পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
ভাৰতৰ সংবিধান

একবিংশ ভাগ -অস্থায়ী, অন্তকালীন আৰু বিশেষ উপবন্ধসমূহ অনুচ্ছেদ ৩২-৩৭৪


 স্পষ্টীকৰণ ৩ঃ- এই অনুচ্ছেদৰ কোনো কথাই এনে কোনো অস্থায়ী বিধি যাৰ সমাপ্তিৰ কাৰণে তাৰিখ নিয়ত থাকে সেই তাৰিখৰ পিছত বা এই সংবিধান যদি বলবৎ নহলহেতেন তেনেহলে যি দিনত তেনে বিধিৰ সমাপ্তি ঘটিলহেতেন তাৰ পাছত, বলবৎ হৈ থাকিব বুলি অৰ্থ নকৰে।


 স্পষ্টীকৰণ ৪ঃ- ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫ ৰ ধাৰা ৮৮ ৰ অধীনত কোনো প্ৰদেশৰ ৰাজ্যপালৰ দ্বাৰা প্ৰখ্যাপিত আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে বলবৎ থকা কোনো অধ্যাদেশ যদি স্থানীয় ৰাজ্যৰ ৰাজ্যপালৰ দ্বাৰা পূৰ্বে প্ৰত্যাহাৰ কৰা নহয় তেনেহলে এনে প্ৰাৰম্ভণিৰ পাছত অনুচ্ছেদ ৩৮২ ৰ খণ্ড (১)ৰ অধীনত কৃত্যনিৰ্বাহকাৰী সেই ৰাজ্যৰ বিধান সভাৰ প্ৰথম বৈঠকৰ পৰা ছয় সপ্তাহ শেষ হোৱাৰ লগে লগে প্ৰৱৰ্ত্তনহীন হব আৰু তেনে কোনো অধ্যাদেশ উক্ত কালাৱধিৰ পাছত বলবৎ থাকিব বুলি এই অনুচ্ছেদৰ কোনো কথাই অৰ্থ কৰিব।


বিধি অনুকুলন কৰিবৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা। [৩৭২ ক।(১)সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে ভাৰতত বা ইয়াৰ কোনো ভাগত প্ৰবৃত্ত থকা যিকোনো বিধিৰ উপবন্ধ সমূহ সেই অধিনিয়মৰ দ্বাৰা যথা সংশোধিত এই সংবিধানৰ উপবন্ধসমূহৰ লগত সংগতি সধাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰপতিয়ে ১৯৫৭ চনৰ নবেম্বৰৰ পহিলা দিনৰ পূৰ্ব্বে দিয়া আদেশৰ দ্বাৰা লাগিলে যথা আৱশ্যক বা সমীচীন মতে এনেকুৱা বিধিৰ নিৰসন কৰিয়েই হওক বা সালসলনি কৰিয়েই হওক, তাৰ এনেকুৱা অনুকূলন বা সালসলনি কৰিব পাৰিব আৰু উপবন্ধ কৰিব পাৰিব যে সেই আদেশত যথা বিনিৰ্দিষ্ট তাৰিখৰ পৰা সেই বিধিৰ প্ৰভাৱ এনেদৰে কৰা অনুকূলন আৰু সালসলনিৰ সাপেক্ষে প্ৰভাৱী হব; আৰু এনে কোনো অনুকূলন বা সালসলনিৰ বিষয়ে কোনো ন্যায়ালয়ত আপত্তি নাখাটিব।


 (২) খণ্ড (১)ৰ কোনো কথাই ক্ষমতা সম্পন্ন বিধান মণ্ডল অথবা আন ক্ষমতা সম্পন্ন প্ৰাধিকাৰীক ৰাষ্ট্ৰপতিৰ দ্বাৰা উক্ত খণ্ডৰ অধীনত অনুকূলন বা সালসলনি কৰা হোৱা যিকোনো বিধিৰ নিৰসন বা সংশোধন কৰাত বাধা প্ৰদান কৰা বুলি গণ্য কৰা নহব।]


কোনো কোনো ক্ষেত্ৰত নিবাৰক নিৰোধত থকা ব্যক্তিৰ সম্বন্ধত ৰাষ্ট্ৰপতিৰ আদেশ দিয়াৰ ক্ষমতা। ৩৭৩। যেতিয়ালৈকে অনুচ্ছেদ ২২ ৰ খণ্ড (৭) ৰ অধীনত সংসদৰ দ্বাৰা উপবন্ধ কৰা নহয় যেতিয়ালৈকে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা এবছৰ শেষ নহয়, এই দুয়োটাৰ ভিতৰত যিটোৱেই অগ্ৰবৰ্তী হয় সেই কাল পৰ্যন্ত সেই অনুচ্ছেদৰ খণ্ড (৪) আৰু (৭) ত সংসদৰ প্ৰতি থকা কোনো সম্বন্ধত নিৰ্দেশৰ ঠাইত ৰাষ্ট্ৰপতিৰ প্ৰতি থকা নিৰ্দেশ আৰু সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ প্ৰতি থকা নিৰ্দেশৰ-ঠাইত ৰাষ্ট্ৰপতিৰ দ্বাৰা দিয়া হোৱা কোনো আদেশৰ প্ৰতি থকা নিৰ্দেশ বুলি ধৰি লৈ উক্ত অনুচ্ছেদ প্ৰভাৱী হব।


ফেডাৰেল ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ সম্বন্ধত আৰু ফেডাৰেল ন্যায়ালত বা সপৰিষদ সম্ৰাটৰ আগত বিচৰাধীন হৈ থকা ন্যায়িক কাৰ্য্যবাহীৰ সম্বন্ধত উপবন্ধ সমূহ ৩৭৪(১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে পদাধিষ্ঠিত ফেডাৰেল ন্যায়ালয়ৰ ন্যায়াধীশ সকল, যদিহে সিবিলাকে অন্যথা ইচ্ছা প্ৰকাশ নকৰে তেনেহলে, এনে প্ৰাৰম্ভণিৰ লগে লগেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হব আৰু তেতিয়া এনে বেতন আৰু ভাত্তাৰ আৰু অনুপস্থিতি ছুটী আৰু অৱসৰ বেতন সম্পৰ্কে এনে অধিকাৰৰ হকদাৰ হব যিবিলাকনেকি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ সম্বন্ধ অনুচ্ছেদ ১২৫ ৰ অধীনত উপবন্ধিত আছে।


 (২) এই সংবিধানৰ প্ৰাৰম্ভণিত ফেডাৰেল ন্যায়ালয়ত বিচাৰাধীন হৈ থকা সকলো চিভিল বা দাণ্ডিক বাদ, আপীল আৰু কাৰ্য্যবাহী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হব আৰু উচ্চতম ন্যায়ালয়ৰ সেইবিলাকৰ শুনানী লবলৈ আৰু নিস্পত্তি কৰিবলৈ ক্ষেত্ৰাধিকাৰ থাকিব, আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ আগতে ফেডাৰেল ন্যায়ালয়ে শুনোৱা আৰু দিয়া নিৰ্ণয় আৰু আদেশ সমূহৰ উচ্চতম ন্যায়ালয়ে শুনোৱা আৰু দিয়া নিৰ্ণয় আৰু আদেশৰ দৰে এনে বল আৰু প্ৰভাৱ হব যেন সেইবিলাক উচ্চতম ন্যায়ালয়ৰ দ্বাৰাহে শুনোৱা বা দিয়া হৈছে।

১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৩ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।
২।অনুকুলন আদেশ, ১৯৫৬ আৰু ১৯৫৭ দ্ৰষ্টব্য।