পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

! ২২০ ভাৰ সংবিধান যষ্ঠ অনুসূচী (ক) মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰত বিহিত তাৰিখৰ অব্যবহিত পূৰ্বে বিদ্যমান প্ৰত্যেকটো স্বায়ত্ত শাসিত অঞ্চল সেই তাৰিখত আৰু সেই তাৰিখৰ পৰা:সেই সংঘ ৰাজ্যক্ষেত্ৰৰ একোখন স্বায়ত্ত শাসিত জিলা হব (ইয়াৰ পিচত তস্থানীয় নতুন জিলা বুলি উল্লিখিত) আৰু তাৰ প্ৰশাসকে এক বা ততোধিক আদেশৰ দ্বাৰা নিৰ্দেশ দিব পাৰে যে এই অনুসূচীৰ দফা ২০‘ত সেই দফাত সংলগ্ন তালিকাৰ ভাগ ৩ ক অন্তৰ্গত কৰি) এনে পাৰিণামিক সংশোধন কৰা হব যিবিলাক এই খণ্ডৰ উপবন্ধ সমূহ প্ৰভাৱী কৰিবলৈ আৱশ্যক হয় আৰু তাৰ পিচত উক্ত দফা আৰু উক্ত ভাগ- ৩ তদনুসাৰ সংশোধিত হোৱা বুলি গণ্য কৰা হব। (খ) মিজোৰাম, সংঘ ৰাজ্যক্ষেত্ৰত বিহিত তাৰিখৰ অব্যৱহিত পূৰ্ব্বে বিদ্যমান কোনো স্বায়ত্তশাসিত অঞ্চলৰ প্ৰত্যেকখন আঞ্চলিক পৰিষদ (ইয়াৰ পিচত বিদ্যমান আঞ্চলিক পৰিষদ বুলি উল্লিখিত).সেই তাৰিখত আৰু সেই তাৰিখৰ পৰা আৰু তৎস্থানীয় নতুন জিলাখনৰ বাবে জিলা পৰিষদ এখন গঠন নকৰা পৰ্য্যন্ত সেই জিলাখনৰ জিলা পৰিষদ বুলি গণ্য কৰা হব পিচত তৎস্থানীয় নতুন জিলা পৰিষদ বুলি উল্লিখিত)। (২) কোনো বিদ্যমান আঞ্চলিক পৰিষদৰ নিৰ্বাচিত বা মনোনীত প্ৰত্যেকজন সদস্য তৎস্থানীয় নতুন জিলা পৰিদলৈ নিৰ্বাচিত বা যথাস্থিতি, মনোনীত বুলি গণ্য কৰা হব আৰু এই অনুসূচীৰ অধীনত তৎস্থানীয় নতুন জিলাখনৰ বাবে জিলা পৰিষদ এখন গঠিত নোহোৱা পৰ্য্যন্ত পদ ধাৰণ কৰি থাকিব। (৩) তৎস্থানীয় নতুন জিলা পৰিষদৰ দ্বাৰা এই অনুসূচীৰ দফা ২ ৰ উপদফা (৭) আৰু দফা ৪ ৰ উপদফা (৪) ৰ অধীনত নিয়মাৱলী প্ৰণয়ন নকৰা পৰ্য্যন্ত, উক্ত উপবন্ধ সমূহৰ অধীনত বিদ্যমান আঞ্চলিক পৰিষদৰ দ্বাৰা প্ৰণীত আৰু বিহিত তাৰিখৰ অব্যবহিত পূৰ্ব্বে বলবত্ থকা নিয়মাৱলী তৎস্থানীয় নতুন জিলা পৰিষদৰ সম্বন্ধত এনে অনুকূলন সাল-সলনি সাপেক্ষে প্ৰভাৱী হব যিবিলাকনেকি মিজোৰাম সংঘ ৰাজ্য ক্ষেত্ৰৰ প্ৰশাসকে টেনে নিয়মাৱলীত কৰিব খোজে। (৪) মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসকে এক বা ততোধিক আদেশৰ দ্বাৰা নিম্নোক্ত বিষয় সমূহৰ সকলোবোৰ বা যিকোনোটোৰ সম্বন্ধত উপবন্ধ কৰিব পাবে, যেনে --- (ক) বিদ্যমান আঞ্চলিক পৰিষদৰ বিভৱ, 'অধিকাৰ-আৰু দায়িত্ব সমূহ (যাৰ অন্তৰ্গত পৰিষদৰ দ্বাৰা সম্পাদিত কোনো সংবিদাৰ অধীনত থকা অধিকাৰ আৰু দায়িত্ব সমূহে হব) সম্পূৰ্ণতঃ অথবা ভাগতঃ তৎস্থানীয় নতুন জিলা পৰিষদলৈ হস্তান্তৰ কৰাৰ সম্বন্ধত; (খ) বিদ্যমান আঞ্চলিক পৰিষদ পক্ষভুক্ত থকা কোনো বিধিক কাৰ্যবাহীত বিদ্যমান আঞ্চলিক পৰিষদৰ পৰিৱৰ্ত্তে তুৎস্থানীয় নতুন জিলা পৰিষদক পক্ষভুক্ত কৰাৰ . . সম্বন্ধত; (গ) বিদ্যমান আঞ্চলিক পৰিষদৰ কোনো কৰ্মচাৰীক তৎস্থানীয় নতুন জিলা পৰিষদলৈ স্থানান্তৰণ কৰা অথবা নতুন জিলা পৰিষদৰ দ্বাৰা পুনৰ্নিয়োজন কৰা, এনে স্থানান্তৰণ বা পুৰ্নৰ্নিয়োজনৰ পিচত এনে কৰ্মচাৰী সকলৰ প্ৰতি প্ৰযোজ্য সেৱাৰ নিবন্ধন আৰু চৰ্ত্ত সমূহৰ সম্বন্ধত; (ঘ) বিদ্যমান আঞ্চলিক পৰিষদৰ দ্বাৰা প্ৰণীত আৰু বিহিত তাৰিখৰ অব্যবহিত পূৰ্ব্বে বলবৎ হৈ থকা কোনো বিধি সমূহ, সম বিধান মণ্ডল বা আনকোনো সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা পৰিৱৰ্ত্তন, নিৰসন বা সংশোধন নকৰা পৰ্য্যন্ত প্ৰশাসকে এই মৰ্মে নিৰসনৰ দ্বাৰা বা সংশোধনৰ দ্বাৰা কৰা কোনো অনুকূলন বা সালসলনি সাপেক্ষে প্ৰৱৰ্তিত হৈ থাকিবলৈ দিয়াৰ সম্বন্ধত; (ঙ) এনে আনুষংগিক,পৰিণামিক আৰু অনুপুৰক বিষয় সমূহৰ সম্বন্ধত যি বিলাকনেকি প্ৰশাসকে আৱশ্যকীয় বিবেচনা কৰে।