পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬১ ভাৰতৰ সংবিধান উনবিংশ ভাগ-বিবিধ-অনুচ্ছেদ ৩৬৬ (১৮) “সংকটৰ উঘোষণা”মানে অনুচ্ছেদ ৩৫২ খণ্ড (১) ৰ অধীনত জাৰি কৰা কোনো উদঘোষণা। (১৯) “সাবৰ্জনিক অধিসূচনা” মানে ভাৰতৰ ৰজপত্ৰত বা যথাস্থিতি, কোনো ৰাজ্যৰ চৰকাৰী ৰাজপত্ৰত দিয়া অধিসূচনা। (২০) “ৰেলৱে” পদে - (ক) সম্পূৰ্ণভাবে কোনো নগ-ক্ষেত্ৰৰ ভিতৰত থকা ট্ৰামৱে, বা (খ) সম্পূৰ্ণভাৱে কোনো ৰাজ্যৰ ভিতৰত অৱস্থিত আৰু সংসদে বিধিৰ দ্বাৰা ৰেলৱেনহয় বুলি ঘোষণা কৰা আন কোনো যোগাযোগ পথ, অন্তৰ্গত নকৰে;

== [* ২ [২২। “শাসক” মানে সংবিধান (যষ্ঠবিংশ সংশোধন) আধিনিয়ম, ১৯৭১ৰ প্ৰাৰম্ভণিৰ পূৰ্বে যিকোনো সময়ত ৰাষ্ট্ৰপতিৰ দ্বাৰা কোনো ভাৰতীয় ৰাজ্যৰ শাসক বুলি স্বীকৃত ৰজা, প্ৰমুখ বা অন্য ব্যক্তিক অথবা তেনে প্ৰাবম্ভণিৰ পূৰ্বে যিকোনো সময়ত ৰাষ্ট্ৰপতিৰ দ্বাৰা তেনে শাসকৰ উত্তৰাধিকাৰী বুলি স্বীকৃত কোনো ব্যক্তিক বুজাব; ] , (২৩) “অনুসুচী” মানে এই সংবিধানৰ কোনো অনুসূচী; (২৪) “অনুসূচিত জাতি” মানে এই সংবিধান প্ৰয়োজন সমূহৰ কাৰণে অনুচ্ছেদ ৩৪১ অধীনত অনুসূচিত জাতি হিচাপে গণ্য কৰা তেনে জাতি, বৰ্ণ বা জনজাতি অথবা তেনে জাতি, বৰ্ণৰ বা জনজাতিৰ ভাগ বা তাৰ ভিতৰত থকা সমষ্টিক বুজাইছে; (২৫) “অনুসূচিত জনজাতি”মানে এই সংবিধানৰ প্ৰয়োজন সমূহৰ কাৰণে অনুচ্ছেদ ৩৪২ অধীনত অনুসূচিত জনজাতি হিচাপে গণ্য কৰা তেনে জনজাতি বা জনজাতীয় লোকসমাজ অথবা তেনে জনজাতি বা জনজাতীয় লোকসমাজৰ ভাগ বা তাৰ ভিতৰত থকা সমষ্টিক বুজাইছে, (২৬) “প্ৰতিভূতি সমূহৰ”অন্তৰ্গত নিধিপত্ৰও আহিব।

El: 3: I*

  • ]

(২৭) “উপখণ্ড” মানে যি খণ্ডত সেই পদ থাকে সেই খণ্ডৰ উপখণ্ড; (২৮) সাধাৰণ বা স্থানীয় বা বিশেষ কোনো কৰ বা শুক্ল আৰোপণ কৰাটো “কৰাৰোপণ” পদৰ অন্তৰ্ভুক্ত হৈছে আৰু কৰ’ৰ অৰ্থ তদনুসাৰে হব; (২৯) অতিৰিক্ত লাভ কৰৰ নিচিনা কোনো কৰ “আয়ৰ ওপৰত কৰ’ব অন্তৰ্ভুক্ত হব; ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা খণ্ড (২১) লোপ কৰা হৈছে। ২। সংবিধান (যষ্ঠবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৪ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (২৮- ১২-৭১ তাংৰ পৰা)। ৩। খণ্ড (২৬ ক) সংবিধান (দ্বচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাবা ৫৪ৰ দ্বাৰা অন্তঃস্থাপিত কৰা হৈছিল কিন্তু সংবিধান (ত্ৰিচৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ ৰ ধাৰা ১১ দ্বাৰা লোপ কৰা হ'ল {১৩-৪-৭৮ তাংৰ পৰা)।