পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাবত্ব সংবিধান ১৪৩ যষ্ঠদশ ভাগ -কিছুমান শ্রেণীব সম্পর্কে বিশেষ উপবন্ধ -অনুচ্ছেদ ৩৩৮ ৩৩৯ (৭) যত এনে কোনাে প্রতিবেদন বা তাৰ কোনাে অংশ, কোনাে ৰাজ্য চৰকাৰৰ লগত সম্বন্ধ থকা কোনাে বিষয় সম্বন্ধত হয়, এনে প্রতিবেদনৰ এখন প্রতিলিপি সেই ৰাজ্যৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰাহ’ব যিয়ে ইয়াক সেইৰাজ্যৰ বিধান মণ্ডলৰ সন্মুখত উপস্থাপন কৰাব আৰু তাৰ লগত ৰাজ্যখনৰ সম্বন্ধত ছুপাৰিছৰ ওপৰত গ্ৰহণ কৰা বা গ্ৰহণ কৰিবলৈ প্রস্তাৱিত কাৰ্য ব্যৱস্থা আৰু কোনাে এনে ছুপাৰিছৰ অস্বীকৃতিৰ বাবে, যদি আছে, কাৰণ সমূহৰ স্পষ্টীকৰণ দিয়া এখন স্মাৰক পত্ৰ থাকিব। (৮)আয়ােগৰ, খণ্ড'(৫)ৰ উপখণ্ড (ক) ত নির্দেশিত কোনাে বিষয়ৰ অনুসন্ধান কৰাৰ সময়ত বা উপখণ্ড (খ) ত নির্দেশিত কোনাে গােচৰৰ তদন্ত কৰাৰ সময়ত, আৰু বিশেষত ও নিম্নলিখিত বিষয় সমূহৰ সম্বন্ধত এখন চিভিল ন্যায়ালয়ৰ কোনাে বাদ বিচাৰৰ সময়ত থকা সকলাে ক্ষমতা থাকিব; যথা ঃ- (ক) ভাৰতৰ কোনাে ভাগৰ পৰা কোনাে ব্যক্তিক ছমন কৰা আৰু হাজিৰ কৰােৱা আৰু শপতৰ ওপৰত তেওঁক পৰীক্ষা কৰা ; i (খ) কোনাে দস্তাবেজৰ প্রকট আৰু দাখিল কৰাৰ বাবে অপেক্ষিত কৰা; 1

(গ) শপত পত্ৰৰ ওপৰত সাক্ষ্য গ্রহণ কৰা।

(ঘ) কোনাে ন্যায়ালয় বা কাৰ্যালয়ৰ পৰা কোনাে লােক অভিলেখ বা তাৰ প্রতিলিপি অভিগ্রহণ কৰা; (ঙ) সাক্ষী আৰু দস্তাবেজ সমূহৰ পৰীক্ষাৰ বাবে আয়ােগ প্ৰেৰণ কৰা ; (চ) আন কোনাে বিষয়, যি ৰাষ্ট্রপতিয়ে নিয়মৰ দ্বাৰা অৱধাৰিত কৰে। (৯) সংঘ আৰু প্রত্যেক ৰাজ্য চৰকাৰে অনুসূচিত জাতি আৰু অনসূচিত জনজাতি সমূহক প্ৰভাৱিত কৰা সকলাে মুখ্য নীতিগত বিষয়ৰ ওপৰত আয়ােগৰ সৈতে পৰামৰ্শ কৰিব।

  • [(১০)] এই অনুচ্ছেদ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ প্ৰতি থকা নির্দেশে

অনুচ্ছেদ ৩৪০ ৰ খণ্ড (১) ৰ অধীনত নিযুক্ত কৰা আয়ােগৰ পৰা প্রতিবেদন পাই, ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যথা বিনির্দিষ্ট কৰি দিয়া আন কোনাে অনুন্নত শ্ৰেণীৰ প্ৰতি আৰু এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ প্ৰতি থকা নির্দেশকে অন্তর্গত কৰা বুলি অর্থ কৰিব। অনুসূচিত অঞ্চলবােৰৰ ৩৩৯।(১) [*** ***] ৰাজ্যবােৰৰ অনুসূচিত অঞ্চল বিলাকৰ প্ৰশাসনৰ আৰু অনুসূচিত প্রশাসনৰ ওপৰত আৰু জনজাতি সমুহৰ কল্যাণৰ বিষয়ে প্রতিবেদন দিবলৈ ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যিকোনাে সময়তে অনুসূচিত জনজাতি এটি আয়ােগ নিযুক্ত কৰিব পাৰে আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা দহ বছৰৰ মূৰত তেনে আয়ােগ সমূহৰ কল্যাণৰ নিযুক্ত কৰিব লাগিব। বিষয়ত সংঘৰ নিয়ন্ত্রণ। সেই আদেশত আয়ােগৰ গঠন, ক্ষমতা আৰু প্রক্রিয়া পৰিভাষিত কৰি দিব পাৰে আৰু ৰাষ্ট্রপতিয়ে আৱশ্যকীয় বা বাঞ্চনীয় বুলি বিবেচনা কৰা মতে তেনে কোনাে প্রাসংগিক বা আনুসংগিক উপবন্ধও কৰিব পাৰে। (২) কোনাে ৰাজ্যৰ অনুসূচিত জনজাতি সমূহৰ কল্যাণৰ কাৰণে অত্যাৱশ্যকীয় বুলি নির্দেশিত বিনিৰ্দিষ্টকৰি দিয়া আঁচনি সমূহৰ প্ৰস্তুতকৰণ আৰু কাৰ্যকৰী কৰা বিষয়ত [কোনাে ৰাজ্যক নির্দেশ দিবলৈ সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত হব। ১। সংবিধান (পঞ্চষ্টিতম সংশােধন) আধিনিয়ম, ১৯৯০ ৰ দ্বাৰা পুনঃ সংস্থাপিত। ২। সংবিধান (সপ্তম সংশােধন) অধিনিয়ম ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা প্রথম অনুসূচীৰ ক ডাগ আৰু খ ভাগত নির্দিষ্ট এই কথাখিনি লোপ কৰা হৈছে। ৩। উক্ত অধিনিয়মৰ দ্বাৰা এনে যিকোনাে ৰাজ্যৰ পৰিবৰ্ত্তে প্রতিষ্ঠাপিত।