পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>88 ভাৰতৰ সংবিধান যষ্ঠদশ ভাগ -কিছুমান শ্ৰেণীৰ সম্পর্কে বিশেষ উপবন্ধ-অনুচ্ছেদ ৩৪০-৩৪২ ৩৪০।(১) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত সামাজিক আৰু শিক্ষা বিষয়ক অনুন্নত শ্রেণীসমূহৰ অনুন্নত শ্রেণী সমূহৰ অৱস্থাৰ বিষয়ে আৰু কেনেবােৰ অসুবিধাৰ মাজত তেওঁলােকে শ্ৰম কৰে সেই বিষয়ে অনুসন্ধান অস্থাব অনুসন্ধান কৰি তেনে অসুবিধা দূৰ কৰিবৰ কাৰণে আৰু তেওঁলােকৰ অৱস্থা উন্নত কৰিবলৈ সংঘ বা কোনাে কৰিবলৈ আয়ােগৰ ৰাজ্যই হাতত লবলগীয়া ব্যৱস্থা সম্পর্কে আৰু সেই উদ্দেশ্যেৰে সংঘ বা কোনো ৰাজ্যই কিমান নিযুক্তি। অনুদান দিয়া উচিত আৰু কেনে চৰ্ত্ত সাপেক্ষে এনে অনুদান দিয়া উচিত সেই সম্পর্কে ছুপাৰিছ কৰিবলৈ ৰাষ্ট্রপতিয়ে, আদেশৰ দ্বাৰা তেওঁ উপযুক্ত বিবেচনা কৰা ব্যক্তি সমূহৰে গঠিত এটি আয়ােগ নিযুক্ত কৰিব পাৰে, আৰু এনে আয়ােগ নিযুক্ত কৰা আদেশে সেই আয়ােগে অনুসৰণ কৰিবলগীয়া প্রক্রিয়াও পৰিভাষিত কৰি দিব। (২) এনে ভাৱে নিযুক্ত আয়ােগে তেওঁলােকলৈ নির্দেশিত কৰা সকলাে বিষয়ে অনুসন্ধান কৰিব আৰু অনুসন্ধান কৰি পােৱা তথ্য সমূহ সন্নিবিষ্ট কৰি আৰু তেওঁলােকে উচিত বিবেচনা কৰা ছুপাৰিছ সমূহ দি ৰাষ্ট্ৰপতিৰ ওচৰত এখন প্রতিবেদন দাখিল কৰিব। (৩) এনে ভাৱে দিয়া প্রতিবেদন প্রতিলিপি এখন আৰু লগতে সেই সম্পর্কত লােৱা কৰ্ম্মপন্থাৰ বিষয়ে ব্যাখ্যা কৰি জ্ঞাপন এখন সংসদৰ প্রত্যেক সদনতে ৰাষ্ট্রপতিয়ে দাখিল কৰাব। ৩৪১।(১) ৰাষ্ট্রপতিয়ে [ ] [বা সংঘ বাজ্যক্ষেত্ৰৰ] সম্বন্ধত, আৰু ৰাজ্য হলে [***]তাৰ অনুসূচিত জাতিসমূহ। ঝজ্যপালৰ [***] লগত পৰামৰ্শ কৰাৰ পিচত (যথাস্থিতি সেই ৰাজ্যৰ বা সংঘ বাক্ষেত্ৰৰ] সম্পৰ্কত কোনবােৰ বর্ণ, জাতি বা জনজাতি অথবা বর্ণ, জাতি বা জনজাতিৰ ভিতৰত কোনবােৰ ভাগ বা সমষ্টি এই সংবিধানৰ প্ৰয়ােজনৰ বাবে অনুসূচিত জাতি বুলি গণ্য কৰা হব তাকে লােক অধিসূচনাৰ দ্বাৰা বিনির্দিষ্ট কৰি দিব পাৰে। (২) খণ্ড (১)ৰ অধীনত জাৰি কৰা কোনাে অধিসূচনাৰ বিনির্দিষ্ট কৰি দিয়া কোনাে বর্ণ, জাতি, বা জনজাতি নাইবা কোনাে বর্ণ, জাতি বা জনজাতি সমূহৰ ভাগ সমষ্টিক সংসদে বিধিৰ দ্বাৰা অনুসূচিত জাতিৰ সূচীৰ অন্তর্ভুক্ত কৰিবনাইবা বহির্ভূত কৰিব পাৰে। কিন্তু পূর্বোক্ত ব্যৱস্থাৰ ব্যতিৰেকে, সেই খণ্ড মতে, জাৰি কৰা অধিসূচনা এখন কোনাে পৰবৰ্তী অধিসূচনাৰ দ্বাৰা পৰিবৰ্তন কৰিব নােৱাৰিব।

৩৪২।(১)[কোনাে ৰাজ্যৰ] বা সংঘ ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত, আৰু ৰাজ্য হলে [ *] তাৰ অনুসূচিত ৰাজ্যপালৰ [***] লগত পৰামৰ্শ কৰাৰ পিচত (যথস্থিতি সেই ৰাজ্যৰ বা সংঘ ৰাজক্ষেত্র] : জনজাতিসমূহ। সম্পৰ্কত কোনবােৰ জনজাতি বা জনজাতীয় সম্প্রদায় অথবা জনজাতি বা অজনজাতীয় সম্প্রদায়ৰ ভিতৰত কোনবােৰ ভাগ সমষ্টিক এই সংবিধানৰ প্ৰয়ােজনৰ কাৰণে অনুসূচিত জনজাতি বুলি গণ্য কৰা হব তাক লােক অধিসূচনাৰ দ্বাৰা বিনিৰ্দিষ্ট কৰি দিব পাৰে। (২) খণ্ড (১)ৰ অধীনত জাৰি কৰা কোনাে তাধিসূচনা বিনির্দিষ্ট কৰি দিয়া কোনাে জনজাতি বা জনজাতীয় সম্প্রদায় নাইবা জনজাতি বা জনজাতীয় সম্প্রদায়ৰ ভিতৰত থকা ভাগ বা সমষ্টিক সংসদে বিধিৰ দ্বাৰা অনুসূচিত জনজাতিৰ সূচীত অন্তর্ভুক্ত বা বর্হিভূত কৰিব পাৰে কিন্তু, পূর্বোক্ত ব্যৱস্থাৰ ব্যতিৰেকে সেই খণ্ড মতে জাৰি কৰা অধিসূচনা এখন কোনাে পবৰ্ত্তী অধিসূচনাৰ দ্বাৰা পৰিবৰ্ত্তন কৰিব নােৱাৰিব। ১।সংবিধান (প্রথম সংশােধন) অধিনিয়ম, ১৯৫১ ৰ ১০ ধাৰাৰ দ্বাৰা প্রতিষ্ঠাপিত। ২।সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ব ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা অন্তঃস্থাপিত। ৩। উক্ত অধিনিয়মৰ উক্ত ধাৰা আৰু অনুসূচীৰ দ্বাৰা লােপ কৰা হৈছে। ৪। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু তানুসূচীৰ দ্বাৰা 'ব| বাজপ্রমুখ’ কথাখিনি লােপ কৰা হৈছে।