পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২০৫ যষ্ঠ অনুসুচী (ঙ) কৃষি শিক্ষা আৰু গৱেষণা অন্তৰ্ভুক্ত কৰি কৃষি, কীটৰ বিৰুদ্ধে সুৰক্ষা আৰু বৃক্ষ ৰোগৰ নিবাৰণ; (চ) মীন মহল; (ছ) পানী অৰ্থাৎ সপ্তম অনুসূচীৰ সূচী ১ ৰ প্ৰবিষ্টি ৫৬ ৰ উপবন্ধ সমূহ সাপেক্ষে, পানী যোগান, জলসিঞ্চন আৰু খাল,নলা আৰু মথাউৰি, পানী মজুতকৰণ আৰু জলবিদ্যুৎ, (জ) সামাজিক নিৰাপত্তা আৰু সামাজিক বীমা; নিয়োজন আৰু বেকাৰ; (ঝ) গাওঁ, ধাননি পথাৰ, বজাৰ চহৰ ইত্যাদি (কাৰিকৰী বিষয়ক নোহোৱা) ৰ বক্ষণৰ নিমিত্তে বান নিয়ন্ত্ৰণ আঁচনি সমূহ; (ঞ) সপ্তম অনুসূচীৰ সূচী ১ ৰ প্ৰবিষ্টি ৬০ ৰ উপবন্ধ সমূহ সাপেক্ষে নাট্যশালা আৰু নাট প্ৰদৰ্শন, কথাছবি; ক্ৰীড়া ৰঞ্জন আৰু আমোদ প্ৰমোদ; (ট) জনস্বাস্থ্য আৰু পৰিস্কাৰ পৰিছন্নতা, চিকিৎসালয় আৰু ঔষধালয়; (ঠ) ক্ষুদ্ৰ জলসিঞ্চন; (ড) খাদ্য সামগ্ৰী, গৰু মহৰ দানা, কেচা কপাহ আৰু কেচা মৰাপাটৰ বেপাৰ বাণিজ্য আৰু ইয়াৰ উৎপাদন, যোগান আৰু বিতৰণ; (ঢ) গ্ৰন্থাগাৰ, যাদুঘৰ আৰু চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু বিত্ত সাহায্য প্ৰাপ্ত অন্যান্য সদৃশ অনুস্থান সমূহ; প্ৰাচীন আৰু ঐতিহাসিক স্তম্ভ আৰু ৰাষ্ট্ৰীয় গুৰুত্ব থকা বুলি সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা অধীনত ঘোষিতবোৰৰ ব্যতিৰেকে অন্য অভিলেখ : সমূহ, আৰু (ণ) ভূমি হস্তান্তৰ। (২) দফা ৩ বা এই দফাৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা প্ৰণীত সকলো বিধি যিমান দূৰ পৰ্য্যন্ত সেইবোৰ সপ্তম অনুসূচীৰ সূচী ৩৩ বিনিৰ্দিষ্ট বিষয় সমূহৰ সম্বন্ধীয় হয় তৎকালেইৰাজ্যপালক দাখিল কৰিব যিজনে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ কাৰণে বিষয়টো ৰাখি থব। (৩) যেতিয়া কোনো বিধি ৰাষ্ট্ৰগতিৰ বিবেচনাৰ কাৰণে ৰখা হয়, ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব যে হয় তেওঁ উক্ত বিধিত সন্মতি দিছে বা সমতি প্ৰদানৰ পৰা বিৰত আছেঃ পৰন্তু, ৰাষ্ট্ৰপতিয়ে এই বিধি, এটা বাৰ্তাসহ যথাস্থিতি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ বা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিযদক ফ্ৰিৎ দিবলৈ ৰাজ্যপালক নিৰ্দেশ দিব পাৰে যে উক্ত পৰিষদে বিধি বা ইয়াৰ যিকোনো বিনিৰ্দিষ্ট উপবন্ধ পুনৰ বিবেচনা কৰিব আৰু বিশেষতঃ তেওঁৰ বাৰ্তাতে অনুমোদন কৰা হিচাবে এনে কোনো সংশোধনৰ প্ৰবৰ্তনৰ বাঞ্চনীয়তা বিবেচনা কৰিব আৰু যেতিয়া বিধি এনেদৰে ফিং পঠিওৱা হয়, উক্ত পৰিষদে এনে বাৰ্তাৰ প্ৰাপ্তিৰ তাৰিখৰ পৰা ছয়মাহৰ ভিতৰততদনুসাৰে বিধি বিবেচনা কৰিব আৰু যদিহেবিধি উক্ত পৰিষদৰ দ্বাৰা সংশোধন সহ বা বিনা সংশোধনে তেতিয়া পুনৰ পাৰিত কৰা হয়, ইয়াক ৰাষ্ট্ৰপতিক তেওঁৰ বিবেচনাৰ বাবে পুনৰ নিবেদন কৰা হব।] (৪) স্বায়ত্ত শাসিত জিলা আৰু স্বায়ত্ত শাসিত অঞ্চল সমূহত ন্যায় প্ৰশাসন ঃ- (১) অঞ্চলটোৰ ভিতৰত থকা ক্ষেত্ৰ সমূহৰ সম্বন্ধত স্বায়ত্ত শাসিত অঞ্চলটোৰ আঞ্চলিক পৰিষদে আৰু জিলাখনৰ ভিতৰত কোনো আঞ্চলিক পৰিষদ থাকিলে, তেনে আঞ্চলিক পৰিষদৰ প্ৰাধিকাৰত থকা কোনো ক্ষেত্ৰৰ ব্যতিৰেকে আন সকলো ক্ষেত্ৰৰ সম্বন্ধত স্বায়ত্ত শাসিত জিলাখনৰ