পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬০ ভাৰতৰসংবিধান উনবিংশ ভাগ-বিবিধ-অনুচ্ছেদ ৩৬৬ (খ) যদি কোম্পানী সমূহে শোধ কৰা কৰৰ সম্পৰ্কত সেই কৰৰ বেলিকা প্ৰযোজ্য হব পৰা কোনো অধিনিয়মৰ দ্বাৰা কোম্পানীয়ে ব্যক্তি সমূহক শোধ কৰিবলগীয়া লাভাংশৰ পৰা কোনো কৰ্তন কৰিবলৈ প্ৰাধিকাৰ নিদিয়ে; (গ) যদি ভাৰতীয় আয়কৰৰ প্ৰয়োজন সমূহৰ বাবে এনে লাভাংশ পোৱা ব্যক্তি সমূহৰ মুঠ আয়ৰ সংগণনা কৰোতে নাইবা এনে ব্যক্তিসমূহে শোধ কৰিবলগীয়া বা ঘূৰাই পাবলগীয়া ভাৰতীয় আয়কৰৰ সংগণনা কৰোতে তেনে ভাবে শোধ কৰা কৰৰ গণনা কবাৰ কোনো উপবন্ধু নেথাকে; (৭) ‘ তস্থানীয় প্ৰদেশ’তত স্থানীয় ভাৰতীয় ৰাজ্য’বাতস্থানীয় ৰাজ্যৰ’অৰ্থ সম্বন্ধে সন্দেহৰ ক্ষেত্ৰত প্ৰশ্ন জড়িত কোনো বিশেষ প্ৰয়োজনৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা যথাস্থিতি ততৃস্থানীয় প্ৰদেশ, ততৃস্থানীয় ভাৰতীয় ৰাজ্য বা ততৃস্থানীয় ৰাজকুলি নিৰ্ধাৰিত তেনে কোনো প্ৰদেশ;ভাৰতীয় ৰাজ্য বা ৰাজ্যক বুজাব; (৮) বাৰ্ষিকী হিচাপে মূলধন পৰিশোধ কৰিবলগীয়া কোনো বাধ্যবাধকতাৰ সম্পৰ্কত থকা কোনো দায়িত্ব আৰু কোনো প্ৰত্যাভূতিৰ অধীনত থকা কোনো দায়িত্ব ‘ঋণ’ৰ অন্তৰ্ভুক্ত হব আৰু ঋণ ভাৰৰ অৰ্থতদনুসাৰে কৰা হব; (৯) সম্পদ- শুল্ক’মানে মৃত্যুৰ পিছত হস্তান্তৰিত হোৱা বা সংসদৰ দ্বাৰা বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা সেই শুল্কৰ সম্বন্ধত প্ৰণীত বিধিৰ উপবন্ধৰ অধীনত হস্তান্তৰিত বুলি গণ্য কৰা সকলো সম্পত্তিৰ, সেই বিধিৰ দ্বাৰা বা অধীনত যথাবিহিত কবা নিয়মাৱলী অনুসৰি অভিনিশ্চিত, মূল মূল্যৰ ওপৰত বা তাৰ প্ৰসংগত আবোপিত কোনো শুল্ক; (১০)‘বিদ্যমান বিধি’মানে এনে বিধি,অধ্যাদেশ, আদেশ, উপবিধি, নিয়মবা বিনিয়ম যিবিলাকনেকি এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে এনে বিধি, অধ্যাদেশ, আদেশ, উপবিধি, নিয়ম বা বিনিয়ম প্ৰস্তুত কৰিবলৈ ক্ষমতাসম্পন্ন কোনো বিধান মণ্ডল প্ৰাধিকাৰী বা ব্যক্তিৰ দ্বাৰা পাৰিত বা প্ৰণীত হৈছিল; (১১)‘ফেডাৰেল ন্যায়ালয়’মানে ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫ ৰ অধীনত গঠিত ফেডাৰেল ন্যায়ালয়; (১২) বস্তু’ পদে সকলো পদাৰ্থ, পণ্য আৰু দ্ৰব্য অন্তৰ্ভুক্ত কৰিছে (১৩) ‘প্ৰত্যাভূতি’পদে এই সংবিধান প্ৰাবণিৰ পূৰ্বে কোনো উদ্যোগৰ লাভ বিনিৰ্দিষ্ট পৰ্মিাণতকৈ কম হলে শশাধ কৰিবলৈ লোৱা আভাৰকে অন্তৰ্ভুক্ত কৰিছে; (১৪) উচ্চ ন্যায়ালয়’ মানে এই সংবিধানৰ প্ৰয়োজন সমূহৰ বাবে কোনো ৰাজ্যৰ কাৰণে উচ্চ ন্যায়ালয় বুলি গণ্য কৰা কোনো ন্যায়ালয়, আৰু ইয়াৰ অন্তৰ্ভুক্ত হৈছে— (ক) ভাৰতৰৰাজ্যক্ষেত্ৰত এই সংবিধানৰ অধীনত উচ্চ ন্যায়ালয় হিচাপে গঠিতবা পুনৰ্গঠিত কোনো ন্যায়ালয়, আৰু (খ) এই সংবিধানৰ সকলোবোৰ বা যিকোনো এটা প্ৰয়োজনৰ কাৰণে সংসদে বিধিৰ দ্বাৰা উচ্চ ন্যায়ালয় হিচাপে ঘোষণা কৰা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ আন কোনোন্যায়ালয়। (১৫) ভাৰতীয় ৰাজ্য’মানে এখন ৰাজ্য হিচাপে ভাৰতীয় ডমিনিয়ন চৰকাৰে স্বীকৃতি দিয়া কোনো ৰাজ্যক্ষেত্ৰ; (১৬) ভাগ’মানে এই সংবিধানৰ কোনো এটা ভাগ; (১৭) অৱসৰ বেতন’ মানে কোনো ব্যক্তিক বা ব্যক্তিৰ সম্পৰ্কত শোধ কৰিব লগীয়া, বৰঙণি মূলক হোৱা বা নোহোৱা, যিকোনো ধৰণৰ অৱসৰ বেতন আৰু এনে ভাবে শোধ কৰিব লগীয়া হোৱ অৱসৰ বেতন, এনে ভাবে শোধ কৰিব লগীয়া উপাদান আৰু সুদসহ বা বিনাসুদে অথবা তাৰ লগত আন কোনো ওপৰঞ্চি ধন সহ বা বিনা কোনো ভবিষ্যনিধিৰ বৰঙণি ঘূৰাই দিয়া হিচাবে শোধ কৰিব লগীয়া কোনো ধনৰাশি বা ৰাশিসমূহে ইয়াৰ অন্তৰ্ভুক্ত হব।