পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২

ভাৰতৰ সংবিধান

চতুৰ্দশ ভাগ-সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ --অনুচ্ছেদ-৩১৯ ৩২০ (গ) সংঘ-লোক সেৱা আয়োগৰ অধ্যক্ষৰ বাহিৰে আন কোনো সদস্য সংঘ লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে বা আন কোনো ৰাজ্যব লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাত্ৰ হব, কিন্তু ভাৰত চৰকাৰ নাইবা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত আন কোনো নিযুক্তি পাবৰ কাৰণে পাত্ৰ হব নোৱাৰিব। (ঘ) কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষৰ বাহিৰে আন কোনো সদস্য সংঘৰ লোক. সেৱা আয়োগৰ অধ্যক্ষ বা আন যিকোনো সদস্যৰূপে অথবা সেই ৰাজ্যৰবা আন কোনো ৰাজ্যৰ লোেক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাত্ৰ হব, কিন্তু ভাৰত চৰকাৰ বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত আন কোনো নিযুক্তিৰ বাবে পাত্ৰ হব নোৱাৰিব। • লোক সেৱা আয়োেগ সমূহৰ কৃত্য সমূহ। ৩২০।(১):সংঘৰ আৰু ৰাজ্যৰ লোক সেৱা আঁয়োগ সমুহৰ কৰ্তব্য হব যথাক্ৰমে সংঘ আৰু ৰাজ্যৰ সেৱা সমূহত নিযুক্তিৰ কাৰণে পৰীক্ষা সমূহ লোৱ। . (২) যদি দুই বা ততোধিক ৰাজ্যই তেনে কৰিবলৈ অনুৰোধ জনায়, তেনেহলে যিবোৰ সেৱাৰ কাৰণে বিশেষ অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলৰ আৱশ্যক হয় তেনেবোৰ সেৱাৰ কাৰণে যুটীয়া ভৰ্ত্তিৰ বাবে আচঁনি প্ৰস্তুত কৰা আৰু প্ৰৱৰ্তন কৰাত সেইবোৰ ৰাজ্যক সহায় কৰাটোও সংঘ-লোক সেৱা আয়োগৰ কৰ্তব্য হব। (৩) যথাস্থিতি মতে, সংঘ-লোক সেৱা আয়োগ বা ৰাজ্য-লোক সেৱা আয়োগৰ লগত (ক) অসামৰিক সেৱা আৰু অসামৰিক পদৰ কাৰণে ভৰ্তিকৰাৰ প্ৰণালীসম্পৰ্কীয় সকলো বিষয়ত; (খ) অসামৰিক সেৱা আৰু পদত নিযুক্তি দিওঁতে আৰু এটা সেৱাৰ পৰা আনটোলৈ পদোন্নতি বা স্থানান্তৰ কৰোতে আৰু এনে নিযুক্তি, পদোন্নতি বা স্থানান্তৰ বাবে প্ৰাৰ্থী সকলৰ উপযুক্ততা সম্পৰ্কে অনুসৰণ কৰিব লগীয়া নীতি সম্পৰ্কে।

(গ) ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত অসামৰিক সামৰ্থ্যৰে সেৱা কৰা কোনো ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলোৱা অনুশাসনমূলক সকলো বিষয় আৰু সেই সম্পৰ্কত দিয়া,স্মাৰক পত্ৰ আৰু দৰ্খাস্তৰ বিষয়ত; . (ঘ) নিজৰ কৰ্তব্য সম্পাদন কৰোতে কৰা হোৱা বা কৰা বুলি অভিপ্ৰেত কোনো কাৰ্য্যৰ সম্বন্ধত তেওঁৰ বিৰুদ্ধে অনা বিধিক কাৰ্য্যবাহী সমূহত প্ৰতিৰক্ষা কৰোতে তেওঁ বহন কৰা কোনো খৰচ যথাস্থিতি মতে, ভাৰতব সঞ্চিত নিধিৰ পৰা বা সেই ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা শোধ কৰিব লাগে বুলি ভাৰত চৰকাৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত বা সম্ৰাটৰ অধীনত ভাৰতত বা, কোনো ভাৰতীয় ৰাজ্য চৰকাৰৰ অধীনত অসামৰিক সামৰ্থ্যৰে সেৱা কৰি থকা বা পূৰ্বে সেৱা কৰা কোনো ব্যক্তিৰ দ্বাৰা বা সম্বন্ধত তোলা কোনো দাবীৰ বিষয়ত; (ঙ) ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত বা সম্ৰাটৰ অধীনত ভাৰতত বা কোনো ভাৰতীয় ৰাজ্যৰ চৰকাৰৰ অধীনত অসামৰিক সামৰ্থ্যৰে সেৱা কৰি থাকোতে কোনো ব্যক্তিয়ে পোৱা আঘাতৰ সম্বন্ধত অৱসৰ বেতন পাবৰ কাৰণে কৰা কোনো দাবীৰ বিষয়ে আৰু এনে কোনো অৰসৰ বেতনুৰ পৰিমাণ বিষয়ক কোনো প্ৰশ্নৰ বিষয়ত, পৰামৰ্শ কৰিব লাগিব, আৰু এনেদৰে আয়োগলৈ নিৰ্দেশিত কৰা কোনো বিষয়ত আৰু যথাস্থিতি মতে, ৰাষ্ট্ৰপতিয়ে বা সেই ৰাজ্যৰ ৰাজ্যপালে [ আয়োগলৈ নিৰ্দেশিত কৰা আন যিকোনো বিষয়ত মন্ত্ৰণা দিয়াটো লোক সেৱা আয়োগৰ কৰ্তব্য হব ঃ ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰাবাৰাজপ্ৰমুখ” শব্দ সমুহ লোপ কৰা হৈছে।