পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যাবৃত্তি৷ “শুদ্ধ আগম” আদিৰ গণনা। ১১৬ ভাৰতৰ সংবিধান দ্বাদশ ভাগ-বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ --অনুচ্ছেদ ২৭৬ - ২৮০ (৩) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ বৃত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ ওপৰত কৰ আৰোপণ সম্বন্ধে উপৰোক্ত মতে বিধি প্ৰণয়ন কৰাৰ ক্ষমতাই বৃত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ পৰা প্ৰোভূত বা উদ্ভূত কোনো আয়ৰ ওপৰত কৰ আৰোপণ কৰা সম্বন্ধত সংসদৰ বিধি প্ৰণয়ন কৰা ক্ষমতা কোনো প্ৰকাৰে সীমাবদ্ধ কৰে বুলি অৰ্থ নকৰিব। ২৭৭। যি কৰ, শুল্ক উপকৰ বা মাচুল এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে কোনো ৰাজ্যৰ চৰকাৰৰ বা কোনো পৌৰসভা বা আনস্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা সেই ৰাজ্য, পৌৰসভা, জিলা বা আন স্থানীয় ক্ষেত্ৰৰ প্ৰয়োজনৰ বাবে বিধিগত ভাবে আৰোপিত হৈছিল, সেই কৰ, শুল্ক উপকৰ বা মাচুল সংঘ সূচীত উল্লিখিত হোৱা সত্ত্বেও সংসদে বিধিৰ দ্বাৰা ইয়াৰ বিপৰীত উপবন্ধ নকৰালৈকে আগৰ দৰে আৰোপিত আৰু সেই প্ৰয়োজনৰ বাবে প্ৰয়োগ হৈ থাকিব। ২৭৮। [কোনো কোনো বিত্তীয় বিষয়ৰ সম্পৰ্কত প্ৰথম অনুসূচীৰ খ ভাগৰ ৰাজ্যসমূহৰ লগত কৰাৰ] সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা নিৰসিত। ২৭৯। (১) এই অধ্যায়ৰ পূৰ্ব্বোক্ত উপবন্ধত কোনো কৰ বা শুদ্ধৰ সম্পৰ্কত “শুদ্ধ আগম’ মানে সংগ্ৰহ কৰা ব্যয় বাদে কৰ বা শুল্কৰ পৰা পোৱা আগম আৰু সেই উপবন্ধ সমূহৰ প্ৰয়োজনৰ বাবে কোনো ক্ষেত্ৰৰ ভিতৰত বা তাৰ পৰা পোৱা বুলি ধৰা যি কোনো কৰ বা শুল্কৰ শুদ্ধ আগম বা যি কোনোকৰ বা শুল্কৰ কোনো অংশৰ:শুদ্ধ আগম ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ দ্বাৰা অভিনিশ্চিত আৰু প্ৰমাণিত হব লাগিব আৰু তেওঁৰ প্ৰমাণ পত্ৰই চূড়ান্ত হব। (২) উপৰোক্ত উপবন্ধ, আৰু এই অধ্যায়ৰ আন যিকোনো সুস্পষ্ট উপবন্ধাধীনে এই ভাগৰ অধীনত কোনো ৰাজ্যক কোনো শুল্কৰ বা কৰৰ আগম দিয়া বা দিব পৰা বিষয়ত, সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিত অথবা ৰাষ্ট্ৰপতিৰ কোনো আদেশত আগম সমূহ গণনা কৰাৰ ৰীতি, কোন সময়ত বা সময়ৰ পৰা আৰু কি ৰীতি অনুসৰি তাক আদায় কৰিব