পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১২ ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী (২) এই দফাৰ উপদফা (১) ৰ অধীনত দিয়া যিকোনো নিৰ্দেশ ভূতলক্ষী প্ৰভাৱ হোৱাকৈ দিব পাৰিব। [১২ক।মেঘালয় ৰাজ্যৰ স্বায়ত্ব শাসিত জিলা আৰু স্বায়ত্ব শাসিত অঞ্চল সমূহত সংসদ আৰু মেঘালয় ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়ম সমূহৰ প্ৰয়োগ -এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও, (ক) যদি এই অনুসূচীৰ দফা ৩ৰ উপদফা (১) ত বিনিৰ্দিষ্ট যিকোনো বিষয়ৰ সম্বন্ধত মেঘালয় ৰাজ্যৰ কোনো জিলা বা আঞ্চলিক পৰিষদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ যিকোনো উপবন্ধ অথবা যদি এই অনুসূচীৰ দফা ৮ বা দফা ১০ ৰ অধীনত সেই ৰাজ্যৰ জিলা পৰিষদ বা কোনো আঞ্চলিক পৰিষদৰ দ্বাৰা প্ৰণীত কোনো বিনিয়মৰ যিকোনো উপবন্ধ সেই বিষয়টোৰ সম্বন্ধত, মেঘালয় ৰাজ্যৰ বিধান মন্ডলৰ দ্বাৰা প্ৰণীত বিধিৰ যিকোনো উপবৃন্ধৰ বিৰুদ্ধ হয়, তেনেহলে জিলা পৰিষদৰ দ্বাৰা বা যথাস্থিতি আঞ্চলিক পৰিষদৰ দ্বাৰা প্ৰণীত বিধি বা বিনিয়ম বিৰোধৰ মাত্ৰা পৰ্য্যন্ত বাতিল হ’ব - লাগিলে তেনে বিধি বা বিনিয়ম মেঘালয় ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধিৰ আগতেই প্ৰণীত হওক বা পিচতেই প্ৰণীত হওক, আৰু মেঘালয় ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধি অভিভাৱী হব; (খ) সংসদৰ কোনো অধিনিয়মৰ সম্বন্ধত ৰাষ্ট্ৰপতিয়ে অধিসূচনাৰ দ্বাৰা নিৰ্দেশ দিব পাৰে যে মেঘালয় ৰাজ্যৰ কোনো স্বায়ত্ত শাসিত জিলাত বা স্বায়ত্তশাসিত অঞ্চলত ইয়াৰ প্ৰয়োগ নহব,অথবা তেনে জিলা বা অঞ্চল বা তাৰ কোনো ভাগত এনে ব্যতিক্ৰম বা পৰিৱৰ্তন সাপেক্ষে প্ৰয়োগ হব যিবিলাকনেকি অধিসূচনাত বিনিৰ্দিষ্ট কৰি দিয়ে আৰু এনে কোনো নিৰ্দেশ ভূতলক্ষী প্ৰভাৱ হোৱাকৈ দিব পাৰিব।] ২[১২কক। ত্ৰিপুৰা ৰাজ্যৰ স্বায়ত্তশাসিত জিলা আৰু স্বায়ত্ত শাসিত অঞ্চলসমূহত সংসদ আৰু ত্ৰিপুৰা ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়ম সমূহৰ প্ৰয়োগ - এই সংবিধানত কোনো কথা থকা সত্বেও, (ক) কোনো জিলা পৰিষদে বা আঞ্চলিক পৰিষদে বিধি প্ৰণয়ন কৰিব পৰা বিষয় বুলি এই অনুসূচীৰ দফা ৩ ত বিনিৰ্দিষ্ট বিষয়সমূহৰ সম্বন্ধত ত্ৰিপুৰা ৰাজ্যৰ বিধান মণ্ডলৰ কোনো অধিনিয়ম, আৰু অপৰিশ্ৰুত সুসাৰ যুক্ত মদ্যপান নিষিদ্ধ কৰি বা তাৰ ওপৰত নিবন্ধন আৰোপ কৰি ত্ৰিপুৰা ৰাজ্যৰ বিধান মণ্ডলৰদ্বাৰা প্ৰণীত কোনো অধিনিয়ম সেই ৰাজ্যৰ কোনো স্বায়ত্ত শাসিত জিলা আৰু অঞ্চলত প্ৰয়োগ নহব যদিহে তেনে জিলাৰ বাবে থকা বা তেনে অঞ্চলৰ ওপৰত ক্ষেত্ৰাধিকাৰ থকা জিলা পৰিষদে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰ| তাৰ প্ৰয়োগ হব বুলি নিৰ্দেশ নিদিয়ে, আৰু কোনো অধিনিয়মৰ সম্বন্ধত জিলা পৰিষদে এনে অধিসূচনা দিওঁতে এই বুলি'নিৰ্দেশ দিব পাৰে যে অধিনিয়মখন তেনে জিলা বা অঞ্চল অথবা তাৰ কোনো ভাগ বিশেষত প্ৰয়োগ কৰোতে এনে ব্যতিক্ৰম বা পৰিৱৰ্তন সাপেক্ষে হব যিবিলাক নেকি এনে পৰিষদে উপযুক্ত বিবেচনা কৰে; ১। উত্তৰ-পূবঅঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ৰ ৮১)ৰ ধাৰা ৭১(ক) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-৭২ তাংৰ পৰা) দফা ১২ কৰ বাবে প্ৰতিষ্ঠাপিত। ২।সংবিধানৰ ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৮৮ (১৯৮৮ ৰ ৬৭) ৰ ধাৰা ২ৰ দ্বাৰা দফা ১২কক আৰু ১২ খৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। দফা ১২ কক সংবিধান (উনপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ ৰ ধাৰা ৪ দ্বাৰা (১-৪-১৯৮৫ৰ পৰা) অন্তঃস্থাগিত কৰা হৈছিল।