পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিংশ ভাগ সংবিধান সংশোধন ৩৬৮। [(১) এই সংবিধানত যিকোনো কথা থকা সত্বেও, সংসদে ইয়াৰ সংবিধায়ী ক্ষমতা সংবিধান প্ৰয়োগ কৰি এই অনুচ্ছেদত অধিকথিত প্ৰক্ৰিয়া অনুসবি সংযোজন, ৰূপান্তৰ বা নিৰসনৰ দ্বাৰা এই সংশোধনব বাবে সংবিধানৰ যিকোনো উপবন্ধ সংশোধন কৰিব পাবে। সংসদৰ ক্ষমতা আৰু তাৰ "[(২)] এই সংবিধান সংশোধনবসূত্ৰপাত সংসদৰ যি কোনোটো সদনতে কেৱল সেইপ্ৰয়োজনৰ প্ৰক্ৰিয়া। বাবে এক বিধেয়ক উত্থাপনৰ দ্বাৰা কৰিব পাৰে আৰু যেতিয়া প্ৰত্যেক সদনতে সেই সদনৰ মুঠ সদস্য সংখ্যাৰ সংখ্যাধিক্যৰ দ্বাৰা আৰু সেই সদনত উপস্থিত থকা আৰু ভোট দান কৰা সদস্যৰ অন্যূন দুই-তৃতীয়াংশ সংখ্যাধিক্যৰ দ্বাৰা তেনে বিধেয়ক প্ৰত্যেক সদনত পাৰিত হব তেতিয়াই [সেই বিধেয়ক ৰাষ্ট্ৰপতিৰ ওচৰত দিয়া হব আৰু তেখেতে তাত সন্মতি প্ৰদান কৰিব আৰু তেতিয়া] বিধেয়কৰ নিৱন্ধন অনুসৰি সংবিধান সংশোধিত হব? পৰস্তু, যদি এনে সংশোধনীয়ে-- (ক) অনুচ্ছেদ ৫৪, অনুচ্ছেদ ৫৫, অনুচ্ছেদ ৭৩,বা অনুচ্ছেদ ১৬২, বা অনুচ্ছেদ ২৪১, অথবা (খ) পঞ্চম ভাগৰ চতুৰ্থ অধ্যায়, ষষ্ঠ ভাগৰ পঞ্চম অধ্যায়, বা একাদশ ভাগৰ প্ৰথম অধ্যায়, অথবা (গ) সপ্তম অনুসূচীৰ সুচীসমূহৰ কোনোটো, অথবা (ঘ) সংসদত ৰাজ্যসমূহৰ প্ৰতিনিধিত্বৰ, অথবা (ঙ) এই অনুচ্ছেদৰ উপবন্ধ সমূহৰ, কোনো পৰিৱৰ্তন কৰিব বিচাবে, তেনেহলে এনে সংশোধনৰ উপবন্ধ কবা বিধেয়ক ৰাষ্ট্ৰপতিৰ ওচৰত অনুমতিৰ বাবে দাখিল কৰাৰ পূৰ্বে [* * *] ৰাজ্যসমূহৰ অন্যূন আধাসংখ্যকৰ বিধান মণ্ডলৰ দ্বাৰা, সেই বিধান মণ্ডল সমূহত পাৰিত হোৱা সেই মৰ্মে লোৱা সংকল্পৰ দ্বাৰা তেনে সংশোধনত অনুসমৰ্থন লাগিব। [(৩) অনুচ্ছেদ ১৩ব কোনো কথাই এই অনুচ্ছেদৰ অধীনত কৰা হোৱা কোনো সংশোধনীৰ ক্ষেত্ৰত প্ৰয়োগ নহব।

  • [(৪) এই অনুচ্ছেদৰ অধীনত সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা

৫৫ৰ প্ৰাৰম্ভণিৰ পূৰ্বেই হওক বা পিছতেই হওক ] কৃত বা কৃত বুলি তাৎপৰ্যিত এই সংবিধানৰ কোনো সংশোধন সম্বন্ধে (তৃতীয় ভাগৰ উপবন্ধ সমূহক অন্তৰ্ভূক্ত কৰি কোনো আধাৰতেই কোনো ন্যায়ালয়ত প্ৰশ্ন কৰিব নোৱাৰিব। (৫) সন্দেহ দূৰীকৰণৰ বাবে ইয়াৰ দ্বাৰা ঘোষণা কৰা হৈছে যে এই অনুচ্ছেদৰ অধীনত এই সংবিধানৰ উপবন্ধ সমূহসংযোজন, পৰিৱৰ্তন বা নিৰসনৰ ৰূপত সংশোধন কৰিবলৈ সংসদসংবিধায়ী ক্ষমতাৰ ওপৰত কোনো ধৰণৰ নিবন্ধন নাথাকিব।] ১। সংবিধান ( চবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ ৰ ধাৰা ৩ ৰ দ্বাৰা অন্তঃস্থাপিত (৫-১১- ৭১ তাংৰ পৰী)। ২। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ৩। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা পুনঃ অঙ্কিত। ৪। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীৰ ক আৰু খ ভাগত বিনিৰ্দিষ্ট কথাখিনি লোগ কৰা হৈছে। ৫। সংবিধান (দ্ধাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৫৫ৰ দ্বাৰা অন্তঃস্থাপিত (৩-১- ৭৭ তাংৰ পৰা)।