পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৮, ভাৰতৰ সংবিধান, পঞ্চম অনুসূচী (২) ৰাজ্যপালৰ দ্বাৰা ১ le * * * * ৰাজ্যৰ অনুসূচিত জনজাতিৰ কল্যাণ আৰু প্ৰগতি সম্পৰ্কীয় যিবোৰ বিষয় তেওঁ লোকলৈ প্ৰেৰণ কৰা হয় তেনেবোৰ বিষয়ে মন্ত্ৰণা দিয়াটো জনজাতি- মন্ত্ৰণা পৰিষদৰ কৰ্ত্তব্য হব। (৩) ৰাজ্যপালে- ২ *

(ক) পৰিষদৰ সদস্য সংখ্যা, সিবিলাকৰ নিযুক্তিৰ আৰু পৰিষদৰ সভাপতিৰ আৰু ইয়াৰ পদাধিকাৰী আৰু সেৱক সকলৰ নিযুক্তিৰ ৰীতি; (খ) ইয়াৰ বৈঠকৰ পৰিচালনা আৰু ইয়াৰ সাধাৰণ প্ৰক্ৰিয়া আৰু (গ) অন্যান্য সকলো প্ৰাসংগিক বিষয় যথাস্থিতি বিহিত বা বিনিয়মিত কৰি নিয়মাৱলী কৰিব পাৰে। (৫) অনুসূচিত ক্ষেত্ৰত প্ৰযোজ্য বিধি - (১) এই সংবিধানত যিকোনো বিধান থকা সত্ত্বেও ৰাজ্যপালে১ ** * * সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা নিৰ্দেশ দিব পাৰে যে, সংসদৰ বা ৰাজ্যৰ বিধান মণ্ডলৰ কোনো নিৰ্দিষ্ট অধিনিয়ম ৰাজ্যৰ কোনো অনুসূচিত ক্ষেত্ৰত ৰা তাৰ কোনো অংশবিশেষত প্ৰযোজ্য নহব বা ৰাজ্যৰ কোনো কোনো অনুসূচিত ক্ষেত্ৰত বা তাৰ কোনো অংশ বিশেষত অধিসূচনাত নিৰ্দিষ্টকুৰা তেনে ব্যতিক্ৰম আৰু পৰিৱৰ্তন সাপেক্ষেহে প্ৰযোজ্য হব আৰু এই উপদফাৰ অধীনত দিয়া কোনো নিৰ্দেশ ভূতলক্ষী প্ৰভাৱ হোৱাকৈ দিব পাৰে। (২) ৰাজ্যপালে ১* * * * কোনো ৰাজ্যৰ তৰ্কালীন অনুসূচিত ক্ষেত্ৰ হৈ থকা যিকোনো ক্ষেত্ৰৰ শান্তি আৰু সুশাসনাৰ্থে বিনিয়মন কৰিব পাবে। বিশেষকৈ, আৰু উপৰোক্ত ক্ষমতাৰ ব্যাপকতাৰ ওপৰত কোনো প্ৰতিকূল প্ৰভাৱ নেপেলাৱাকৈ এনে বিনিয়মে- (ক) তেনে ক্ষেত্ৰত অনুসূচিত জনজাতিৰ লোকৰ দ্বাৰা বা মাজত ভূমি-হস্তান্তৰৰ প্ৰতিষেধ বা নিবন্ধন কৰিব পাৰে; (খ) তেনে ক্ষেত্ৰত অনুসূচিত জনজাতিৰ লোকৰ মাজত ভুমিৰ আবণ্টনৰ বিনিয়মন, কৰিব পাৰে; (গ) যি ব্যক্তিয়ে তেনে ক্ষেত্ৰত অনুসূচিত জনজাতিৰ লোকক ধন ধাৰে দিয়ে তেনে ব্যক্তিৰ দ্বাৰা ঋণ দাতা হিচাপে কৰা কাৰবাৰৰ বিনিয়মন কৰিব পাৰে। ! ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম ১৯৫৬ - ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা যথাস্থিতি বা ৰাজ প্ৰমুখৰ শব্দ সমূহ লোপ কৰা হৈছে।" ... ২। উক্ত অধিনিয়মৰ উক্ত ধাৰা আৰু অনুসূচীৰ দ্বাৰাবাৰাজ প্ৰমুখে’ শব্দ দুটা লোপ কৰা হৈছে।