত আৰু অন্যান্য বস্তুৰ ওপৰত উৎপাদন শুল্ক, যাৰ অন্তৰ্গত --- (ক) মানৱ উপভোগৰ বাবে মদ্যসাবিক পানীয় 3 (খ) আফিং, ভাং আৰু অন্যান্য নিদ্ৰাকৰ্যক ভেযজ আৰু নিদ্ৰাকৰ্ষক দ্ৰব্য সমূহ নহব, কিন্তু মদ্যসাৰ অথবা এই প্ৰবিষ্টিৰ (খ) উপদফাত তৰ্ভুক্ত যিকোনো পদাৰ্থ অন্তৰ্বিষ্ট থকা ঔযধীয় আৰু প্ৰসাধনীয় প্ৰস্তুতি ইয়াৰ অন্তৰ্ভুক্ত হব। ৮৫। নিগম কব। ১। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ধাৰা ১২ ৰ দ্বাৰা (ভূতলক্ষী প্ৰভাৱেৰে) অন্তঃস্থাপিত। ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ধাৰা ২৯ আৰু আনুসূচীৰ দ্বাৰা প্ৰবিষ্ট ৭৯ ৰ বাবে প্ৰতিষ্ঠাপিত।