পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান সপ্তম অনুসূচী ৬২। এই সংবিধানৰ প্ৰাৰম্ভণিত ৰাষ্ট্ৰীয় পুস্তকালয়, ভাৰতীয় সংগ্ৰহালয়, সাম্ৰাজ্যিক যুদ্ধ- সংগ্ৰহালয়, ভিক্টোৰীয়া-স্মাৰক আৰু ভাৰতীয় যুদ্ধ-স্মাৰক নামে জ্ঞাত সংস্থা সমূহ আৰু ভাৰত চৰকাৰৰ দ্বাৰা পূৰ্ণতঃ বা ভাগতঃ আৰ্থ-সাহায্য দিয়া আৰু সংসদে বিধিৰ দ্বাৰা জাতীয় মহত্ত্বপূৰ্ণ সংস্থা বুলি ঘোষিত কৰা তেনেকুৱা সংস্থাসমূহ। ৬৩। এই সংবিধানব প্ৰাৰম্ভণিত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়, আলিগড় মুচলিম বিশ্ববিদ্যালয় আৰু [ দিল্লী বিশ্ববিদ্যালয় নামে জ্ঞাত সংস্থা সমূহ[ অনুচ্ছেদ ৩৭১ (ঙ) ৰতানুসৰণত স্থাপিত বিশ্ববিদ্যালয় ] আৰু সংসদে বিধিব দ্বাৰা জাতীয় মহত্ত্বপূৰ্ণ সংস্থা বুলি ঘোষিত কৰা আন কোনো সংস্থা। ৬৪। ভাৰত চৰকাৰৰ দ্বাৰা পূৰ্ণতঃ বা ভাগতঃ অৰ্থ সাহাৰ্য্য দিয়া আৰু সংসদে বিধিৰ দ্বাৰা ৰাষ্ট্ৰীয় মহত্ত্বপূৰ্ণ সংস্থা বুলি ঘোষিত কৰা বৈজ্ঞানিক বা কাৰিকৰী শিক্ষাৰ সংস্থা সমূহ। ৬৫ | সংঘ অভিকৰণ আৰু সংস্থা সমূহ য'ত--- (ক) আবক্ষী পদাধিকাৰী সকলক প্ৰশিক্ষণকে ধৰিবৃত্তিগত,ব্যৱসায়িক বা কাৰিকৰী প্ৰশিক্ষণ দিয়া হয়; অথবা (খ) বিশেষ অধ্যয়ন বা গৱেষণাৰ উন্নয়ন কৰা হয়; অথবা (গ) অপৰাধৰ অনুসন্ধান বা অপৰাধ ধবা পেলোৱাৰবাবে বৈজ্ঞানিক বা কাৰিকৰী সাহায্য দিয়া হয়। ৬৬। উচ্চ-শিক্ষাৰ বা গৱেষণা সংস্থা সমূহৰ আৰু বৈজ্ঞানিক আৰু কাৰিকৰী সংস্থা সমূহৰ সমন্বয়ন আৰু মান নিৰ্দ্ধাৰণ। ৬৭। [ সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা বা তাৰ অধীনত ৰাষ্ট্ৰীয় মহত্ত্বপূৰ্ণ বুলি ঘোষিত] প্ৰাচীন আৰু ঐতিহাসিক স্মৃতি স্তম্ভ আৰু অভিলেখ সমূহ আৰু পূতাত্ত্বিক স্থান আৰু অৱশেষ সমূহ। ৬৮। ভাৰতৰ জৰীপ, ভূ-তাত্ত্বিক, উদ্ভিদ বিদ্যা বিষয়ক, প্ৰাণী বিদ্যা বিষয়ক আৰু নৃতত্ত্ব বিষয়ক ভাৰতব জৰীপ সমূহ, অন্তৰীক্ষ বিদ্যা সম্বন্ধীয় সংগঠন সমূহ। ৬৯ | জনগণনা। ৭০। সংঘব লোক সেৱা সমূহ, সৰ্বভাৰতীয় সেৱা সমূহ, সংঘব লোক সেৱা আয়োগ। ৭১। সংঘৰ অৱসৰ বেতন সমূহ, অৰ্থাৎ ভাৰত চৰকাৰৰ দ্বাৰা বা ভাৰতৰ সঞ্চিত নিধিৰ পৰা দিবলগীয়া অৱসব বেতন সমূহ। ৭২। সংসদলৈ, বাজাসমূহৰ বিধান মণ্ডল সমূহলৈ আৰু ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচন সমূহ, নিৰ্বাচন আয়োগ। ৭৩ | সংসদ সদস্য সকলৰ, ৰাজ্য সভাৰ সভাপতি আৰু উপসভাপতিৰ আৰু লোক সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বেতন আৰু ভাঙা সমূহ। ১। সংবিধান (দ্বাত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৩ৰধাবা ৪ৰদ্বাৰা আৰু দিল্লী বিশ্ববিদ্যালয়” ৰ বাবে (১-৭-১৯৭৪ ৰ পৰা) প্ৰতিষ্ঠাপিত। ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৭ ধাৰাৰ দ্বাৰা “সংসদৰ দ্বাৰা বিধিৰ দ্বাৰা ঘোষিত” কথাখিনিৰ বাবে প্ৰতিষ্ঠাপিত।