পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২০৭ ষষ্ঠ অনুসূচী (i) উপদফা (১) “এই অনুসূচীৰ দফা ৫ উপদফা (১)ৰ উপবন্ধ সমূহপ্ৰযোজ্য হোৱা বাদ আৰু মোকদ্দমা সমূহৰ বাহিৰে, তেনেক্ষেত্ৰৰ অন্তৰ্গত কেৱল অনুসূচিত জনজাতি পক্ষভূক্ত হোৱা” এই শব্দাৱলীৰ ঠাইত “এই অনুসূচীৰ দফা ৫ ৰ উপদফা (১) ত উল্লিখিত প্ৰকৃতিৰ বাদ আৰু মোকদ্দমা নোহোৱা, যিবিলাকনেকি ৰাজ্যপালে এই মৰ্মে বিনিৰ্দিষ্ট কৰি দিব পাৰে” এই শব্দাৱলী প্ৰতিষ্ঠাগিত; (ii) উপদফা (২) আৰু (৩) লোপ কৰা হৈছে; (iii) উপদফা (৪) ত - (ক) “আঞ্চলিক পৰিষদ বা যথাহিতি, জিলা পৰিষদে ৰাজ্যপালৰ পূৰ্বানুমোদন ক্ৰমে নিম্নলিখিত বিষয় সমূহ নিয়ন্ত্ৰিত কৰি নিয়মাৱলী প্ৰণয়ন কৰিব পাৰে” এই শব্দাৱলীৰ ঠাইত “বাজ্যপালে নিম্নলিখিত বিষয় সমূহ নিয়ন্ত্ৰিত কৰি নিয়মাৱলী প্ৰণয়ন কৰিব পাৰে” এই শব্দাৱলী প্ৰতিষ্ঠাপিত; আৰু (খ) খণ্ড (ক) ৰ পৰিৱৰ্তে নিম্নলিখিত খটো প্ৰতিষ্ঠাপিত, যেনে- “(ক) গাওঁ পবিদ আৰু ন্যায়ালয় সমূহৰ গঠন আৰু এই দফাৰ অধীনত সেইবিলাকে প্ৰয়োগ কৰিব লগীয়া ক্ষমতা সমূহ আৰু গাওঁ পবিদ আৰু ন্যায়ালয় সমূহৰ বিনিশ্চয় সমূহৰ বিৰুদ্ধে কোন ন্যায়ালয়ত তাগীল হব সেই ন্যায়ালয় সমূহ, (গ) খণ্ড (গ) পবিৱৰ্তে নিম্নলিখিত খণ্ডটো প্ৰতিষ্ঠাপিত, যেনে – “(গ) উপদফা (৫) ৰ অধীনত ৰাষ্ট্ৰপতিৰ দ্বাৰা নিয়ত তাৰিখৰ পৰা অব্যবহিত পূৰ্বে আঞ্চলিক বা জিলা পৰিষদৰ আগত অথবা এনে কোনো পৰিষদৰ দ্বাৰা গঠিত কোনো ন্যায়ালয়ৰ আগত বিচাৰাধীন হৈ থকা অপীল আক অন্যান্য কাৰ্য্যবাহী সমূহৰ হস্তান্তবণ”; আৰু (ঘ) খণ্ড (ঙ) ত “উপদফা (১) আৰু (২)” এই শব্দাৱলী, বন্ধনী আৰু সংখ্যা সমূহৰ পৰিৱৰ্ত্তে “উপদফা (১)” এই শব্দ, বন্ধনী আৰু সংখ্যা প্ৰতিষ্ঠাপিত।] ৫। কোনো কোনো বাদ, মোকদ্দমা আৰু অপৰাধ বিচাৰাৰ্থে আঞ্চলিক আৰু জিলা পৰিষদৰ ওপৰত আৰু কোনো কোনো ন্যায়ালয় আৰু পদাধিকাৰীৰ ওপৰত চিভিল প্ৰক্ৰিয়া সংহিতা, ১৯০৮ আৰু দণ্ড প্ৰক্ৰিয়া সংহিতা.১৮৯৮ৰ অধীনত ক্ষমতা অৰ্পণ-(১) কোনো স্বায়ত্ত শাসিত জিলা বা অঞ্চলত বলবৎ থকা আৰু ৰাজ্যপালে এই মৰ্মে বিনিৰ্দিষ্ট কৰি দিয়া এনে কোনো বিধিৰ পৰা উদ্ভুত বাদ বা মোকদ্দমা বিচাবৰ কাৰণে অথবা ভাৰতীয় দণ্ড সংহিতাৰ অধীনত বা এনে জিলা বা অঞ্চলত তৎসময় প্ৰযোজ্য আন কোনো বিধিৰ অধীনত মৃত্যুদণ্ড, যাবজ্জীৱন নিৰ্বাসন ৰা অনন পাঁচ বছৰ কাবাদণ্ডবে দণ্ডনীয় অপবাধ সমূহ বিচাৰ কাৰণে তেনে জিলা বা অঞ্চলত প্ৰাধিকাৰ থকা জিলা পৰিষদৰ ওপৰত ৰা আঞ্চলিক পৰিষদৰ ওপৰত অথবা তেনে জিলা পৰিষদৰ দ্বাৰা গঠিত ন্যায়ালয় সমূহৰ ওপৰত নাইবা ৰাজ্যপালৰ দ্বাৰা সেই মৰ্মে নিযুক্ত কোনো পদাধিকাৰীৰ ওপৰত চিভিল প্ৰক্ৰিয়া সংহিতা, ১৯০৮ বা যথাস্থিতি,দণ্ড প্ৰক্ৰিয়া সংহিতা, ১৮৯৮ অধীনত ৰাজ্যপালে এনে ক্ষমতা অৰ্পণ কৰিব পাৰে যিবিলাক নেকি তেওঁ সমুচিত বুলি বিবেচনা কৰে; আৰু তেতিয়া উক্ত পৰিষদ, ন্যায়ালয় বা পদাধিকাৰীয়ে এনেদৰে অৰ্পিত ক্ষমতা সমূহ প্ৰয়োগ কৰিবাদ, মোকদ্দমা বা অপৰাধ সমূহ বিচাৰ কৰিব। V (২) এই দফাব উপদফা (১) ৰ অধীনত জিলা পৰিষদ, আঞ্চলিক পৰিষদ, ন্যায়ালয় বা পদাধিকাৰীৰ ওপৰত অৰ্পিত ক্ষমতা সমূহৰ যিকোনোটোকে বাজ্যপালে প্ৰত্যাহাৰ বা সাল-সলনি কৰিব পাবে। (৩) এই দফাত অভিব্যক্ত ৰূপে উপবন্ধিত ব্যতিৰেকে, এই দফাৰ উপবন্ধ সমূহ প্ৰযোজ্য হোৱা কোনো স্বায়ত্তশাসিত জিলাত বা কোনো স্বায়ত্তশাসিত অঞ্চলত কোনো বাদ, মোকদ্দমা বা অপৰাধৰ বিচাবত চিভিল প্ৰক্ৰিয়া সংহিতা, ১৯০৮ আৰু দণ্ড প্ৰক্ৰিয়া সংহিতা, ১৮৯৮ প্ৰয়োগ নহব। ! ১। এতিয়া দণ্ড প্ৰক্ৰিয়া সংহিতা, ১৯৭৩ (১৯৭৪ ৰ ২) চাওঁক।