পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
ভাৰতৰ সংবিধান

একবিংশ ভাগ - অস্থায়ী, অন্তকালীন আৰু বিশেষ উপবন্ধসমূহ অনুচ্ছেদ ৩৭৭-৯২


ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষক সম্বন্ধে উপবন্ধ সমূহ ৩৭৭। এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে পদাধিষ্ঠিত ভাৰতৰ মহালেখা - পৰীক্ষক, যদিহে তেখেতে অন্যথা ইচ্ছা প্ৰকাশ নকৰে তেনেহলে, এই সংবিধানৰ আৰম্ভণিৰ লগে লগে ভাৰতৰ নিয়ন্ত্ৰক - মহালেখা পৰীক্ষক হব আৰু তেতিয়া ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ সম্বন্ধত অনুচ্ছেদ ১৪৮ ৰ খণ্ড (৩) ত যথা উপবন্ধিত কৰা অনুসৰি তেনে বেতন আৰু ছুটী আৰু অৱসৰ বেতনৰ সম্বন্ধত তেনে অধিকাৰ পোৱাৰ হকদাৰ হব আৰু এনে প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে তেখেতৰ প্ৰতি প্ৰযোজ্য উপবন্ধ অনুসৰি তেখেতৰ নিৰ্দ্ধাবিত পদাৱধিৰ সমাপ্তি ঘটালৈকে পদত অধিষ্ঠিত থকাৰ হকদাৰ হব।


লোকসেৱা আয়োগ সম্বন্ধে উপবন্ধ সমূহ ৩৭৮(১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে পদাধিষ্ঠিত ভাৰত ডমিনিয়নৰ লোক সেৱা আয়োগৰ সদস্য সকল, যদিহে সিবিলাকে অন্যথা ইচ্ছা প্ৰকাশনকৰে তেনেহলে, এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে সংঘৰ লোক সেৱা আয়োগৰ সদস্য হব আৰু অনুচ্ছেদ ৩১৬ ৰ খণ্ড (১) আৰু (২) ত যিকোনো কথা থকা সত্ত্বেও কিন্তু সেই অনুে খণ্ড (২) ৰ পৰন্তুক সাপেক্ষে, এনে প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে তেনে সদস্য সকলৰ প্ৰতি প্ৰযোজ্য নিয়মাৱলী অনুসৰি নিৰ্ধাৰিত পদাৱধিৰ সমাপ্তি ঘটালৈকে তেখেতসকল সেই পদত অধিষ্ঠিত হৈয়েই থাকিব।

(২) এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে পদাধিষ্ঠিত কোনো প্ৰদেশৰ বা কোনো প্ৰদেশ সমূহৰ আৱশ্যকতা সমূহৰ নিমিত্তে সেৱকাৰী কোনো লোক সেৰা আয়োগৰ সদস্য সকল, যদিহে সিবিলাকে অন্যথা ইচ্ছা প্ৰকাশ নকৰে তেনেহলে, এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে তেখেত সকলে যথাস্থিতি, তংস্থানীয় বাজ্যৰ লোক সেৱা আয়োগৰ বা তৎস্থানীয় ৰাজ্য সমূহৰ আৱশ্যকতা সমূহৰ নিমিত্তে সেৱা কবা সংযুক্ত ৰাজ্যিক লোক সেৱা আয়োগৰ সদস্য হব আৰু অনুচ্ছেদ ৩১৬ ৰ খণ্ড (১) আৰু (২) ত যিকোনো কথা থকা সত্ত্বেও কিন্তু সেই অনুচ্ছেদৰ খণ্ড (২) ৰ পৰস্তুক সাপেক্ষে, এনে প্ৰাবণিৰ অব্যবহিত পূৰ্ব্বে তেনে সদস্য সকলৰ প্ৰতি প্ৰযোজ্য নিয়মাৱলী অনুসৰি নিৰ্দ্ধাৰিত পদাধিৰ সমাপ্তি ঘটালৈকে তেখেত সকল সেই পদত অধিষ্ঠিত হৈয়েই থাকিব।


অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ কালাৱধি সম্বন্ধে বিশেষ উপবন্ধ[৩৭৮ ক। অনুচ্ছেদ ১৭২ ত তত্তবিষ্ট যিকোনো কথা থকা সত্ত্বেও, ৰাজ্য পুনৰ্গঠন অধিনিয়ম, ১৯৫৬ ৰ ধাৰা ২৮ আৰু ২৯ ৰ উপবন্ধ সমূহৰ অধীনত যথগঠিত অন্ধ্ৰপ্ৰদেশৰ বিধান সভা যদিহে আগতে বিঘটিত নহয় তেনেহলে উক্ত ধাবা ২৯ ত নিৰ্দেশিত তাৰিখৰ পৰা পাঁচ বছৰ কালাৱধি চলি থাকিব আৰু ততোধিক কাল চলিব নোৱাৰিব আৰু উক্ত কালাৱধিৰ সমাপ্তিয়ে সেই বিধান সভাৰ বিঘটন ঘটাব।]

 ৩৭৯-৩৯১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা নিৰসিত।


অসুবিধাসমূহ দুৰীকৰণৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা ৩৯২।(১) কোনো অসুবিধা দূৰীকৰণৰ প্ৰয়োজন হেতুকে, বিশেষকৈ ভাবত চৰকাৰ অধিনিয়ম, ১৯৩৫ ৰ উপবন্ধ সমূহৰ পৰা এই সংবিধানব উপবন্ধ সমূহলৈ সংক্ৰমণৰ সম্বন্ধত, ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা নিৰ্দেশ দিব পাবে যে, আদেশত যথা বিনিৰ্দিষ্টকালছোৱাত এই সংবিধান, সালসলনি,সংযোজন বা লোপ কৰণৰ দ্বাবী কৰা এনে অনুকূলন সাপেক্ষে প্ৰভাৱী হব যিটোনেকি আৱশ্যকীয় বা সমীচীন বুলি গণ্য কৰা হয়ঃ

 পৰন্তু, পঞ্চম ভাগৰ দ্বিতীয় অধ্যায়ৰ অধীনত সম্যকৰূপে গঠিত সংসদৰ প্ৰথম বৈঠকৰ পাচত এনে আদেশ দিব নোৱাৰিব।

 (২) খণ্ড (১) ৰ অধীনত দিয়া প্ৰত্যেক আদেশ সংসদৰ আগত উপস্থাপন কৰিব লাগিব।

 (৩) এই অনুচ্ছেদ ৩২৪, অনুচ্ছেদ ৩৬৭ ৰ খণ্ড (৩) আৰু অনুচ্ছেদ ৩৯১ ৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ ওপৰত অৰ্পিত ক্ষমতাসমূহ এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে ভাবত ডমিনিয়নৰ মহাৰাজ্যপালৰ দ্বাৰা প্ৰযোজ্য হব।



১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।