পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান, । তৃতীয় অনুসুচী, ৰাজ্যৰ বিধান মণ্ডলৰ সদস্যৰ দ্বাৰা লবলগীয়া শপত বা প্ৰতিজ্ঞানৰ প্ৰপত্ৰ ----- “মই ক, খই বিধান সভাৰ (বা বিধান পৰিষদৰ ) সদস্য নিৰ্বাচিত (বা মনোনীত) হোৱাত, ঈশ্বৰৰ নামত শপত খাই কওঁ নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰো যে, বিধিৰ দ্বাৰা স্থাপনা-কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম, মই ভাৰতৰ প্ৰভূত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম।” VIII উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা লবলগীয়া শপত বা প্ৰতিজ্ঞনৰ প্ৰপত্ৰ - “মই ক, খই। ত (বা ৰ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি (বা ঈশ্বৰৰ নামত শপত খাই কওঁ ন্যায়াধীশ) ৰূপে নিযুক্ত হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰে। যে, বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোযণ কৰিম, [ মই ভাৰৰ প্ৰভূত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম ] আৰু ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সম্যক ৰূপে আৰু শ্ৰদ্ধাপূৰ্বক, আৰু মোৰ পূৰ্ণযোগ্যতা, জ্ঞান আৰু বিবেক অনুসাৰে মোৰ পদকৰ্ত্তব্য পালন কৰিম আৰু সংবিধান আৰু বিধি সমূহৰ মৰ্য্যাদা ৰক্ষা কৰিম।” ১।সংবিধান (ষষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৫ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।