পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৮ ভাৰতৰ সংবিধান ভাষিক সংখ্যালঘু সপ্তদশ ভাগ-বাজভাযা-অনুচ্ছেদ ৩৫০খ -৩৫১ ৩৫০খ। (১) ভাষিক সংখ্যালঘু সকলৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন বিশেষ পদাধিকারী সকলৰ বাবে বিশেষ থাকিব। পদাধিকাৰী। (২) এই সংবিধানৰ অধীনত ভাষিক সংখ্যালঘু সকলৰ বাবে উপবন্ধিত ৰক্ষণাবেক্ষণ সম্বন্ধীয় সকলাে বিষয়ে অনুসন্ধান কৰাটো আৰু এই বিষয় সমূহৰ ওপৰত ৰাষ্ট্ৰপতিৰ দ্বাৰা যথানিৰ্দেশিত সময়ৰ ব্যৱধানত ৰাষ্ট্ৰপতিৰ ওচৰত প্রতিবেদন দাখিল কৰাটো এই বিশেষ পদাধিকাৰী জনৰ কৰ্ত্তব্য হব আৰুৰাষ্ট্রপতিয়ে এনে সকলাে প্রতিবেদন সংসদৰ প্রত্যেক সদতে দিয়াব আৰু সংশ্লিষ্ট ৰাজ্যখনৰ চৰকাৰলৈকো পঠোৱাব।] হিন্দী ভাষাৰ উন্নয়নৰ ৩৫১। হিন্দী ভাষাৰ প্ৰসাৰ বৃদ্ধি কৰি ভাৰতৰ মিশ্রিত সংস্কৃতিৰ সকলাে উপাদানৰ অভিব্যক্তিৰ অর্থে নির্দেশ। মাধ্যম ৰূপে সেৱা কৰিব পৰাকৈ ইয়াৰ উন্নতি সাধন কৰা আৰু এই ভাষাৰ নিজস্ব প্রতিভাৰ ওপৰত হস্তক্ষেপ নকৰাকৈ হিন্দুস্থানী আৰু অষ্টম অনুসূচীত বিনিৰ্দিষ্ট ভাৰতৰ অন্যান্য ভাষাবােৰৰ ৰূপ, ঠাঁচ আৰু অভিব্যক্তি সমূহ আহৰণৰ যােগেদি আৰু ইয়াৰ শব্দকোষৰ বাবে য’তেই আৱশ্যকীয় বা বাঞ্চনীয় হয় ততেই মুখ্যতঃ সংস্কৃতৰ পৰা আৰু গৌণতঃ আন ভাষাবােৰৰ পৰা শব্দ সংগ্রহ কৰি হিন্দী ভাষাৰ সমৃদ্ধি সুনিশ্চিত কৰাটো সংঘৰ কৰ্ত্তব্য হব।