পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
 

দ্বাবিংশ ভাগ

সংক্ষিপ্ত নাম, প্ৰাৰম্ভণি [হিন্দীত প্ৰাধিকৃত পাঠ] আৰু নিৰসন


সংক্ষিপ্ত নাম।  ৩৯৩। এই সংবিধান ভাৰতৰ সংবিধান বুলি অভিহিত হ’ব।


প্ৰাৰম্ভনি। ৩৯৪ এই অনুচ্ছেদ আৰু অনুচ্ছেদ ৫, ৬, ৭, ৮, ৯, ৬০, ৩২৪, ৩৬৬, ৩৬৭, ৩৭৯, ৩৮০, ৩৮৮, ৩৯১,৩৯২ আৰু ৩৯৩ তৎক্ষণাত বলবৎ হ'ব আৰু এই সংবিধানৰ বাকী উপবন্ধ সমূহ এই সংবিধানত এই সংবিধানৰ প্ৰাৰম্ভণি বুলি নিৰ্দেশিত হোৱা দিন ১৯৫০ চনৰ জানুৱাৰী মাহৰ ষষ্ঠবিংশ দিৱসত বলবৎ হ'ব।

[৩৯৪ ক। (১) ৰাষ্ট্ৰপতিয়ে ⸻


হিন্দী ভাষাত প্ৰাধিকৃত পাঠ। (ক) সংবিধান সভাৰ সদস্যসকলৰ দ্বাৰা স্বাক্ষৰিত এই সংবিধানৰ হিন্দী ভাষাত অনুবাদ, এনে সালসলনি সহ যি কেন্দ্ৰীয় অধিনিয়মসমূহৰ হিন্দী ভাষাৰ প্ৰাধিকৃত পাঠত গ্ৰহণ কৰা ভাষা শৈলী আৰু শব্দাৱলীৰ অনুৰূপকৰা বাবে আৱশ্যকীয় আৰু এনে প্ৰকাশনৰ পূৰ্ব্বেকৃত এই সংবিধানৰ এনে সকলো সংশোধন ইয়াত সন্নিবিষ্ট কৰি, আৰু


 (খ) ইংৰাজী ভাষাত কৰা এই সংবিধানৰ প্ৰত্যেক সংশোধনৰ হিন্দী ভাষাত অনুবাদ, তেওঁৰ নিজৰ প্ৰাধিকাৰধীনত প্ৰকাশিত কৰাব।


 (২) খণ্ড (১) ৰ অধীনত প্ৰকাশিত এই সংবিধানৰ আৰু ইয়াৰ প্ৰত্যেক সংশোধনৰ অনুবাদ ইয়াৰ মূলৰ সৈতে একেই অৰ্থ কৰা বুলি ধৰা হব আৰু এনে অনুবাদৰ কোনো ভাগৰ এনে অৰ্থ কৰোতে যদি কোনো কঠিনতাৰ উদ্ভৱ হয়, তেন্তে ৰাষ্ট্ৰপতিয়ে ইয়াৰ উপযুক্ত পুনৰীক্ষণ কৰাব।


 (৩) এই সংবিধানৰ আৰু ইয়াৰ প্ৰত্যেক সংশোধনৰ এই অনুচ্ছেদৰ অধীনত প্ৰকাশিত অনুবাদ, সকলো প্ৰয়োজনৰ বাবে ইয়াৰ হিন্দী ভাষাত প্ৰাধিকৃত পাঠ বুলি গণ্য কৰা হব।]


 ৩৯৫।ভাৰত স্বাধীনতা অধিনিয়ম, ১৯৪৭ আৰু ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫ আৰু লগতে পিছত উক্ত অধিনিয়মক সংশোধনকাৰী অথবা অনুপূৰণকাৰী সকলোবিলাক অধিনিয়ম, কিন্তু প্ৰিভি কাউন্সিলৰ ক্ষেত্ৰাধিকাৰ বিলোপন অধিনিয়ম, ১৯৪৯ ক ইয়াৰ অন্তৰ্ভুক্ত নকৰাকৈ ইয়াৰ দ্বাৰা নিৰসিত কৰা হৈছে।

 ১। সংবিধান (ষষ্ঠ পঞ্চাশতম সংশোধন) অধিনিয়ম, ১৯৮৭ ৰ ধাৰা ২ৰ দ্বাৰা (৯-১২-১৯৮৭ পৰা প্ৰভাবী হোৱাকৈ) অন্তঃস্থাপিত।
 ২।সংবিধান (অষ্টপঞ্চাশতম সংশোধন) অধিনিয়ম, ১৯৮৭ ৰ ধাৰা ৩ৰ দ্বাৰা (৯-১২-১৯৮৭ ৰ পৰা প্ৰভাৱী হোৱাকৈ) অন্তঃস্থাপিত।