পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৫ ভাৰতৰ সংবিধান একবিংশ ভাগ-অস্থায়ী, অন্তৰ্কালীন আৰু বিশেষ উপবন্ধসমূহ-অনুচ্ছেদ ৩৭০-৩৭১ (ঘ) ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যথা বিনিৰ্দিষ্টকৰি দিয়া ব্যতিক্ৰম আৰু ৰূপভেদ সাপেক্ষে এই সংবিধানৰ উপবন্ধ সমূহৰ তেনে আন আন উপবন্ধ সমূহ সেই ৰাজ্যৰ সম্পৰ্কত প্রয়ােগ হব । পৰন্তু, উপখণ্ড (খ)ৰ দফা (j) ত উল্লিখিত ৰাজ্যখনৰ প্ৰবেশ লেখ্যত বিনির্দিষ্ট বিষয় সম্পর্কীয় এনে কোনাে আদেশ বাজ খনৰ চৰকাৰৰ লগত পৰামৰ্শ নকৰাকৈ দিয়া নহব ঃ অধিকন্তু, অন্তিম পূবর্বৱৰ্তী পবন্তুকত উল্লিখিত বিষয়সমূহৰ বাহিৰে আন আন বিষয় সম্পর্কীয় এনে কোনাে আদেশ বাজ্য খনৰ চৰকাৰৰ সন্মতি নােলােৱাকৈ দিয়া নহব। (২) যদি খণ্ড (১) ৰ উপখণ্ড (খ) ৰ দফা (i) ত অথবা উপখণ্ড (ঘ) ৰ দ্বিতীয় পৰস্তুকত উল্লিখিত ৰাজ্য চৰকাৰৰ সন্মতি বাজ্যখনৰ সংবিধানৰচনাৰ প্রয়ােজনৰ নিমিত্তে সংবিধান সভা আহ্বান কৰাৰ আগতে দিয়ে, তেনেহলে ইয়াক তেনে সভাৰ আগত এনে বিনিশ্চয়ৰ কাৰণে দাখিল কৰিব লাগিব যিটোনেকি সেই সভাই কৰে। (৩) এই অনুচ্ছেদৰ পূববৱৰ্তী উপবন্ধ সমূহত যিকোনাে কথা থকা সত্ত্বেও ৰাষ্ট্রপতিয়ে সার্বজনীন অধিসূচনাৰ দ্বাৰা ঘােষণা কৰিব পাৰে যে, এই অনুচ্ছেদৰ এনে তাৰিখৰ পৰা প্ৰৱৰ্তনহীন হব অথবা কেৱল এনে কোনাে ব্যতিক্রম বা পৰিৱৰ্তন সহ প্ৰৱৰ্তিত হব যিটোনেকি তেখেতে বিনিৰ্দষ্ট কৰি দিয়ে । ২ *** পৰস্তু, ৰাষ্ট্রপতিয়ে এনে অধিসূচনা জাৰি কৰাৰ আগতে খণ্ড (২) ত উল্লিখিত ৰাজ্যখনৰ সংবিধান সভাৰ চুপাৰিছৰ আৱশ্যক হব।

  • [৩৭১ (১) সংবিধান (দ্বাত্রিংশ সংশােধন) অধিনিয়ম, ১৯৭৩ ৰধাৰা ২ ৰ দ্বাৰা এই খণ্ডটো

লােপ কৰা হৈছে (১-৭-৭৪ তাংৰ পৰা)। (২) এই সংবিধানত যিকোনাে কথা থকা সত্ত্বেও, ৰাষ্ট্রপতিষে মহাৰাষ্ট্ৰ আৰু গুজৰাট ৰাজ্যৰ] সম্বন্ধত দিয়া আদেশৰ দ্বাৰা- মহাৰাষ্ট্ৰ আৰু, গুজৰাট ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ। (ক) উন্নয়ন মণ্ডল বিলাকৰ প্ৰত্যেকৰে কাৰ্য্যকাৰিতাৰ ওপৰত একোটা প্রতিবেদন প্রত্যেক বছৰোজ্য বিধানসভাত দাখিল কৰাৰউপবন্ধ সহ বিদর্ভ, মাৰাঠৱাভা,[আৰু মহাৰাষ্ট্ৰৰ বাকী অংশৰ বাবে অথবা যথাস্থিতি মতে সৌৰাষ্ট্র, কচ্ছ আৰু গুজব [বাকীঅংশৰ বাবে পৃথক উন্নয়ন মণ্ডল স্থাপন কৰিবৰ বাবে; (খ) সমগ্ৰ ৰাজ্যখনৰ আৱশ্যকতাৰ সাপেক্ষে, উক্ত ক্ষেত্ৰ সমূহৰ উন্নয়নমূলক ব্যয়ৰ কাৰণে নিধিৰ সমতা পুনৰ বন্টনৰ বাবে; আৰু - ১। সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ৰ ২২ ধাৰাৰ দ্বাৰা মূল অনুচ্ছেদ ৩৭১ ৰ পৰিৱৰ্ত্তে প্রতিষ্ঠাপিত। ২। সংবিধান (দ্বাত্রিংশ সংশােধন) অধিনিয়ম, ১৯৭৩ ৰ ধাৰা ২ৰ দ্বাৰা ‘অন্ধ্রপ্রদেশ’ পদ লােপ কৰা হৈছে (১-৭-৭৪ তাংৰ পৰা)। ৩। বােম্বে পূর্ণগঠন অধিনিয়ম, ১৯৬০ৰ ধাবা ৮৫ ৰ দ্বাৰা বােম্বে ৰাজ্যৰ’পৰিৱৰ্তে প্রতিষ্ঠাপিত (১-৫-৬০ তাংৰ পৰা)। ৪। উক্ত অধিনিয়মৰ ৮৫ ধাৰাৰ দ্বাৰা মহাৰাষ্ট্ৰৰ বাকী অংশৰ পৰিৱৰ্তে প্রতিষ্ঠাপিত (১-৫- ৬০তাংৰ পৰা)।