পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী ১২।[ অসম ৰাজ্যৰ স্বায়ত্ত শাসিত জিলা আৰু স্বায়ত্ত শাসিত অঞ্চল সমূহত সংসদৰ আৰু অসম ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়ম সমূহৰ প্ৰয়োগ] এই সংবিধানত যি কোনো কথা থকা সত্ত্বেও—-

(ক) কোনো জিলা পৰিষদে বা আঞ্চলিক পৰিষদে বিধি প্ৰণয়ন কৰিব পৰা বিষয় বুলি [এই

অনুসূচীৰ দফা ৩ বা দফা ৩ কত বিনিৰ্দিষ্ট বিষয় সমূহ ] ৰ সম্বন্ধত [ অসম ৰাৰ্জৰ বিধান মণ্ডলৰ]কোনো অধিনিয়ম, আৰু অপৰিশ্ৰুত সুৰাসাযুক্ত মদ্যপান নিষিদ্ধ কৰি তাৰ ওপৰত নিবন্ধন আৰোপ কৰি [ অসম ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো অধিনিয়ম [সেই ৰাজ্যৰ ] কোনো স্বায়ত্ত শাসিত জিলা আৰু অঞ্চলত প্ৰয়োগ নহব যদিহে তেনে জিলাৰ বাবে থকা বা তেনে অঞ্চলৰ ওপৰত ক্ষেত্ৰাধিকাৰ থকা জিলা পৰিষদে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা তাৰ প্ৰয়োগ হব বুলি নিৰ্দেশ নিদিয়ে, আৰু কোনো অধিনিয়মৰ সম্বন্ধত জিলা পৰিষদে এনে অধিসূচনা দিওঁতে এই বুলি নিৰ্দেশ দিব পাৰে যে অধিনিয়মখন তেনে জিলা বা অঞ্চল অথবা তাৰ কোনো ভাগ বিশেষত প্ৰয়োগকৰোতে এনে ব্যতিক্ৰম বা পৰিৱৰ্তন সাপেক্ষে হব যিবিলাকনেকি পৰিষদে উপযুক্ত বিবেচনা (খ) ৰাজ্যপালে, সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা এই বুলি নিৰ্দেশ দিব পাৰে যে এই উপদফাৰ খণ্ড (ক) ৰ উপবন্ধ সমূহ প্ৰয়োগ নোহোৱা সংসদৰ বা "[ অসম ৰাজ্যৰ বিধান মণ্ডলৰ ] কোনো অধিনিয়ম [ সেই ৰাজ্যৰ ] কোনো স্বায়ত্ত শাসিত জিলাত বা কোনো স্বায়ত্ত শাসিত অঞ্চলত প্ৰয়োগ নহব অথবা এনে জিলাত বা অঞ্চলত বা তাৰ কোনো ভাগ বিশেষত এনে ব্যতিক্ৰম বা পৰিৱৰ্ত্তন সাপেক্ষে প্ৰয়োগ হব যিবিলাকনেকি ৰাজ্যপালে অধিসূচনাখনত বিনিৰ্দিষ্ট কৰি দিয়ে। ১। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ৰ ৮১)ৰ ধাৰা ৭১ (ঝ) আৰু অষ্টম অনুসুচীৰ দ্বাৰা (২১-১-৭১ ৰ পৰা) শীৰ্ষকৰ বাবে প্ৰতিষ্ঠাপিত। ২। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম,১৯৯৫ ৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ৩। উত্তৰ-পূৱ অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১), ৰ ধাৰা ৭১(ঝ) আৰু অষ্টম অনুসুচীৰ দ্বাৰা (২১-১-১৯৭২ ৰ পৰা) “ৰাজ্যৰ বিধান মণ্ডল”ৰ বাবে প্ৰতিষ্ঠাপিত। : ৪। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ৮১) ৰ ধাৰা ৭১(ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-১৯৭২ ৰ পৰা) অন্তঃস্থাপিত।