পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী [ ২০ খ ক। কৃত্য নিৰ্বহনত ৰাজ্যপালৰ দ্বাৰা স্ববিবেচনামূলক মতাৱলীৰ প্ৰয়োগ — ৰাজ্যপালে এই অনুসূচীৰ দফা ১ ৰ উপদফা (২) আৰু (৩), উপদফা (১), (৬) প্ৰথম বক্তৃক বহিৰ্ভূত কৰি, উপদফা (ক) আৰু দফা ২ ৰ উপদফা (৭), দফা ৩ ৰ উপদফা (৩), দফা ৪ ৰ উপদফা ৪, দফা ৫, দফা ৬ উপদফা (১), দফা ৭ ৰ উপদফা (২), দফা ৮ উপদফা (৪), দফা ৯ ৰ উপদফা (৩), দফা ১০ বউপদফা (৩), দফা ১৪ ৰ উপদফা (১), দফা ১৫ ৰ উপদফা (১) আৰু দফা ১৬ উপদফা (১) আৰু (২) ৰ অধীনত কৃত্য সমূহ নিৰ্বহন কৰোতে মন্ত্ৰী পৰিষদ আৰু যথাস্থিতি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ বা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সৈতে পৰামৰ্শ কৰাৰ পিচত তেওঁৰ স্ববিবেচনানুযায়ী প্ৰয়োজনীয় বুলি বিবেচনা কৰা তেনে ব্যৱস্থা গ্ৰহণ কৰিব।] ২০ গ।নিৰ্বচন—এই সম্পৰ্কে কৰা হোৱা কোনো উপবন্ধ সাপেক্ষে এই অনুসূচীৰ উপৱন্ধসমূহ মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰত প্ৰয়োগৰ বেলিকা এনেদৰে প্ৰভাৱী হ’ব -- (১) যেন ৰাজ্যৰ ৰাজ্যপাল আৰু চৰকাৰৰ প্ৰতি থকা নিৰ্দেশে অনুচ্ছেদ ২৩৯ৰ অধীনত নিযুক্ত সংঘৰাজ্যক্ষেত্ৰৰ প্ৰশাসকৰ প্ৰতি থকা নিৰ্দেশ বুজায়, ৰাজ্যৰ প্ৰতি থকা নিৰ্দেশে{ৰাজ্যখনৰ চৰকাৰ এই শব্দৰ ব্যতিৰেকে) মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰতি থকা নিৰ্দেশ বুজায় আৰু ৰাজ্য বিধান মণ্ডলৰ প্ৰতি থকা নিৰ্দেশে মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান সভাৰ প্ৰতি থকা নিৰ্দেশ বুজায়; (২) যেন – (ক) দফা ৪ৰ উপদফা (৫)ত সংশ্লিষ্ট ৰাজ্যখনৰ চৰকাৰৰ লগত পৰামৰ্শ কৰাৰ বাবে থকা উপবন্ধ লোপ কৰা হৈছে (খ) দফা ৬ ৰ উপদফা (২) ত থকা “যি পৰ্য্যন্ত ৰাজ্যখনৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত আছে” এই কথা খিনিৰ পৰিৱৰ্ত্তে “যিবিলাকৰ সম্বন্ধত মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান সভাৰ বিধি প্ৰণয়ন ক্ষমতা আছে” এই কথাখিনি প্ৰতিস্থাপিত কৰা হৈছে। (গ) দফা ১৩ ত থকা অনুচ্ছেদ ২০২ ৰ অধীনত’ এই কথাখিনি লোপ কৰা হৈছে।] ২১। অনুসূচীৰ সংশোধন --- (১) সংসদে সময়ে সময়ে বিধিৰ দ্বাৰা এই অনুসূচীৰ উপবন্ধ সমূহৰ যিকোনোটো সংযোজন, পৰিৱৰ্তন বা নিৰসনৰ ৰূপত সংশোধন কৰিব পাৰে আৰু যেতিয়া এই অনুসূচী তেনেদৰে সংশোধিত হয় তেতিয়া এই সংবিধানত থকা অনুসূচীৰ প্ৰতি থকা কোনো নিৰ্দেশক এনেদৰে সংশোধিত এনে অনুসূচীৰ প্ৰতি এই নিৰ্দেশ বুলি অৰ্থ কৰা হব। (২) এই দফাৰ উপদফা (১) ত উল্লিখিত এনে কোনো বিধি, অনুচ্ছেদ ৩৬৮ ৰ প্ৰয়োজনৰ বাবে এই সংবিধান সংশোধন বুলি গণ্য কৰা নহব। ! ১। সংবিধান যষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৯৫ৰ দ্বাৰা অন্তঃস্থাপিত।