পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ষষ্ঠ অনুসূচী (খ) ৰাজ্যপালে, সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা এই বুলি নিৰ্দেশ দিব পাৰে যে এই উপদফাৰ খণ্ড (ক) ৰ উপবন্ধসমূহ প্ৰয়োগ নোহোৱা ত্ৰিপুৰা ৰাজ্যৰ বিধান মণ্ডলৰ স্বায়ত্বশাসিত জিলাৰ কোনো অধিনিয়ম সেই ৰাজ্যৰ কোনো স্বায়ত্ত শাসিত জিলাত বা কোনো স্বায়ত্ত শাসিত অঞ্চলত প্ৰয়োগ নহব অথবা এনে জিলাত বা তেনে অঞ্চলত বা তাৰ কোনো ভাগ বিশেষত এনে ব্যতিক্ৰম বা পৰিৱৰ্তন সাপেক্ষে প্ৰয়োগ হব যিবিলাক নেকি ৰাজ্যপালে অধিসূচনাখনত বিনিৰ্দিষ্ট কৰি দিয়ে। (গ) সংসদৰ কোনো অধিনিয়মৰ সম্বন্ধত ৰাষ্ট্ৰপতিয়ে অধিসূচনাৰ দ্বাৰা নিৰ্দেশ দিব পাৰে যে ত্ৰিপুৰা ৰাজ্যৰ স্বায়ত্ব শাসিত জিলাত বা কোনো স্বায়ত্ত্ব শাসিত অঞ্চলত ইয়াৰ প্ৰয়োগ নহ'ব, অথবা তেনে জিলা বা অঞ্চল বা তাৰ কোনো ভাগত এনে ব্যতিক্ৰম বা পৰিবৰ্ত্তন সাপেক্ষে প্ৰয়োগ হ'ব যিবিলাক নেকি অধিসূচনাত বিনিৰ্দিষ্টকৰি দিয়ে আৰু এনে কোনো নিৰ্দেশভুতলক্ষী প্ৰভাৱ হোৱাকৈ দিব পাৰিব। [১২ খামিজোৰাম ৰাজ্যৰ স্বায়ত্তশাসিত জিলা আৰু স্বায়ত্তশাসিত অঞ্চলসমূহত সংসদ আৰু মিজোৰাম ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়মসমূহৰ প্ৰয়োগ – এই সংবিধানত কোনো কথা থকা সত্বেও,- (ক) কোনো জিলা পৰিষদে বা আঞ্চলিক পৰিষদে বিধি প্ৰণয়ন কৰিব পৰা বিষয় বুলি এই অনুসূচীৰ দফাত তবিনিদ্দিষ্ট বিষয় সমূহৰ সম্বন্ধত মিজোৰাম ৰাজ্যৰ বিধান মণ্ডলৰ কোনো অধিনিয়ম আৰু অপৰিশ্ৰুত সুসাৰ যুক্ত মদ্যপান নিষিদ্ধ কৰিবা তাৰ ওপৰত নিবন্ধন আৰোপ কৰি মিজোৰাম ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো অধিনিয়ম সেই ৰাজ্যৰ কোনো স্বায়ত্ত শাসিত জিলা আৰু অঞ্চলত প্ৰয়োগ নহব যদিহে তেনে জিলাৰ বাবে থকা বা তেনে অঞ্চলৰ ওপৰত ক্ষেত্ৰাধিকাৰ থকা জিলা পৰিষদে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা তাৰ প্ৰয়োগ হব বুলি নিৰ্দেশ নিদিয়ে আৰু কোনো অধিনিয়মৰ সম্বন্ধত জিলা পৰিষদে এনে অধিসূচনা দিওঁতে এই বুলি নিৰ্দেশ দিব পাৰে যে অধিনিয়মখন তেনে জিলা বা ঞ্চল অথবা তাৰ কোনো ভাগ বিশেষত প্ৰয়োগ কৰোতে এনে ব্যতিক্ৰম বা পৰিৱৰ্তন সাপেক্ষে হব যিবিলাক নেকি এনে পৰিষদে উপযুক্ত বিবেচনা কৰে; (খ) ৰাজ্যপালে, সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা এই বুলি নিৰ্দেশ দিব পাৰে য়ে এই উপদফাৰ খণ্ড (ক) উপবন্ধসমূহপ্ৰয়োগ নোহোৱা মিজোৰামৰাজ্যৰ স্বায়ত্ত শাসিত জিলাৰ কোনো অধিনিয়ম সেই ৰাজ্যৰ কোনো স্বায়ত্ত শাসিত জিলাত বা কোনো স্বায়ত্ত শাসিত অঞ্চলত প্ৰয়োগ নহব অথবা এনে জিলাত বা অঞ্চলত বা তাৰ কোনো ভাগ বিশেষত এনে ব্যতিক্ৰম বা পৰিৱৰ্তন সাপেক্ষে প্ৰয়োগ হব যিবিলাক নেকি ৰাজ্যপালে অধিসূচনাখনত বিনিৰ্দিষ্ট কৰি দিয়ে। (গ) সংসদৰ কোনো অধিনিয়মৰ সম্বন্ধত ৰাষ্ট্ৰপতিয়ে অধিসূচনাৰ দ্বাৰা নিৰ্দেশ দিব পাৰে যে মিজোৰাম সংঘ ৰাজ্যক্ষেত্ৰৰ কোনো স্বায়ত্তশাসিত জিলাত বা স্বায়ত্ত শাসিত অঞ্চলত ইয়াৰ প্ৰয়োগ নহব, অথবা তেনে জিলা বা অঞ্চল বা তাৰ কোনো ভাগত এনে ব্যতিক্ৰম বা পৰিৱৰ্তন সাপেক্ষে ইয়াৰ প্ৰয়োগ হব যিবিলাকনেকি অধিসূচনাত বিনিৰ্দিষ্টকৰি দিয়ে আৰু এনে কোনো নিৰ্দেশ ভূতলক্ষী প্ৰভাৱ হোৱাকৈও দিব পাৰিব।]]

