পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৫ সপ্তদশ ভাগ ৰাজভাষা প্রথম অধ্যায় -সংঘৰ ভাষা ৩৪৩।(১) সংঘৰ ৰাজভাষা দেৱগৰী লিপিত লিখা হিন্দী হ'ব। সংঘৰ চৰকাৰী প্রয়ােজনৰ বাবে ব্যৱহাৰ কৰিব লগীয়া সংখ্যাৰ ৰূপ ভাৰতীয় সংখ্যাৰ অন্তৰাষ্ট্ৰীয় সংঘৰ ৰাজভাষা। ৰূপ হ'ব। (২) খণ্ড (১)ত যিকোনাে কথা থকা সত্ত্বেও, এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পােন্ধৰ বছৰ কালৰ বাবে, এনে প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্ব্বে সংঘৰ যিবােৰ চৰকাৰী প্রয়ােজনৰ বাবে ইংৰাজী ভাষা ব্যৱহাৰ কৰা হৈছিল তেনে সকলােবােৰ চৰকাৰী প্রয়ােজনৰ বাবে ইংৰাজী চলি থাকিবঃ পৰন্তু, ৰাষ্ট্ৰপতিয়ে, উক্ত কালছােৱাৰ ভিতৰত আদেশৰ দ্বাৰা সংঘৰ যিকোনাে চৰকাৰী প্রয়ােজনৰ বাবে ইংৰাজী ভাষাৰ উপৰিও হিন্দী ভাষা আৰু অন্তৰাষ্ট্ৰীয় ৰূপৰ ভাৰতীয় সংখ্যাৰ উপৰিও সংখ্যাৰ দেৱনাগৰী ৰূপ ব্যৱহাৰ কৰিবলৈ প্ৰাধিকাৰ দিব পাৰে। (৩) এই অনুচ্ছেদত যিকোনাে কথা থকা সত্ত্বেও, সংসদে বিধিৰ দ্বাৰা উক্ত পােন্ধৰ বছৰ কালৰ পিচতাে এনে প্রয়ােজনৰ বাবে - (ক) ইংৰাজী ভাষা, অথবা (খ) দেৱনাগৰী ৰূপৰ সংখ্যা, ব্যৱহাৰ কৰিবলৈ উপবন্ধ কৰিব পাৰে, যিবিলাক প্রয়ােজন সেই বিধিত বিনির্দিষ্ট কৰি দিয়ে। ৩৪৪(১) ৰাষ্ট্রপতিয়ে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পাঁচ বছৰৰ মূৰত আৰু তাৰ পিচত এনে ৰাজভাষাৰ সম্বন্ধত প্ৰাৰম্ভণিৰ পৰা দহ বছৰৰ মুৰত আদেশৰ দ্বাৰা এটা আয়ােগ গঠন কৰিব যি আয়ােগ ৰাষ্ট্রপতিৰ দ্বাৰা আয়ােগ আৰু যথা,নিযুক্ত এজন সভাপতি আৰু অষ্টম অনুসূচীত বিনির্দিষ্ট বিভিন্ন ভাষাক প্রতিনিধিত্ব কৰা এনে সংসদৰ সমিতি। আন সদস্য সকলৰে গঠিত হ’ব আৰু সেই আদেশে আয়ােগৰ দ্বাৰা অনুসৰণীয় প্রক্রিয়া পৰিভাষিত কৰি দিব। (২) আয়ােগৰ কৰ্ত্তব্য হ'ব (ক) সংঘৰ চৰকাৰী প্রয়ােজন সমূহৰ বাবে হিন্দী ভাষাক উত্তৰােত্তৰ অধিক ব্যৱহাৰ কৰাত; (খ) সংঘৰ সকলাে বা যিকোনাে চৰকাৰী প্রয়ােজনৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰৰ ওপৰত নিবন্ধন আৰােপ কৰাত; (গ) অনুচ্ছেদ ৩৪৮ত উল্লিখিত প্রয়ােজন সমূহৰ সকলাে বা যিকোনােটোৰ বাবে ব্যৱহাৰ কৰিব লগীয়া ভাষাৰ ক্ষেত্ৰত; (ঘ) সংঘৰ যিকোনােটো বা ততােধিক বিনিৰ্দিষ্টপ্রয়ােজন সমূহৰবাবে ব্যৱহাৰ কৰিবলগীয়া সংখ্যাৰ ৰূপৰ সম্পৰ্কত', (ঙ) সংঘৰ ৰাজভাষাৰ সম্বন্ধত আৰু সংঘৰ আৰু কোনাে এখন ৰাজ্যৰ মাজত অথবা এখন ৰাজ্য আৰু আন এখনৰ মাজত যােগযােগৰ বাবে ভাষাৰ সম্বন্ধ আৰু তাৰ ব্যৱহাৰৰ সম্বন্ধত ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়ােগৰ প্রতি নির্দেশিত আন যিকোনাে বিষয়ত; ৰাষ্ট্রপতিলৈ চুপাৰিছ কৰা। ১| সংবিধান আদেশ ৪১ দ্রষ্টব্য।