পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৩ ভাৰতৰ সংবিধান অষ্টাদশ ভাগ-সংকটকালীন উপবন্ধ সমূহ - অনুচ্ছেদ ৩৫৬৩৫৭ [ (৫) খণ্ড (৪) ত যিকোনো কথা থকা সত্ত্বেও, খণ্ড (৩) ৰ অধীনত অনুমোদিত কৰা কোনো উদঘোষণী সেই উঘোষণা জাৰি কৰা তাৰিখৰ পৰা এবছৰতকৈ অধিক যিকোনোকালৰ বাবে বলবৎ ৰখাৰ সম্বন্ধত সংসদৰ যিকোনোটো সদনত কোনো সংকল্প পাৰিত নকৰিব, যদিহে- (ক) এনে সংকল্প পাৰিত কৰাৰ সময়ত সমগ্ৰ ভাৰতত অথবা যথাস্থিতি সমগ্ৰ ৰাজ্যখনত বা তাৰ কোনো ভাগত সংকটকালীন অৱস্থাৰ উঘোষণা বলবং হৈ নাথাকে, আৰু, (খ) সংশ্লিষ্টৰাজ্যখনৰ বিধান সভালৈ সাধাৰণ নিৰ্বাচন পতাত হোৱা অসুবিধাবোৰৰ বাবে তেনে সংকল্পত বিনিৰ্দিষ্টকালৰকাৰণে খণ্ড (৩) অধীনত অনুমোদিত উঘোষণা বলবৎৰখাটো প্ৰয়োজনীয় বুলি নিৰ্বাচন আয়োগে প্ৰমাণিত নকৰে।]

  • [XXXX XX]

পৰন্তু এই খণ্ডৰ কোনো কথাই পঞ্জাৱ ৰাজ্যৰ সম্বন্ধত ১১ মে, ১৯৮৭ ৰখণ্ড (১)ৰ অধীনত কৰা উদ্ঘোষণাত প্ৰয়োগ নহব।] ৩৫৭(১) যেতিয়া নেকি অনুচ্ছেদ ৩৫৬ ৰ খণ্ড (১)অধীনত জাৰি কৰা কোনো উদঘঘাষণাৰ অনুচ্ছেদ ৩৫৬ দ্বাৰা এইটো ঘোষণা কৰা হয় যে সেই ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতা সমূহ সংসদৰ দ্বাৰা বা সংসদৰ অধীনত জাবিক প্ৰাধিকাৰৰ অধীনত প্ৰযোজ্য হব, তেতিয়া-- উদঘোষণাৰ অধীনত (ক) সেই ৰাজ্যৰ বিধান মণ্ডলৰ বিধি প্ৰণয়নৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিবলৈ আৰু বিধায়িনী ক্ষমতাৰ এনেভাৱে অৰ্পিত ক্ষমতা তেওঁ উচিত বুলি ভবা তেনে কোনো চৰ্ত্তৰ অধীনে, সেই মৰ্মে তেওঁ প্ৰয়োগ। বিনিৰ্দিষ্ট কৰি দিয়া আন কোনো প্ৰাধিকাৰীক প্ৰত্যাহোজন কৰিবৰ বাবে ৰাষ্ট্ৰপতিক প্ৰাধিকাৰ দিবলৈ। সংসদ সক্ষম হব; (খ) সংঘক বা তাৰ পদাধিকাৰী আৰু প্ৰাধিকাৰীসকলক ক্ষমতা অৰ্পণ আৰু কৰ্তব্য আৰোপণ কৰি নাইবা ক্ষমতা অৰ্পণ কৰিবৰ বাবে আৰু কৰ্ত্তৰ্ব আৰোপণ কৰিবৰ বাবে প্ৰধিকৃত কৰি বিধি প্ৰণয়ন কৰিবলৈ সংসদ বা ৰাষ্ট্ৰপতি বা উপখণ্ড (ক)ৰ অধীনত বিধি প্ৰণয়নৰ এনে ক্ষমতা ন্যস্ত থকা আন , প্ৰাধিকাৰী সক্ষম হব; (গ) লোেক সভাৰ অধিবেশন নবহা সময়ত সংসদৰ পৰা তেনে ব্যয়ৰ মঞ্জুৰী নোপোৱালৈকে ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ব্যয় কৰিবলৈ প্ৰাধিকৃত কৰিবৰ কাৰণে ৰাষ্ট্ৰপতি সক্ষম হব। [ (2) ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতা প্ৰয়োগ কৰি সংসদৰ দ্বাৰা বাৰাষ্ট্ৰপতিৰদ্বাৰা অথবা খণ্ড (১) ৰ উপখণ্ড (ক) ত উল্লিখিত আন কোনো প্ৰাধিকাৰীৰ দ্বাৰা প্ৰণীত এনে কোনো বিধি যি বিধি প্ৰণয়ন কৰিবলৈ অনুচ্ছেদ ৩৫৬ ৰ অধীনত উদঘাষণা জাৰিকৰাহেঁতেন সংসদ বা ৰাষ্ট্ৰপতি অথবা তেনে কোনো প্ৰাধিকাৰী সক্ষম নহ'লহেঁতেন, উদূঘোষণাৰ প্ৰৱৰ্তন নোহোৱাৰ পিচতো যেতিয়ালৈকে সমুচিত বিধান মণ্ডল বা অনি প্ৰাধিকাৰীৰ দ্বাৰা পৰিৱৰ্তন বা নিৰসন বা সংশোধন কৰা নহয় তেতিয়ালৈকে বলবৎ হৈয়েই থাকিব।] ১। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৩৮ দ্বাৰা পূৰ্বৰ খণ্ড (5) ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)। পূবৰ খণ্ড (৫) সংবিধান (অষ্টত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰদ্বাৰা অন্তঃস্থাপিত কৰা হৈছিল(ভূতলক্ষী প্ৰভাৱেৰে)। ২। সংবিধান (ত্ৰিযষ্টিতম সংশোধন) অধিনিয়ম, ১৯৮৯ ৰ ধাৰা ২ৰ দ্বাৰা (৬-১-১৯৯০ ৰ পৰা প্ৰভাৱী হোৱাকৈ) লোপ কৰা হৈছে, যি পূৰ্বে সংবিধান (উনষষ্টিতম সংশোধন) অধিনিয়ম, ১৯৮৮ ধাৰা ২ ৰ দ্বাৰা প্ৰতিষ্ঠাপিত কৰা হৈছিল। ৩। সংবিধান (চতুঃষষ্টিতম সংশোধন) অধিনিয়ম, ১৯৯০ ৰ ধাবা ২ ৰ দ্বাৰা (১৬-৪-১৯৯০ ৰ পৰা প্ৰভাৱী হোৱাকৈ) অন্তঃস্থাপিত। ৪।সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৬৭ ৰ ধাৰা ৫১ ৰ দ্বাৰা পূৰ্বৰ খণ্ড (২)ৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত (৩-১-৭৭'তাংৰ পৰা)।