পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৫২
ভাৰতৰ সংবিধান

অষ্টাদশ ভাগ-সংকটকালীন উপবন্ধ সমূহ -অনুচ্ছেদ ৩৫৬


 (খ) ঘোষণা কৰিব পাৰে যে, সেই ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতাসমূহ সংসদৰ দ্বাৰা বা সংসদৰ প্ৰাধিকাৰৰ অধীনত প্ৰয়োগযোগ্য হব;


 (গ) সেই ৰাজ্যৰ কোনো নিকায় বা প্ৰাধিকাৰী সম্পৰ্কে এই সংবিধানত দিয়া কোনো উপবন্ধৰ প্ৰৱৰ্তন সম্পূৰ্ণতঃ বা ভাগতঃ স্থগিত কৰণৰ উপবন্ধকে ধৰি উদ্ঘোষণাৰ উদ্দেশ্য কাৰ্য্যকৰী কৰিবৰ কাৰণে আৱশ্যকীয় বাবাঞ্ছনীয় বুলি ৰাষ্ট্ৰপতিয়ে ভবামতে তেনে কোনো প্ৰাসংগিক আৰু আনুষংগিক উপবন্ধ কৰিব পাৰে:


 পৰস্তু, উচ্চ ন্যায়ালয়ত নাও বা উচ্চ ন্যায়ালয়ৰ দ্বাৰা প্ৰযোজ্য কোনো ক্ষমতা নিজৰ হাতলৈ নিবলৈ নাইবা উক্ত ন্যায়ালয় সম্পৰ্কে এই সংবিধানত দিয়া কোনো উপবন্ধৰ প্ৰৱৰ্ত্তন সম্পূৰ্ণতঃ বা ভাগতঃ স্থগিত কৰিবলৈ এই খণ্ডৰ কোনো কথাইৰাষ্ট্ৰপতিক প্ৰাধিকাৰ নিদিয়ে।


 (২) এনে কোনো উদ্ঘোযণা পৰৱৰ্তী উদূঘোষণাৰ দ্বাৰা প্ৰতিসংহৰণ বা পৰিবৰ্তন কৰিব পাৰে।


 (৩) এই অনুচ্ছেদৰ অধীনত কৰা প্ৰত্যেকটো উঘোষণা সংসদৰ প্ৰত্যেক সদনত দাখিল কৰিব লাগিব আৰু পূৰ্ব্ববৰ্তী উদ্ঘোযণা প্ৰতিসংহৰণ কৰা উদ্ ঘোষণাৰ বাহিৰে আন উঘোষণা যদি দুমাহ কাল অতিবাহিত হোৱাৰ আগতে সংসদৰউভয় সদনৰ সংকল্পৰ দ্বাৰা অনুমোদিতনহয় তেনেহলে সেই দুমাহ কাল অতিবাহিত হোৱাৰ লগে লগে প্ৰৱৰ্তন নোহোৱা হবঃ


 পৰস্তু, লোক সভা বিঘটিত হোৱা সময়ত যদি এনে কোনো উদঘঘাষণা (পূৰ্ব্ববৰ্তী উদূঘোষণা প্ৰতিসংহৰণ কৰা উদূঘোষণাৰ বাহিৰে কৰা হয় বা এই খণ্ডত উল্লেখ কৰা দুমাহ কালৰ ভিতৰত লোকসভাৰ বিঘটন হয়,আৰু যদিৰাজ্য সভাৰ দ্বাৰা উদূঘোষণা অনুমোদন কৰা কোনো সংকল্প পাৰিত হয় আৰু সেই কালছোৱা অতিবাহিত হোৱাৰ আগতে এনে উদূঘোষণা সম্পৰ্কে কোনো সংকল্প যদি লোক সভাৰ দ্বাৰা পাৰিত নহয়, তেনেহলে পুৰ্নগঠিত লোক সভাৰ প্ৰথম বৈঠক বহা দিনটোৰ পৰা ধৰি ত্ৰিশ দিনৰ অন্তত যদিহে লোক সভাৰ দ্বাৰাও সেই ত্ৰিশ দিন অন্ত পৰাৰ আগতে উদ্ঘোযণা অনুমোদন কৰি সংকল্প পাৰিত নহয়, সেই উদ্ঘোযণাৰ প্ৰৱৰ্ত্তন নোহোৱা হব।


