পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬২ ভাবতৰ সংবিধান উনবিংশ ভাগ-বিবিধ-অনুচ্ছেদ ৩৬৬-৩৬৭ [(২৯ ক) মাল ক্ৰয় বা বিক্ৰয়ৰ ওপৰত কৰ’প্ৰদাৱলীয়ে নিন্মলিখিত সমূহ অন্তৰ্গত কৰিব- (ক) কোনো সংবিদা অনুসৰি কৰা অন্তৰণৰ বাহিৰে নগদ মূল্য, বিলম্বিত আদায় বা অন্য মূল্যবান বিবেচনাৰ বিনিময়ে যিকোনো মালৰ ওপৰত থকা স্বত্ব অন্তৰণৰ ওপৰত কৰ; (খ) কোনো ৱৰ্কচ সংবিদা’ নিম্পাদনত অন্তৰ্ভুক্ত মালৰ ওপৰত থকা স্বত্ব (লাগিলে মাল হিচাপেই হওক বা অনি কোনো ৰূপতেই হওক) অন্তৰণৰ ওপৰত কৰ; (গ) কিস্তিবন্দী ক্ৰয় বা কিস্তি হিচাপে মূল্য আদায়ৰ অন্য কোনো পদ্ধতিত ক্ৰয় কৰা মালৰ পৰিদানৰ ওপৰত কৰ; (ঘ) নগদ মূল্য, বিলম্বিত আদায় বা অন্য মূল্যবান বিবেচনাৰ বিনিময়ে যিকোনো মাল যিকোনো প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰা অধিকাৰ কোনো বিনিৰ্দিষ্টকালৰ বাবে হওকেই বা নহওঁকেই) অন্তৰণৰ ওপৰত কৰ; (ঙ) কোনো অনিগমিত সংস্থা বা নিকায়ৰ দ্বাৰা তাৰ কোনো সদস্যক নগদ মূল্য, বিলম্বিত আদায় বা অন্য মূল্যবান বিবেচনাৰ বিনিময়ে মাল যোগানৰ ওপৰত (চ) কোনো সেৱ হিচাপে বা তাৰ কোনো অংশ হিচাপে বা আন যিকোনো ৰীতিৰে মাল যোগানৰ ওপৰত কৰ যি মাল খাদ্য বা মানৱ উপভোগৰ আন যিকোনো বস্তু বা পেয় (লাগিলে মাদক হওকেই বা নহওকেই) হয় আৰু যেতিয়া তেনে যোগান বা সেৱানগদ মূল্য, বিলম্বিত আদায় বা আন মূল্যবান বিবেচনাৰ বিনিময়ে কৰা হয়; আৰু যিকোনো মালৰ তেনে অন্তৰণ, পৰিদান বা যোগানক এইবুলি গণ্য কৰা হব যে অন্তৰণ কৰা, পৰিদান কৰা বা যোগান ধৰা ব্যক্তিৰ দ্বাৰা তেনে মাল বিক্ৰয় কৰা হৈছে আৰু যি ব্যক্তিলৈ তেনেঅন্তৰণ কৰা, পবিদান কৰা বা যোগান ধৰা হয়তেনে ব্যক্তিৰ দ্বাৰা সেই মাল ক্ৰয় কৰা হৈছে। [(৩০) “সংঘ ৰাজ্যক্ষেত্ৰ” মানে প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট যিকোনো সংঘ ৰাজ্য ক্ষেত্ৰ আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত সমাবিষ্ট কিন্তু সেই অনুসূচীত্ব বিনিৰ্দিষ্ট নোহোৱা আন যিকোনো ৰাজ্যক্ষেত্ৰ ইয়াৰ অন্তৰ্গত হব।] ৩৬৭।(১) প্ৰসংগক্ৰমে অন্যথা অপেক্ষিত নহলে, অনুচ্ছেদ৩৭ ২ৰ অধীনত সেই বিষয়ে কৰা কোনো অনুকুল্লন আৰু পবিৱৰ্তন সাপেক্ষে ভাৰতীয় ডমিনিয়নৰ বিধান মণ্ডলৰ কোনো অধিনিয়মৰ নিৰ্বচনৰ কাৰণে প্ৰয়োগ হোৱাৰ দৰেই এই সংবিধানৰ নিৰ্বচনৰ কাৰণেও সাধাৰণ খণ্ড অধিনিয়ম, ১৮৯৭ প্ৰয়োগ হব। (২) সংসদৰ বা সংসদে কৰা অধিনিয়ম বা বিধি নাইবা [***] কোনো ৰাজ্যৰ বিধান মণ্ডলৰ বা বিধান মণ্ডলে কৰা অধিনিয়ম বা বিধি সম্পৰ্কে এই সংবিধানত কৰা কোনো নিৰ্দেশে ৰাষ্ট্ৰপতিয়ে জাবি কৰা কোনো অধ্যাদেশ বা যথাস্থিতি মতে কোনো ৰাজ্যপালে [ *] জাৰি কৰা কোনো অধ্যাদেশৰ প্ৰতি থকা নিৰ্দেশকে অন্তৰ্ভুক্ত কৰা বুলি অৰ্থ কৰা হব। (৩) এই সংবিধান প্ৰয়োজন সমূহৰ কাবণে, “বিদেশী ৰাজাই ভাৰতৰ বাহিৰে আন কোনো ৰাজক বুজাইছে? : পৰন্তু, সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে , ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা সেই আদেশত যথা বিনিৰ্দিষ্ট তেনে কোনো প্ৰয়োজন সমূহৰ কাৰণে কোনো এখন ৰাজ্যক বিদেশী ৰাজ্য বুলি ধৰা নহব বুলি ঘোষণা কৰিব পাৰে। ১। সংবিধান (যটচত্বৰিংশ সংশোধন) অধিনিয়ম, ১৯৮২ৰ ধাৰা ৪ ৰ দ্বাৰা অন্তঃস্থাপিত (২৮- ১-৮৩ তাংৰ পৰী)। ২।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা মূল (৩০) খণ্ডৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীৰ ক ভাগ বা খ ভাগত নিৰ্দিষ্ট’এই কথাখিনি লোপ কৰা হৈছে। ৪। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “বাৰাজপ্ৰমুখ”শব্দসমূহ লোপ কৰা হৈছে।