পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অনুসূচী [অনুচ্ছেদ ২৪৬ ] সূচী -১-সংঘ -সূচী ১। প্ৰতিৰক্ষাৰ বাবে প্ৰস্তুতি আৰু যুদ্ধৰ সময়ত যুদ্ধৰ পৰিচালনাত আৰু যুদ্ধৰ সমাপ্তিৰ পিচত সফলতা পূৰ্ব্বক সৈন্য বিনিয়োজনত সহায়ক হব পৰা এনে সকলো কাৰ্যক অন্তৰ্ভুক্ত কৰি ভাৰত আৰু ইয়াৰ প্ৰত্যেক ভাগৰ প্ৰতিৰক্ষা। ২| নৌ, স্থল আৰু বিমান বাহিনী, সংঘৰ আন কোনো সশস্ত্ৰ বাহিনী। [ ২ ক। সংঘৰ কোনো সশস্ত্ৰ বাহিনী বা সংঘৰ নিয়ন্ত্ৰণাধীন আন কোনো বাহিনী বা তাৰ কোনো কন্টিজেন্ট বা য়ুনিটক কোনো ৰাজ্যত অসামৰিক শক্তিক সহায় কৰিবলৈ অভিনিয়োজন; এনে অভিনিয়োজনৰ কালত এনে বাহিনীৰ সদস্যসকলৰ ক্ষমতা, অধিকাৰিতা, বিশেষাধিকাৰ আৰু দায়িত্ব। ৩। সেনানিবাস অঞ্চল সমূহৰ পৰিসীমা, তেনে অঞ্চল সমূহত স্থানীয় স্বায়ত্ত শাসন, সেই অঞ্চল সমূহৰ ভিতৰত সেনানিবাস প্ৰাধিকাৰীব গঠন আৰু ক্ষমতা, আৰু তেনে অঞ্চল সমুহত (ঘ-ভাড়া নিয়ন্ত্ৰণকে ধৰি) নিবাস গৃহৰ বিনিয়মন। ৪। নৌ, স্থল আৰু বিমান বাহিনীৰ কাবখানা। ৫। অস্ত্ৰ-শস্ত্ৰ, আগ্নেয়াস্ত্ৰ, গোলা-বাৰুদ আৰু বিস্ফোৰক সমূহ। ৬। পৰমাণু শক্তি আৰু ইয়াৰ উৎপাদনৰ বাবে আৱশ্যকীয় খনিজ সম্পদ সমূহ। ৭। প্ৰতিক্ষাৰ প্ৰয়োজনৰ বাবে অথবা যুদ্ধ পৰিচালনাৰ বাবে সংসদে বিধিৰ দ্বাৰা আৱশ্যকীয় বুলি ঘোষণা কৰা উদ্যোগ সমূহ। ৮। কেন্দ্ৰীয় গুপ্তবাৰ্তা আৰু অনুসন্ধান ব্যুৰো। ৯।প্ৰতিক্ষা, বৈদেশিক বিষয় অথবা ভাৰতৰ সুৰক্ষা সম্বন্ধীয় কাৰণত নিবাৰ নিৰোধ, এনেদৰে নিৰুদ্ধ ব্যক্তিসকল। ১০। বৈদেশিক বিষয় সমূহ; কোনো বিদেশী ৰাষ্ট্ৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ সম্বন্ধ ঘটাব পৰা, সকলো বিষয়। ১১। জনয়িক, কচিউলাৰ আৰু বেপাৰ সম্বন্ধীয় প্ৰতিনিধিত্ব। ১২। সংযুক্ত ৰাষ্ট্ৰসংঘ। ১৩। অন্তৰাষ্ট্ৰীয় সন্মিলন, সংস্থা আৰু অন্যান্য নিকায় সমূহত ভাগ লোৱা আৰু তাত লোৱা সিদ্ধান্ত সমূহৰ কাৰ্যায়ন। ১৪। বিদেশী ৰাষ্ট্ৰৰ লগত সন্ধি আৰু কৰাৰ সম্পাদন কৰা আৰু বিদেশী ৰাষ্ট্ৰৰ লগত কৰা হোৱা সন্ধি, কৰাৰ আৰু অভিসময় সমূহৰ কাৰ্যায়ন। ১৫ যুদ্ধ আৰু শান্তি। ১৬। বৈদেশিক ক্ষেত্ৰাধিকাৰ। ১৭ নাগৰিকত্ব, দেশীয়কৰণ আৰু অন্যদেশীয় ব্যক্তি সকল। ১৮| প্ৰত্যৰ্পণ। ১৯। ভাৰতত প্ৰবেশ আৰু ভাৰতৰ পৰা উত্প্ৰবাস আৰু বহিষ্কাৰ; পাৰ-পত্ৰ আৰু ভিচা। ২০। ভাৰতৰ বাহিৰৰ স্থানলৈ তীৰ্থযাত্ৰা। ২১। মহা সমুদ্ৰ বা আকাশত সংঘটিত জলদস্যুতা আৰু অপৰাধ, ৰাষ্ট্ৰ সমূহৰ বিধিৰ বিৰুদ্ধে স্থল বা মহাসমুদ্ৰ বা আকাশত কৰা অপবাধ সমূহ। ২২। ৰেল। ১। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৫৭ ৰ দ্বাৰা অন্তঃস্থাপিত (৩-১-৭৭ তাংৰ পৰা)।