 (৪) এনেদৰে অনুমোদিত কোনো উদঘোযণা যদিহেপ্ৰতিসংহৰণ কৰানহয়, তেনেহলে [উদূঘোষণা জাৰি কৰা তাৰিখৰ পৰা ছমাহ] কাল অৱসানৰ অন্তত তাৰ প্ৰৱৰ্ত্তন নোহোৱা হবঃ


 পৰস্তু, সংসদৰ উভয় সদনৰ দ্বাৰা যদি এনে কোনো উদ্ঘঘাষণা বলবৎকৰি ৰাখিবলৈ অনুমোদন কৰি সংকল্প পাৰিত হয় আৰু যিমান বাৰলৈ পাৰিত হয় সিমানবাৰলৈ সেইউঘোষণা যদিহে প্ৰতিসংহৰণ কৰা নহয়, এই খণ্ডৰ অধীনত অন্যথা যিদিনা ইয়াৰ প্ৰৱৰ্তন নোহোৱা হ'লহেঁতেন সেইদিনাৰ পৰা আৰু [ছমাহলৈ] বলবৎ হৈ থাকিব, কিন্তু কোনো ক্ষেত্ৰতে এনে কোনো উঘোষণা তিনি বছৰতকৈ অধিক কাল বলবৎনাথাকিব ও উপন্তু, এনে কোনো ছমাহা কালৰ ভিতৰত যদি লোক সভাৰ বিঘটন হয় আৰু ৰাজ্য সভাৰ দ্বাৰা এনে উদ্ঘোষণা বলবৎ কৰি ৰাখিবৰ কাৰণে অনুমোদন কৰি সংকল্প পাৰিত হয় অথচ সেই কালছোৱাৰ ভিতৰত এনে কোনো উদঘোষণা বলবৎ কৰি ৰখাৰ সম্বন্ধত যদি লোক সভাৰ দ্বাৰা কোনো সংকল্প পাৰিত নহয় তেনেহলে পুনৰ্গঠিত লোক সভাৰ প্ৰথম বৈঠক বহা দিনটোৰ পৰা ধৰি ত্ৰিশ দিন অন্তত যদিহে লোকসভাৰ দ্বাৰাও সেই ত্ৰিশ দিন অন্ত পৰাৰ আগতে উদ্ঘোষণা বলবৎকৰি ৰাখিবলৈ অনুমোদন কৰি সংকল্প পাৰিত নহয়, সেই উদূঘোষণাৰ প্ৰৱৰ্ত্তন নোহোৱা হবঃ [অধিকন্তু পঞ্জাৱ ৰাজ্যৰ সম্বন্ধত ১১ মে, ১৯৮৭ ত খণ্ড (১) ৰ অধীনত কৰা উদ্ঘোষণাৰ ক্ষেত্ৰত এই খণ্ডৰ প্ৰথম পৰম্ভকত “তিনি বছৰৰপ্ৰতি কৰা নিৰ্দেশক [পাঁচ বছৰ]প্ৰতিক নিৰ্দেশ হিচাপে অৰ্থকৰা হব।] ! ১।সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩৮ৰদ্বাৰা “এবছৰৰপৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ব ধাৰা ৫০ ৰ দ্বাৰা পূৰ্বৰ “ছমাহ” কালৰ পৰিবৰ্ত্তে “এবছৰকৰা হৈছিল। ২।সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩৮ৰদ্বাৰা “এবছৰৰপৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৫০ ৰ দ্বাৰা পূৰ্বৰ “ছমাহ” কালৰ পৰিবৰ্ত্তে “এবছৰ”কৰা হৈছিল। ৩। সংবিধান (চতুঃষষ্টিতম সংশোধন) অধিনিয়ম, ১৯৯০ৰ ধাৰা ২ ৰ দ্বাৰা (১৬-৪-১৯৯০ ব পৰা প্ৰভাবী হোৱাকৈ) অন্তঃস্থাপিত। ৪। সংবিধান (সপ্তষ্টিতম সংশোধন) অধিনিয়ম, ১৯৯০ ৰ ধাৰা ২ৰদ্বাৰা (৪-১০-১৯৯০ ৰ পৰা প্ৰভাৱী হোৱাকৈ) আৰু তাৰ পিচত সংবিধান (অষ্টষষ্টিতম সংশোধন) অধিনিয়ম, ১৯৯১ ৰ ধাৰা ২ৰ দ্বাৰা (১২-৩-১৯৯১ ৰ পৰা প্ৰভাৱী হোৱাকৈ) সংশোধিত হৈ বৰ্তমান ৰূপত আছে।