পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ ভাৰতৰ সংবিধান দ্বিতীয় অনুসূচী ৮|[ * * *] [ কোনো ৰাজ্যৰ বিধান সভাৰ অধ্যক্ষক আৰু উপাধ্যক্ষক আৰু বিধান পৰিষদৰ সভাপতিক আৰু উপসভাপতিক তেনে বেতন আৰু ভাত্তা দিয়া হব যি এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্ব্বে ক্ৰমে স্থানীয় প্ৰদেশৰ বিধান সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক আৰু বিধান পৰিষদৰ সভাপতি:আৰুউপ-সভাপতিক দিবলগীয়া হৈছিল আৰু যত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে ততৃস্থানীয় প্ৰদেশ বিধান পৰিষদ নাছিল তাত সেই ৰাজ্যৰ ৰাজ্যপালে নিৰ্দ্ধাৰণ কৰা অনুসাৰে সেই ৰাজ্যৰ বিধান পৰিষদৰ সভাপতিক আৰু উপসভাপতিক বেতন:আৰু ভত্তা, দিয়া হব। ভাগ -ঘ উচ্চতম ন্যায়ালয়ৰ আৰু গ

উপবন্ধ:

  • ] উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ সম্বন্ধে

৯(১) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকল প্ৰকৃত সেৱাত ব্যয় কৰা সময়ৰ সম্বন্ধত মাহিলি তলত দিয়া:নিৰিখত বেতন, দিয়া:হব, অৰ্থাৎ মুখ্য-ন্যায়াধিপতি, তি? --:[১০,০০০ টকা]. অন্যান্য

  • [৯০০০ টকা).
  • .

পৰস্তু, যদি উচ্চতম ন্যায়ালয়ৰ কোনো ন্যায়াধীশে তেখেতৰ নিযুক্তিৰ সময়ত ভাৰত চৰকাৰৰ বা ইয়াৰ পূৰ্ববৰ্তী আন কোনো চৰকাৰৰ অধীনত বা কোনো ৰাজ্য চৰকাৰৰ বা ইয়াৰ পূৰ্ববৰ্তী কোনো চৰকাৰৰ অধীনত কৰা পূৰ্ব্ববৰ্তী সেৱাৰ সম্বন্ধত কোনো অৱসৰ বেতন (নিযোগ্যতা বা আহত অৱসৰ বেতনৰ বাহিৰে) পাই থাকে তেনেহলে উচ্চতম ন্যায়ালয়ৰ সেৱাৰ সম্বন্ধত তেখেতৰ বেতন – [কে),সেই অৱসৰ:বেতনৰ ৰাশি পৰিমাণে, আৰু (খ) যদি তেখেতে এনে নিযুক্তিৰ পূৰ্বে এনে পূৰ্বৰ সেৱাৰ সম্বন্ধত তেখেতক দিবলগীয়া অৱসৰ বেতনৰ কোনো প্ৰভাগৰ বদলি তাৰ সলনিকৃত মূল্য প্ৰাপ্ত কৰে, তেনেহলে অৱসৰ. বেতনৰ সেই প্ৰভাগৰ ৰাশি পৰিমাণে, আৰু (গ).যদি তেখেতে এনে নিযুক্তিৰ পূৰ্ব্বে এনে পূৰ্বৰ সেৱাৰ সম্বন্ধত কোনো নিবৃত্তি উপদান প্ৰাপ্ত কৰে, তেনেহলে সেই নিবৃত্তি উপদানৰ সমমূল্যৰ অৱসৰ বেতনৰ পৰিমাণে, হ্ৰাস কৰা হ'ব। (২) উচ্চতম ন্যায়ালয়ৰ প্ৰত্যেক ন্যায়াধীশে কোনো ভাৰা নিদিয়াকৈ পদাবাস ব্যৱহাৰ কৰাৰ হকদাৰ হব। ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু তানুসূচীৰ দ্বাৰা প্ৰথম অনুসূচীৰ ক ভাগত বিনিৰ্দিষ্ট কোনো ৰাজ্যৰ এই কথাখিনি লোপ কৰা হৈছে। ২। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা এনে ৰাজ্যৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত। ৩। উক্ত অধিনিয়মৰ ২৫ ধাৰা আৰু অনুসূচীৰ দ্বাৰা প্ৰথম অনুসূচীৰ ভাগৰ ৰাজ্যসমূহৰ, এই কথাখিনি লোপ কৰা হৈছে। ৪। সংবিধান (চতুঃপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৪ ৰ ".. দ্বাৰা (১-৪-১৯৮৬ ৰ পৰা প্ৰভাৱী.হোৱাকৈ) ৫,০০০ টকাৰ বাবে প্ৰতিষ্ঠাপিত। ৫। সংবিধান (চতুঃপঞ্চাশত্তম সংশোধন) অধিনিয়ম,১৯৮৬-(১৯৮৬ ৰ ৩৪) ৰ ধাৰাৰ : দ্বাৰা (১-৪-১৯৮৬ ৰ পৰা প্ৰভাৱী হোৱাকৈ) “৪,০০০ টকাৰ বাবে প্ৰতিষ্ঠাপিত। ৬। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৫ৰ দ্বাৰা প্ৰতিষ্ঠাপিত।