লাগিব সেই সময় আৰু ৰীতি, কি দৰে এক বিত্তীয় বছৰৰ লগত আন এটা বিত্তীয় বছৰৰ হিচাব-পত্ৰ ঠিক ঠাক কৰিব পাৰি সেই বিষয়ে আৰু অন্যান্য প্ৰাসংগিক আৰু সহায়ক বিষয়ৰ উপবন্ধ কৰিব পাৰে। ২৮০! (১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা দুই বছৰৰ ভিতৰত আৰু তাৰ পাচতো প্ৰতি পাৰ্ট বছৰৰ মূৰে মূৰে অথবা ৰাষ্ট্ৰপতিয়ে আৱশ্যকবুলি বিবেচনা কৰিলে ইয়াৰ আগতেই ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা এটা বিত্ত-আয়োগ গঠন কৰিব আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন সভাপতি আৰু চাৰিজন আন সদস্যৰে সেই আয়োগ গঠিত হব। (২) সংসদে বিধিৰ দ্বাৰা, আয়োগৰ সদস্যৰূপে নিযুক্ত হবৰ কাৰণে অপেক্ষিত অহৰ্তাসমূহ আৰু সদস্যসকলৰ বাছনিৰ ৰীতি নিৰ্ধাৰিত কৰিব পাৰে। (৩) আয়োগৰ কৰ্ত্তব্য হব- (ক) যিবোৰ কৰৰ শুদ্ধ আগম এই অধ্যায়ৰ অধীনত সংঘ আৰু ৰাজ্যসমূহৰ মাজত বিভাজিত হব লাগে বা হয় সেইবোৰ কৰৰ শুদ্ধ আগম সংঘ আৰু ৰাজ্যসমূহৰ মাজত বিতৰণ সম্পৰ্কে আৰু ৰাজ্যসমূহৰ মাজত এনেকুৱা আগমৰ নিজ নিজ অংশৰ বাটোৱাৰা বিত্তআয়োগ। ।

সম্পৰ্কে। (খ) ভাৰতৰ সঞ্চিত নিধিৰ পৰা ৰাজ্য বিলাকৰ ৰাজস্বৰ সাহায্য-অনুদান কৰোতে পালনীয় নীতি সমূহৰ সম্পৰ্কে; [ (খ-খ) ৰাজ্যৰ বিত্ত আয়োগৰ দ্বাৰা কৃত চুপাৰিছ সমূহৰ ভিত্তিত ৰাজাৰ পঞ্চায়ত সমূহৰ সম্পদৰাজিৰ অনু পূৰণ কৰিবলৈ কোনো ৰাজ্যৰ সঞ্চিত নিধি বৰ্ধিত কৰাৰ বাবে আৱশ্যকীয় ব্যৱস্থা সমূহৰ বিষয়ত;] ২[(গ)ৰাজ্যৰ বিত্তআয়োগৰ দ্বাৰাকৃত চুপাৰিছসমূহৰ ভিত্তিতৰাজ্যৰ পৌৰসভাসমূহৰসম্পদৰাজিৰ অনু পূৰণ কৰাৰ বাবে কোনো ৰাজ্যৰ সঞ্চিত নিধি বৰ্ধিত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা সমূহৰ বিষয়ত;] { (ঘ) সচ্ছল বিত্তৰ স্বাৰ্থৰ হেতু ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়োগলৈ নিৰ্দেশিত আন যিকোনো বিষয় সম্পৰ্কে ৰাষ্ট্ৰপতিলৈ চুপাৰিছ সমুহ দিয়া। ১) সিংবিধান (ত্ৰিসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ ধাৰা ৩ৰ দ্বাৰা অন্তঃস্থাপিত (২৪-৪-১৯৯৩ তাৰিখৰ পৰা প্ৰভাবী হোৱাকৈ) ২। সংবিধান (চতুঃসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ৰ ধাৰা ৩ ৰ দ্বাৰা উপখণ্ড (গ), উপখণ্ড (ঘ) হিচাবে পুনঃ অক্ষঙ্কিত কৰা হৈছে আৰু খণ্ড (গ) অন্তঃস্থাপিত কৰা হৈছে।