পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৪ ভাৰতৰ সংবিধান সপ্তম অনুসূচী . ৪১। বিদেশী ৰাষ্ট্ৰৰ সৈতে বেপাৰ-বাণিজ্য, শুল্ক সীমান্তৰ সিপাৰে কৰা আমদানি আৰু ৰপ্তানি; শুল্ক সীমান্তৰ পৰিনিশ্চয়। ৪২। অন্তৰাজ্যিক বেপাৰ-বাণিজ্য। ৪৩। বেংকিং, বীমা আৰু বিত্তীয় নিগমকে ধৰি কিন্তু সমবায় সমিতি সমূহক বাদ দি আন বেপেৰুৱা নিগম সমূহৰ নিগমন, বিনিয়মন আৰু পৰিসমাপন। ৪৪। একেখন ৰাজ্যতে সীমাবদ্ধ হৈ নথকা উদ্দেশ্যে হোৱা নিগম সমূহৰ নিগমন, বিনিয়মন আৰু পৰিসমাপন-লাগিলে সেইবোৰে বেপাৰ কৰকেই বা নককেই কিন্তু বিশ্ববিদ্যালয় সমূহ ইয়াৰ অন্তৰ্গত নহব। ৪৫। বেংকিং। ৪৬। বিনিময়-পত্ৰ, চেক, বচন-পত্ৰ আৰ এনে ধৰণৰ অন্যান্য লেখ্য সমূহ। ৪৭। বীমা। ৪৮। ষ্টক একচেঞ্জ আৰু ভবিষ্যত বজাৰ। ৪৯। পেটেন্ট, আৱিষ্কাৰ আৰু ডিজাইন সমূহ; প্ৰতিলিপ্যধিকাৰ, বেপাৰ-চিহ্ন আৰু পণ্যদ্ৰব্য- চিহ্ন। ৫০। ওজন আৰু মাগৰ মান স্থাপন। ৫১। ভাৰতৰ বাহিৰলৈ ৰপ্তানি হবলগীয়া বা এখন ৰাজ্যৰ পৰা আন এখনলৈ পৰিবহণ কৰিবলগীয়া বস্তুৰ গুণৰ মান স্থাপন। ৫২। উদ্যোগ সমূহ, যিবিলাকৰ নিয়ন্ত্ৰণ লোক স্বাৰ্থৰ খাতিৰত সংঘৰ দ্বাৰা হোৱা সমীচীন বুলি সংসদে বিধিৰ দ্বাৰা ঘোষিত কৰে। ৫৩। তৈলক্ষেত্ৰ আৰু খনিজ তেল সম্পদ সমূহৰ বিনিয়মন আৰু বিকাশ; পেট্ৰোলিয়াম আৰু পেট্ৰোলিয়াম উৎপাদন, সংসদে বিধিৰ দ্বাৰা বিপদজনক ভাবে প্ৰজ্বালক বুলি ঘোষিত কৰা অন্যান্য তৰল পদাৰ্থ আৰু দ্ৰব্য। ৫৪। এনে সীমা পৰ্যন্ত খনিৰ বিনিয়মন আৰু খনিজ সম্পদৰ বিকাশ সাধন যি সীমা পৰ্যন্ত এনে বিনিয়মন আৰু বিকাশ সাধন লোক স্বাৰ্থৰ খাতিৰত সংঘৰ নিয়ন্ত্ৰণাধীন হোৱাটো সমীচীন বুলি সংসদে বিধিৰ দ্বাৰা ঘোষিত কবে। ৫৫। খনি আৰু তৈলক্ষেত্ৰ সমূহত শ্ৰমিক আৰু নিৰাপত্তাৰ বিনিয়মন। ৫৬। এনে সীমা পৰ্যন্ত অন্তৰাজ্যিক নদী আৰু নদী-উপত্যকা সমূহৰ বিনিয়মন আৰু বিকাশ সাধন যি সীমা পৰ্যন্ত এনে বিনিয়মন আৰু বিকাশ সাধন লোক স্বাৰ্থৰ খাতিৰত সংঘৰ নিয়ন্ত্ৰণাধীন হোৱাটো সমীচীন বুলি সংসদে বিধিৰ দ্বাৰা ঘোষিত কৰে। ৫৭। ৰাজ্যক্ষেত্ৰাধীন জলভাগৰ বাহিৰত মাছ ধৰা আৰু মীনক্ষেত্ৰ। ৫৮। সংঘৰ অভিকৰণ সমূহৰ দ্বাৰা নিমখৰ উৎপাদন, সৰববাহআৰু বিতৰণ, আন আন অভিকৰণৰ দ্বাৰা কৃত নিমখৰ উৎপাদন, সৰববাহ আৰু বিতৰণৰ বিনিয়মন আৰু নিয়ন্ত্ৰণ। ৫৯। আফিঙৰ খেতি, উৎপাদন আৰু ৰপ্তানিৰ বাবে বিক্ৰী। ৬০। প্ৰদৰ্শনীৰ বাবে চিনেমা ফিল্মৰ মঞ্জুৰী। ৬১। সংঘৰ অধীনস্থ কৰ্মচাৰী সকলৰ সম্বন্ধত হোৱা ঔদ্যোগিক বিবাদ।