পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান। যষ্ঠ অনুসূচী [২০ক। মিজো জিলা পৰিষদৰ বিঘটন -(১) এই অনুসূচীত যিকোনো কথা থকা সত্ত্বেও, বিহিত তাৰিখৰ অব্যবহিত পূৰ্বে বিদ্যমান মিজো জিলাৰ জিলা পৰিষদখন (ইয়াৰ পিচত মিজো জিলা পৰিষদ বুলি উল্লিখিত) বিঘটিত হব আৰু বিদ্যমান হৈ নাথাকিব। (২) মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসকে এক বা ততোধিক আদেশৰ দ্বাৰা নিম্নোক্ত বিষয় সমুহৰ সকলোবোৰ বা যিকোনোটোৰ সম্বন্ধত উপবন্ধ কৰিব পাৰে, যেনেঃ-~~, (ক) মিজো জিলা পৰিষদ বিভৰ, অধিকাৰ আৰু দায়িত্ব সমূহ (যাৰ অন্তৰ্গত পৰিষদৰ দ্বাৰা সম্পাদিত কোনো সংবিদাৰ অধীনত থকা অধিকাৰ আৰু দায়িত্ব সমূহো হব) সম্পূৰ্ণতঃ অথবা ভাগত ও সংঘলৈ বা আন যিকোনো প্ৰাধিকাৰীলৈ হস্তান্তৰণ কৰাৰ সম্বন্ধত;. (খ) মিজোজিলা পৰিষদ পক্ষভূক্ত থকা কোনো বিধিক কাৰ্য্যবাহীত মিজো জিলা পৰিষদৰ পৰিবৰ্ত্তে সংঘক বা আন যিকোনো প্ৰাধিকাৰীক পক্ষভুক্ত কৰা অথবা সংঘ বা আন, যিকোনো প্ৰাধিকাৰীক পক্ষ হিচাপে যোগ দিয়াৰ সম্বন্ধত; (গ) মিজো জিলা পৰিষদৰ কোনো কৰ্মচাৰীক সংঘ বা আন যিকোনো প্ৰাধিকাৰীৰ অধীনলৈ স্থানান্তৰণ কৰা অথবা তেওঁলোকৰ দ্বাৰা পুনৰ্নিয়োজন কৰা, এনেস্থানান্তৰণ বা পুনৰ্নিয়োজনৰ পিচত এনেকৰ্মচাৰী সকলৰ প্ৰতি প্ৰযোজ্য সেৱাৰ নিবন্ধন আৰু চৰ্ত্ত সমূহৰ সম্বন্ধত; (ঘ) মিজো জিলা পৰিষদৰ দ্বাৰা প্ৰণীত আৰু পৰিষদ বিঘটন হোৱাৰ অব্যবহিত পূৰ্বে বলবৎ হৈ থকা বিধি সমূহ, সক্ষম বিধান মণ্ডল বা আন কোনো সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা পৰিৱৰ্তন, নিৰসন বা সংশোধন নকৰা পৰ্যান্ত প্ৰশাসকে এই মৰ্মে নিৰসনৰ দ্বাৰা বা সংশোধনৰ দ্বাৰা কৰা কোনো আনুকূলন বা সালসলনি সাপেক্ষে প্ৰৱৰ্ত্তিতহৈ থাকিবলৈ দিয়াৰ সম্বন্ধত; (ঙ) এনে আনুষংগিক, পাৰিণামিক আৰু অনুপূৰক বিষয় সমূহৰ সম্বন্ধত যিবিলাকনেকি প্ৰশাসকে আৱশ্যকীয় বুলি বিবেচনা কৰে। স্পষ্টীকৰণ — এই অনুসূচীৰ এই দফাত আৰু দফা ২০ খ ত “বিহিত তাৰিখ” পদে সেই তাৰিখক বুজাব যি তাৰিখে সংঘ ৰাজ্যক্ষেত্ৰৰশাসন অধিনিয়ম, ১৯৬৩ ৰ অধীনত আৰু তাৰ উপবন্ধ অনুসাৰে মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান সভা সম্যক ৰূপে গঠন কৰা হব। ২( ২০ খ। মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ স্বায়ত্ত শাসিত অঞ্চল সমূহ স্বায়ত্ত শাসিত জিলা হোৱা আৰু তাৰ পাৰিণামিক ন্তকালীন উপবন্ধ সমূহ –(১) এই অনুসূচীত যিকোনো কথা থকা সত্ত্বেও,

১।সংঘ ৰাজ্যক্ষেত্ৰৰ শাসন (সংশোধন) অধিনিয়ম, ১৯৭১(১৯৭১ ৰ ৮৩)ৰ ধাৰা ১৩ ৰ দ্বাৰা (২৯-৪-১৯৭২ ৰ পৰা) দফা ২০ কৰ বাবে প্ৰতিষ্ঠাপিত। ২। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৮৮ (১৯৮৮ ৰ ৬৭) ৰ ধাৰা ২ ৰ দ্বাৰা ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যত প্ৰয়োগ কৰাত দফা ২০ খ-ৰ পিচত নিম্নলিখিত দফা অন্তঃস্থাপিত কৰা হৈছে, অৰ্থাৎ ঃ- ২০ খ।ৰাজ্যপালৰ দ্বাৰা তেওঁৰ কৃতসমূহৰ নিৰ্বহণত স্ববিবেচনামূলক ক্ষমতা সমূহৰ প্ৰয়োেগ -ৰাজ্যপালে, এই অনুসূচীৰ দফা ১ ৰ উপদফা (২) আৰু উপদফা (৩) , দফা ২ৰ উপদফা (১) আৰু উপদফা (৭), দফা ৩ ৰ উপদফা (৩) দফা ৫, দফা ৬ৰ উপদফা (১), দফা ৭ৰ উপদফা (২), দফা ৯ৰ উপদফা (৩) দফা ১৪ৰ উপদফা (১) দফা ১৫ৰ উপদফা (১) আৰু দফা ১৬ৰ উপদফা (১) আৰু উপদফা (২)ৰ অধীনত তেওঁৰ কৃত্য সমূহৰ নিৰ্বহণত মন্ত্ৰী পৰিষদৰ সৈতে আৰু যদি তেওঁ এইটো উচিত বিবেচনা কৰে, তেতিয়া সংশ্লিষ্ট জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ লগত পৰামৰ্শ কৰাৰ পিচত এনে কাৰ্য্য কৰিব যিটো তেওঁ স্ববিবেকানুসাৰে আৱশ্যক বিবেচনা কৰে।