পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮০ নাম ১| অন্ধ্ৰ প্ৰদেশ ২। অসম [প্ৰথম অনুসূচী ৰাজ্য সমূহ (অনুচ্ছেদ ১ আৰু ৪). ৰাজ্যক্ষেত্ৰ সমূহ [ অন্ধ ৰাজ্য অধিনিয়ম, ১৯৫৩ ৰ৩ ধাৰাৰ (১) উপধাৰাত, ৰাজ্য পুনগঠন অধিনিয়ম, ১৯৫৬ ৰ ৩ ধাৰাৰ (১) উপধাৰাত, অন্ধ্ৰ প্ৰদেশ আৰু মাদ্ৰাজ (সীমা পৰিৱৰ্ত্তন) অধিনিয়ম, ১৯৫৯ ৰ প্ৰথম অনুসূচীব আৰু অন্ধ্ৰ প্ৰদেশ আৰু মহীশূৰ (ৰাজ্যক্ষেত্ৰ হস্তান্তৰণ) অধিনিয়ম, ১৯৬৮ অনুসূচীত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ, কিন্তু অন্ধ্ৰ প্ৰদেশ আৰু মাদ্ৰাজ (সীমা পৰিৱৰ্তন) অধিনিয়ম,১৯৫৯ ৰ দ্বিতীয় অনুসূচীত বিনিদ্দিষ্টৰাজ্যক্ষেত্ৰ সমূহ ইয়াৰ বৰ্হিভূত হব।] এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে অসম প্ৰদেশ, খাচীৰাজ্য সমূহ আৰু অসম জনজাতি ক্ষেত্ৰ সমূহত সমাবিষ্ট ৰাজ্যক্ষেত্ৰ সমূহত ৩ [ * * * ] কিন্তু অসম ( সীমা পৰিৱৰ্ত্তন) অধিনিয়ম,১৯৫১ ৰ অনুসূচীত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ, *[* * * ] [ আৰু নগালেণ্ড ৰাজ্য অধিনিয়ম, ১৯৬২ ৰ ৩ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ ] [আৰু উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৫, ৬ আৰু ৭ ত বিনিদ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহইয়াৰ বহিৰ্ভূত হব। [এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে হয় বিহাৰ প্ৰদেশত সমাৰ্বিষ্ট অথবা সেই প্ৰদেশৰ ভাগ বুলি প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰ সমূহ আৰু বিহাৰ আৰু উত্তৰ প্ৰদেশ (সীমা পৰিৱৰ্তন) অধিনিয়ম ,১৯৬৮ ৰ ৩ ধাৰাৰ (১) উপধাৰাৰ (ক) খণ্ডত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ; কিন্তু বিহাৰ আৰু পশ্চিমবংগ (ৰাজ্যক্ষেত্ৰৰ হস্তান্তৰণ) অধিনিয়ম,১৯৫৬৩ ধাৰাৰ (১) উপধাতু বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ আৰু প্ৰথম উল্লিখিত অধিনিয়ম খনৰ ৩ ধাৰাৰ (১) উপধাৰাৰ (খ). খণ্ডত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ ইয়াৰ বহিৰ্ভূত হব।] ৩। বিহাৰ ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ২ ধাৰাৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ২। অন্ধ্ৰ প্ৰদেশ আৰু মাদ্ৰাজ (সীমা পৰিৱৰ্ত্তন) অধিনিয়ম,১৯৫৯, (১৯৫৯ ৫৬) ৰ ৬ ধাৰাৰ দ্বাৰা পূৰ্বৰ প্ৰবিষ্টিৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (১-৪-১৯৬০ তাংৰ পৰা) আৰু অন্ধ্ৰ প্ৰদেশ আৰু মহীশূৰ (ৰাজ্যক্ষেত্ৰ হস্তান্তৰণ) অধিনিয়ম,১৯৬৮(১৯৬৮ ৰ ৩৬) ৰ ৪(ক) ধাৰাৰ দ্বাৰা পূৰ্বৰ প্ৰবিষ্টিৰ পৰিৱৰ্ত্তে পুন: প্ৰতিষ্ঠাপিত (১-১০-১৯৬৮ তাংৰ পৰা)। ৩। “আৰু অৰ্জিত ৰাজ্যক্ষেত্ৰ সমূহ (বিলয়ন) অধিনিয়ম,১৯৬০ ৰপ্ৰথম অনুসূচীৰ ১ম ভাগত নিৰ্দেশিত ৰাজ্যক্ষেত্ৰ সমূহ” (অৰ্জিত ৰাজ্যক্ষেত্ৰসমূহ (বিলয়ন) অধিনিয়ম,১৯৬০(১৯৬০৬৪)ৰ (১) ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত-অধিসূচিত হবলগীয়া নিয়ত দিনৰ পৰা)। ৪। “আৰু সংবিধান (নৱম সংশোধন) অধিনিয়ম,১৯৬০ ৰ প্ৰথম অনুসূচীৰ ১ম ভাগত নিৰ্দেশিত ৰাজ্যক্ষেত্ৰ সমুহ” সংবিধান (নৱম সংশোধন) অধিনিয়ম, ১৯৬০ ৰ ৩ (ক) ধাৰাৰ দ্বাৰা সংযোজিত (অধিসূচিত হবলগীয়া নিয়ত দিনৰ পৰা)। ৫। নগালেণ্ড ৰাজ্য অধিনিয়ম,১৯৬২ (১৯৬২ ৰ ২৭)ৰ ৪ ধাৰাৰ দ্বাৰা সংযোজিত (১-১২- ১৯৬৩ তাংৰ পৰা)। ৬। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ ৰ ধাৰা ৯ (ক)ৰ দ্বাৰা সংযোজিত (২১-১-৭২ তাংৰ পৰা)। ৭। বিহাৰ আৰু উত্তৰ প্ৰদেশ (সীমা পৰিৱৰ্ত্তন) অধিনিয়ম, ১৯৬৮ (১৯৬৮ ৰ ২৪) ৪(ক) ধাৰাৰ দ্বাৰা প্ৰতিষ্ঠিাপিত (১০-৬-৭০ তাংৰ পৰা)।

!