১৩! স্বায়ত্ত শাসিত জিলা সম্বন্ধীয় প্ৰাক কলিত প্ৰাপ্তি আৰু ব্যয় বাৰ্ষিক বিত্তীয় বিৱৰণত

পৃথককৈ দেখুৱাব লাগিব --- ২ * ৰাজ্যৰ সঞ্চিত নিধিত জমা হবলগীয়া বা তাৰ পৰা ব্যয় কৰিবলগীয়া কোনো স্বায়ত্ত শাসিত জিলা সম্বন্ধীয় প্ৰাক্কলিত প্ৰাপ্তি আৰু ব্যয় সমূহ প্ৰথমে জিলা পৰিষদৰ আগত আলোচনাৰবাবে দাঙি ধৰিব লাগিব আৰু তেনে আলোচনাৰ পিচত অনুচ্ছেদ ২০২ ৰ অধীনত ৰাজ্যৰ বিধান মণ্ডলত দাখিল কৰিবৰ বাবে ৰাজ্যখনৰ বাৰ্ষিক বিত্তীয় বিৱৰণত পৃথককৈ দেখুৱাব লাগিব। ক *

১।সংঘ ৰাজ্যক্ষেত্ৰৰ চৰকাৰ (সংশোধন) অধিনিয়ম, ১৯৭১ (১৯৭১ৰ ৮৩)ৰ ধাৰা ১৩ৰ দ্বাৰা পূৰ্বৰ দফা ১২খৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত (২৯-৪-৭২ৰ পৰা)। ২। উত্তৰ-পূৱ অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ৰ ৮১)ৰ ধাৰা ৭১(ঝ) আৰু অষ্টম অনুসূচী দ্বাৰা “অসম” পদ লোপ কৰা হৈছে (২১-১-৭২ তাংৰ পৰা)।