পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৮ ষষ্ঠদশ ভাগ কিছুমান শ্রেণীৰ সম্পর্কে বিশেষ উপবন্ধ সমূহ ৩৩০[(১) লােক সভাত অনুসূচিত জাতি আৰু "অনুসূচিত জনজাতি : সমূহৰ কাৰণে লােক সভাত আসনৰ আৰক্ষণ। (ক) অনুসূচিত জাতি সমূহৰ কাৰণে, (খ) “অসমৰ স্বায়ত্তশাসিত জিলা সমূহত থকা অনুসূচিত জনজাতি সমূহৰ বাহিৰে অনুসূচিত জনজাতি সমূহ”; আৰু] (গ) অসমৰ স্বায়ত্ত জিলা সমূহৰ অনুসূচিত জনজাতি সমূহৰ কাৰণে – আসন আৰক্ষিত থাকিব। (২) খণ্ড (১)ৰঅধীনত কোনাে ৰাজ্যত [ বা সংঘ ৰাজ্যক্ষেত্ৰত] অনুসূচিত জাতিৰ বা জনজাতিৰ কাৰণে আৰক্ষিত আসনৰ সংখ্যাৰ লগত সেই ৰাজ্যৰ [ বা সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে আবণ্টিত লােক সভাৰ মুঠ আসনৰ সংখ্যাৰ অনুপাত যি ৰাজ্যৰ [ বা সংঘ ৰাজ্যক্ষেত্র] ৰ সম্বন্ধত এনেকৈ আসন আৰক্ষিত ৰখা হয় যথাস্থিতি সেই ৰজা [বা সংঘ ৰাজ্যক্ষেত্ৰৰ কোনাে ভাগৰ অনুসূচিত জাতিৰ বা অনুসূচিত জনজাতিৰ জনসংখ্যাৰ লগত সেই ৰাজ্যৰ * [ বা সংঘ ৰাজ্যক্ষেত্ৰৰ মুঠ জনসংখ্যাৰ যি অনুপাত হব তাৰ সৈতে যথা সম্ভৱ একে হব। (৩) খণ্ড (২)ত যিকোনাে কথা থকা সত্ত্বেও, অসমৰ স্বায়ত্ত জিলা সমূহৰ অনুসূচিত জনজাতি সমূহৰ বাবে লােক সভাত আৰক্ষিত আসন সমূহৰ সংখ্যাৰ লগত সেই ৰাজ্যৰ বাবে আবণ্টিত মুঠ আসনৰ সংখ্যাৰ অনুপাত, সেই স্বায়ত্ত জিলা সমূহ অনুসূচিত জনজাতি সমূহৰ জনসংখ্যা আৰু ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ মাজত থকা অনুপাততকৈ কম.নহর। [স্পষ্টীকৰণ ঃ- এই অনুচ্ছেদ আৰু অনুচ্ছেদ ৩৩২ ত জনসংখ্যা পদে এনে অন্তিম পূর্ববর্তী জনগণনাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্রাসঙ্গিক সংখ্যাসমূহ প্রকাশিত হৈছে ও পৰস্তু, এই স্পষ্টীকৰণত প্রাসঙ্গিক সংখ্যাসমূহ প্রকাশিত হােৱা অন্তিম পূর্ববর্তী জনগণনাৰ প্ৰতি থকা নির্দেশে ২০০০ চনৰ পিচত অনুষ্ঠিত প্রথম জনগণনাৰ প্রাসঙ্গিক সংখ্যাসমূহ প্রকাশিত নােহােৱা পৰ্য্যন্ত, ১৯৭১ চনৰ জনগণনাৰ প্ৰতি কৰা নির্দেশ বুলি অর্থ কৰা হব। ১। সংবিধানৰ (এক পঞ্চাশতম সংশোধন) অধিনিয়ম, ১৯৮৪ ৰ ধাৰা ২ ৰ দ্বাৰা উপখণ্ড (খ) ৰ বাবে, (১৬-৬-১৯৮৬ ৰ পৰা প্ৰভারী হােৱাকৈ) প্রতিষ্ঠাপিত। ২। সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা অন্তঃস্থাপিত। ৩। সংবিধান (একত্রিংশ সংশোধন) অধিনিয়ম, ১৯৭৩ ৰ ধাৰা ৩ ৰ দ্বাৰা অন্তঃস্থাপিত। ৪। সংবিধান (দ্বাচত্বাৰিংশ সংশােধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৪৭ ৰ দ্বাৰা অন্তঃস্থাপিত (৩-১-৭৭ তাংৰ পৰা)। •