পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
ভাৰতৰ সংবিধান

একবিংশ ভাগ - অস্থায়ী, অন্তকালীন আৰু বিশেষ উপবন্ধসমূহ অনুচ্ছেদ ৩৭৪-৭৬


 (৩) এই সংবিধানৰ কোনাে কথাই ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত যিকোনাে ন্যায়ালয়ৰ নির্ণয়, ডিক্রী বা আদেশৰ ওপৰত বা সম্বন্ধত কৰা আপীল আৰু আবেদন নিষ্পত্তি কৰিবৰ নিমিত্তে যি পৰ্য্যন্ত বিধিৰ দ্বাৰা সপৰিষদ-সম্রাটৰ ক্ষেত্ৰাধিকাৰ প্ৰয়ােগ প্রাধিকৃত হয় সেই পৰ্য্যন্ত সেই ক্ষেত্ৰাধিকাৰৰ প্রয়ােগ অমান্য নকৰিব আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ পাছত এনে কোনাে আপীল বা আবেদনৰ ওপৰত দিয়া সপৰিষদ-সম্রাটৰ আদেশ, এই সংবিধানৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰদান কৰা ক্ষেত্ৰাধিকাৰ প্ৰয়ােগ কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা দিয়া আদেশ বা ডিক্রীৰ নিচিনাকৈ সকলাে প্রয়ােজনৰ বাবে প্ৰভাৱী হব।


 (৪) এই সংবিধানৰ প্ৰাৰম্ভণিত আৰু প্ৰাৰম্ভণিৰ পৰা, প্রথম অনুসূচীৰ খ ভাগত বিনিৰ্দিষ্ট ৰাজ্যত প্রিভি কাউন্সিল ৰূপে কাৰ্য্য কৰা প্ৰাধিকাৰীৰ তেনে ৰাজ্যৰ যিকোনাে ন্যায়ালয়ৰ নির্ণয়, ডিক্রী বা আদেশৰ ওপৰত বা সম্বন্ধ আপীল বা আবেদন গ্রহণ কৰাৰ আৰু নিষ্পত্তি কৰাৰ ক্ষেত্ৰাধিকাৰ লােপ পাব আৰু এনে প্ৰাৰম্ভণিৰ সময়ত উক্ত প্রাধিকাৰীৰ ওচৰত বিচাৰাধীন হৈ থকা সকলাে আপীল আৰু অন্যান্য ন্যায়িক কাৰ্যবাহী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হব আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সেইবােৰ নিষ্পত্তি কৰা হব।


 (৫) এই অনুচ্ছেদৰ উপবন্ধ সমূহক প্ৰভাৱী কৰিবলৈ সংসদে বিধিৰ দ্বাৰা অতিৰিক্ত উপবন্ধ কৰিব পাৰে।


সংবিধানৰ উপবন্ধ সমূহৰ অধীনত ন্যায়ালয়, প্ৰাধিকাৰী আৰু পদাধিকাৰীয়ে কৃত্য কৰিয়েই থাকিব ৩৭৫| ভাৰতৰ সমগ্ৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত চিভিল, দাণ্ডিক আৰু ৰাজস্ব ক্ষেত্ৰাধিকাৰ থকা সকলাে ন্যায়ালয়ে, সকলাে ন্যায়িক, কাৰ্যপালিকা আৰু মন্ত্রালয়িক প্ৰাধিকাৰীয়ে আৰু পদাধিকাৰীয়ে এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে নিজ নিজ কৃত্য কৰি থাকিব।


উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ সম্বন্ধে উপবন্ধ সমূহ। ৩৭৬।(১) অনুচ্ছেদ ২১৭ ৰ খণ্ড (২) ত যিকোনাে কথা থকা সত্ত্বেও এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্ব্বে পদাধিষ্ঠিত কোনাে প্রদেশৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলে যদিহে সিবিলাকে অনাথা ইচ্ছা প্রকাশ নকৰে তেনেহলে, এনে প্রাৰম্ভণিৰ লগে লগে তৎস্থানীয় ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ সম্বন্ধত অনুচ্ছেদ ২২১ ৰ অধীনত উপবন্ধিত আছে; [এনে কোনাে ন্যায়াধীশ, ভাৰতৰ নাগৰিক নহলেও, এনে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি ৰূপে অথবা আন যিকোনাে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি বা আন ন্যায়াধীশ ৰূপে নিযুক্ত হবলৈ যােগ্য হব।]


 (২) প্রথম অনুসূচীৰ খ-ভাগত বিনির্দিষ্ট কোনাে ৰাজ্যৰ তৎস্থানীয় ভাৰতীয় ৰাজ্যৰ কোনাে উচ্চ ন্যায়ালয়ত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে পদাধিষ্ঠিত ন্যায়াধীশ সকল যদিহে সিবিলাকে অন্যথা ইচ্ছা প্রকাশ নকৰে তেনেহলে, এনে প্ৰাৰম্ভণিৰ লগে লগে সেইদৰে বিনির্দিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হব আৰু অনুচ্ছেদ ২১৭ ৰ খণ্ড (১) আৰু (২) ত যিকোনাে কথা থকা সত্ত্বেও কিন্তু সেই অনুচ্ছেদৰ খণ্ড (১) ৰ পৰক সাপেক্ষে, ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যি পৰ্য্যন্ত কাল নির্ধাৰিত কৰে সেই কাল সমাপ্তি নােহােৱা পৰ্য্যন্ত পদত অধিষ্ঠিত হৈ থাকিব।


 (৩) এই অনুচ্ছেদত 'ন্যায়াধীশ’ পদে কোনাে কাৰ্য্যকাৰী ন্যায়াধীশ বা অতিৰিক্ত ন্যায়াধীশক অন্তর্ভুক্ত নকৰে।



১। সংবিধান (প্রথম সংশােধন) অধিনিয়ম, ১৯৫১ ৰ ১৩ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।