পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৭: পঞ্চম অনুসূচী [অনুচ্ছেদ ২৪৪(১)] অনুসূচিত ক্ষেত্ৰ আৰু অনুসূচিত জনজাতি সকলৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণ সম্বন্ধে উপবন্ধ সমূহ ভাগক সাধাৰণ [অসম, ১। নিৰ্ব্বন এই অনুসূচীত, প্ৰসঙ্গক্ৰমে অন্যথা প্ৰয়োজন নহলে, ৰাজ্য’ শব্দই [**] [[ মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য] ক অন্তৰ্ভুক্ত নকৰিব। ২। অনুসূচিত ক্ষেত্ৰত কোনো ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা-এই অনুসূচীৰ উপবন্ধ সাপেক্ষে কোনো ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা সেই ৰাজ্যৰ অনুসূচিত ক্ষেত্ৰতো বিস্তাৰ কৰিব। | অনুচিত ক্ষেত্ৰৰ প্ৰশাসন সম্বন্ধে ৰাজ্যপালৰ [* * *] দ্বাৰা ৰাষ্ট্ৰপতিক দিয়া প্ৰতিবেদন-অনুসচিত-ক্ষেত্ৰ থকা প্ৰত্যেকৰাজ্যৰ ৰাজ্যপালে ৫xxxx বছৰিবা যেতিয়াইৰাষ্ট্ৰপতিয়ে বিচাৰে তেতিয়াই ৰাষ্ট্ৰপতিক সেই ৰাজ্যৰ অনুসূচিত ক্ষেত্ৰৰ প্ৰশাসন সম্বন্ধে প্ৰতিবেদন দাখিল কৰিব আৰু সংঘৰ কাৰ্যপালিকা ক্ষমতা-উক্ত ক্ষেত্ৰ বিলাকৰ প্ৰশাসন সম্বন্ধে ৰাজ্যক নিৰ্দেশ দিয়া পৰ্য্যন্ত বিস্তাৰ কৰিব। অনুসূচিত ক্ষেত্ৰ আৰু অনুসূচিত জনজাতিৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণ ৪। জনজাতি মন্ত্ৰণ পৰিষদ-(১) অনুসূচিত ক্ষেত্ৰ থকা প্ৰতি ৰাজ্যত আৰু যদি ৰাষ্ট্ৰপতিয়ে তেনে নিৰ্দেশ দিয়ে অনুসূচিত জনজাতি থকা কিন্তু অনুসূচিত ক্ষেত্ৰ নথকা কোনো ৰাজ্যত অনধিক বিশ জন সদস্যৰে এখন জনজাতি মন্ত্ৰণা পৰিষদ স্থাপন কৰিব যাৰ যথাসম্ভৱ তিনি-চতুৰ্থাংশ সদস্য সেই ৰাজ্যৰ বিধান সভাৰ অনুসূচিত জনজাতিৰ প্ৰতিনিধি হব? পৰস্তু, যদি সেই ৰাজ্যৰ বিধান সভাত থকা অনুসূচিত জনজাতিৰ প্ৰতিনিধিৰ সংখ্যা জনজাতি- মন্ত্ৰণা পৰিষদত এনে প্ৰতিনিধিৰ দ্বাৰা পূৰাব লগীয়া আসনৰ সংখ্যাতকৈ কম হয় তেনেহলে বাকী আসন তেনে জনজাতিৰ অন্যান্য সদস্যৰ দ্বাৰা পূৰণ কৰিব। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “প্ৰথম অনুসূচীৰক বা খভাগত বিনিদ্দিষ্টৰাজ্য সমূহক অৰ্থ কৰিব কিন্তু এই কথাখিনি লোপকৰা হৈছে। ২। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১)ৰ ধাৰা ৭১ ৰদ্বাৰা (২১-১-৭২ তাংৰ পৰা) “অসম ৰাজ্যৰ বাবে প্ৰতিস্থাপিত। ৩। মিজোৰাম ৰাজ্য অধিনিয়ম ১৯৮৬ (১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৩৯ ৰ দ্বাৰা “মেঘালয় আৰু ত্ৰিপুৰাৰ বাবে (২০-২-১৯৮৭ ৰ পৰা প্ৰতিষ্ঠাপিত)। 1 . . . ৪।সংবিধান (উনপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ ৰধাৰা ৩ ৰ দ্বাৰা (১-৪-১৯৮৫ ৰ পৰা) আৰু “মেঘালয়ৰ বাবে প্ৰতিষ্ঠাপিত।'.. ৫। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬'ব ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা বা ৰাজ প্ৰমুখ’ শব্দ বাজি লোপ কৰা হৈছে।