পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪ ত্ৰয়োদশ ভাগ : : : ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বেপাৰ, বাণিজ্য আৰু আদান-প্ৰদান বেপাৰ, বাণিজ্য আৰু ৩০১।এই ভাগৰ তান্যান্য উপবন্ধ সাপেক্ষে ভাৰতৰ সমগ্ৰ ৰাজ্যক্ষেত্ৰতে বেপাৰ, বাণিজ্য আৰু আদানপ্ৰদানৰ স্বতন্ত্ৰতা। আদান-প্ৰদানৰ স্বতন্ত্ৰতা থাকিব। বেপাৰ, বাণিজ্য আৰু ৩০২। এখন ৰাজ্য আৰু আন এখনৰ মাজত বা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো ভাগত চলোৱা আদানপ্ৰদানৰ বিষয়ত বেপাৰ, বাণিজ্য বা আদান-প্ৰদানৰ স্বতন্ত্ৰতাৰ ওপৰত সংসদে বিধিৰ দ্বাৰা এনে নিৰ্বন্ধন আৰোপ নিবন্ধন আৰোপণ কৰিব পাৰে যিবিলাকনেকি লোক-স্বাৰ্থৰ কাৰণে অপেক্ষিত হয়। কৰিবলৈ সংসদৰ ক্ষমতা। 'বেপাৰ আৰু বাণিজ্যৰ ৩০৩(১) অনুচ্ছেদ ৩০২ ত যিকোনো কথা থকা সত্ত্বেও এখন ৰাজক আন এখনৰ ওপৰত সম্বন্ধত সংঘ আৰু কোনো অগ্ৰাধিকাৰ দিবলৈ বা দিবৰ কাৰণে প্ৰাধিকৃত কৰিবলৈ নাইবা সপ্তম অনুসুচীৰ যিকোনো ৰাজ্যসমূহৰ বিধায়িনী সূচীত থকা বেপাৰ আৰু বাণিজ্য সম্পৰ্কীয় কোনো প্ৰবিষ্টিৰ আধাৰত কোনো এখন ৰাজ্য আৰু আন ক্ষমতাৰ ওপৰত নিবন্ধন। এখন ৰাজ্যৰ মাজত বিভেদ বিচাৰ কৰিবলৈ বা কৰিবৰ কাৰণে প্ৰাধিকৃত কৰিবলৈ কোনো বিধি প্ৰণয়ন কৰিবৰ বাবে সংসদৰ বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতা নেথাকিব। (২) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো ভাগত বস্তুৰনাটনিৰ ফলত দেখা দিয়া অৱস্থাৰ বিৰুদ্ধে উচিত দিহা কৰিবৰ প্ৰয়োজনৰ বাবে তেনে কৰাটো আৱশ্যকীয় বুলি যদি এনে সংশ্লিষ্ট বিধিৰ দ্বাৰা ঘোষণা কৰা হয়, তেনেহলে অগ্ৰাধিকাৰ দিবলৈ বা দিবৰ কাৰণে প্ৰাধিকৃত কৰিবলৈ নাইবা বিভেদ বিচাৰ কৰিবলৈ বা কৰিবৰ কাৰণে প্ৰাধিকৃত কৰিবলৈ কোনো বিধি প্ৰণয়ন কৰাৰ পৰা খণ্ড (১) ৰ কোনো কথাই সংসদক নিবাৰণ নকৰিব। ৰাজ্যসমূহৰ মাজত বেপাৰ, বাণিজ্য আৰু আদানপ্ৰদানৰ ওপৰত নিবন্ধন। ৩০৪ অনুচ্ছেদ ৩০১ বা অনুচ্ছেদ ৩০৩ ত যিকোনো কথা থকা সত্ত্বেও কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা-- (ক) যাতে আমদানি কৰা বস্তু আৰু নিৰ্মাণ বা উৎপন্ন কৰা তেনে বস্তুৰ মাজত বিভেদ বিচাৰ কৰা নহয় তেনেভাৱে সেই ৰাজ্যৰ ভিতৰত নিৰ্মাণ বা উৎপন্ন কৰা অনুৰূপ বস্তুৰ ওপৰত যি কৰ আৰোপণীয় হয় সেই দৰেই ৰাজ্য [বা সংঘ ৰাজ্যক্ষেত্ৰ] : সমূহৰ পৰা আমদানি কৰা বস্তুৰ ওপৰতো তেনে যিকোনো কৰ আৰোপণ কৰিব। পাৰে, আৰু (খ) লোক স্বাৰ্থৰ হকে অপেক্ষিত হোৱা অনুসৰি সেই ৰাজ্যৰ সৈতে বা সেই ৰাজ্যৰ ভিতৰত হোৱা বেপাৰ,বাণিজ্য বা আদান-প্ৰদানৰ স্বতন্ত্ৰতাৰ ওপৰত যুক্তিযুক্ত নিবন্ধন আৰোপণ কৰিব পাৰে? পৰস্তু, ৰাষ্ট্ৰপতিৰ পূৰ্ব মঞ্জুৰীৰ অবিহনে কোনো ৰাজ্যৰ বিধান মণ্ডলত খণ্ড (খ) ৰ প্ৰয়োজনৰ বাবে কোনো বিধেয়ক বা সংশোধনী উত্থাপিত বা প্ৰস্তাৱিত নকৰিব। ২[৩০৫।অনুচ্ছেদ ৩০১ আৰু ৩০৩ ৰ কোনো কথাই, ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা অন্যথা নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো বৰ্তমান বিধিৰ উপবন্ধ সমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰে, আৰু অনুচ্ছেদ ৩০১ ৰ কোনো কথাই, সংবিধান (চতুৰ্থ সংশোধন) অধিনিয়ম, ১৯৫৫ৰ প্ৰাৰম্ভণিৰ পূৰ্বে প্ৰণীত কোনো বিধিৰ প্ৰবৰ্ত্তনৰ ওপৰত যেতিয়ালৈকে সেই বিধি অনুচ্ছেদ ১৯ ৰ খণ্ড (৬)ৰউপখণ্ড। (ii) ত নিৰ্দিষ্ট কোনো বিষয় সম্বন্ধীয় হয় তেতিয়ালৈকে, প্ৰভাৱ বিস্তাৰ নকৰে, অথবা অনুচ্ছেদ ১৯ৰ খণ্ড (৬)ৰ উপখণ্ড (ii) ত নিৰ্দিষ্ট কোনো বিষয় সম্বন্ধীয় বিধি প্ৰণয়ন কৰাত সংসদৰ বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ ওপৰত বাধা আৰোপ নকৰে।] বৰ্তমান বিধি আৰু ৰাজ্যিক একাধিপত্যৰ উপবন্ধ কৰা বিধিৰ ব্যাবৃত্তি। ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ২১ ধাৰা আৰু অনুসূচীৰ দ্বাৰা অন্তঃস্থাপিত। ২। সংবিধান (চতুৰ্থ সংশোধন) অধিনিয়ম, ১৯৫৫ ৰ ৪ ধাৰাৰ দ্বাৰা মূল ৩০৫ অনুচ্ছেদৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত।