পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পঞ্চম অনুসূচী (৩) এই দফাৰ (২) উপদফত উল্লেখ কৰা এনে বিনিয়ম কৰোতে ৰাজ্যপালে ১* * * সংসদৰ বা ৰাজ্যৰ বিধান মণ্ডলৰ কোনো বিধি বা কোনো উক্ত ক্ষেত্ৰত প্ৰযোজ্য বৰ্তমানে চলিত বিধিব নিবসন বা সংশোধন কৰিব পাৰে। (৪) এই দফাব:অধীনত কৰা সকলো বিনিয়ম অনতিবিলম্বে ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব লাগিব আৰু যেতিয়ালৈকে তেখেতৰ দ্বাৰা ইয়াত অনুমতি প্ৰদান কৰা নহয় তেতিয়ালৈকে ই কাৰ্য্যকৰী নহব। {} এনে বিনিয়মকাৰী বাজপালে ১* # # # যি ৰাজ্যত জনজাতি মন্ত্ৰণাপৰিষদ থাকে সেই মন্ত্ৰণা পৰিষদৰ লগত পৰামৰ্শনকৰাকৈ এই দফাৰ অধীনত কোনো বিনিয়ম কৰিব নোৱাৰিব। ভাগ-গ অনুসূচিত ক্ষেত্ৰ ৬। অনুসূচিত ক্ষেত্ৰ- (১) এই সংবিধানত 'অনুসূচিত ক্ষেত্ৰসমূহ’ বুলিলে তেনে ক্ষেত্ৰক বুজাব যাক বাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা অনুসূচিত ক্ষেত্ৰ বুলি ঘোষণা কৰে। (২) ৰাষ্ট্ৰপতিয়ে যিকোনো সময়ত আদেশৰ দ্বাৰা,- (ক) নিৰ্দেশ দিব পাৰে যে, কোনো সমগ্ৰ অনুসূচিত ক্ষেত্ৰ বা তাৰ কোনো বিনিৰ্দিষ্ট ভাগ অনুসূচিত ক্ষেত্ৰ হিচাপে বা তেনে ক্ষেত্ৰৰ ভাগ হিচাপে পৰিগণিত নহব; > {(কক) সেই বাঙৰ বাজ্যপালৰ লগত পৰামৰ্শ কৰাৰ পিচত কোনো ৰাজ্যৰ কোনো অনুসূচিত ক্ষেত্ৰ বৃদ্ধি কৰিব পাবে;] (খ) কেৱল সীমাব পৰিশোধন স্বৰূপে কোনো অনুসূচিত ক্ষেত্ৰৰ পৰিৱৰ্তন কৰিব পাৰে; (গ) কোনো ৰাজ্যৰ সীমা পৰিৱৰ্তন বা সংঘত অন্তৰ্ভুক্ত কৰোতে বা নতুন ৰাজ্য গঠন কবোতে আগতে কোনো ৰাজ্যত অন্তৰ্ভুক্ত নকবা ৰাজ্যক্ষেত্ৰক অনুসূচিত ক্ষেত্ৰ বা তেনে অনুসূচিত ক্ষেত্ৰৰ ভাগ বিশেষ স্বৰূপে ঘোষণা কৰিব পাৰে {(ঘ) কোনো ৰাজ্য বা ৰাজ্য সমূহৰ সম্পৰ্কত এই দফাৰ অধীনত দিয়া যি কোনো আদেশ বা আদেশসমূহ বিখণ্ডিত কবিব পাৰে, আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ লগত পৰামৰ্শ কৰি অনুসূচিত ক্ষেত্ৰ হবলগীয়া ক্ষেত্ৰ সমূহ পুন:পৰি নিশ্চিত কৰি নতুন আদেশ দিব পাবে;] আৰু তেনে আদেশত ৰাষ্ট্ৰপতিয়ে প্ৰয়োজনীয় আৰু উচিত বোধ কৰা যি কোনো প্ৰাসংগিক অঝি আনুষংগিক উপবন্ধ থাকিব পাবে কিন্তু উপৰোক্তৰ বাহিৰে এই দফাৰ (১) উপদফাৰ অধীনত দিয়া আদেশক কোনো পৰৱৰ্তী আদেশেৰে পৰিৱৰ্তিত কৰিব নোৱাৰিব। 46 ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু তানুসূচীৰ দ্বাৰা ‘বা বাজপ্ৰমুখ” শব্দ দুটা লোপ কৰা হৈছে। ২। সংবিধান পঞ্চম অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৭৬ (১৯৭৬ ৰ ১০১)ৰ ধাৰা ২ ৰ দ্বাৰা অন্তস্থাপিত।