পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ ভাৰতৰ সংবিধান দ্বাদশ ভাগ —বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ – অনুচ্ছেদ ২৬৮ ২৬৯ সংঘ আৰু ৰাজ্যসমূহৰ মাজত ৰাজস্বৰ বিতৰণ ২৬৮৷ (১) সংঘ-সূচীত বৰ্ণিত যিবোৰ মুদ্ৰাংক-শুষ্ক আৰু ঔষধীয় আৰ প্ৰসাধনীয় দ্ৰব্যৰ ওপৰত লগোৱা উৎপাদন শুষ্ক সেইবোৰ ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত হব, কিন্তু সংগৃহীত সংঘৰ দ্বাৰা আৰোপিত কিন্তু ৰাজ্যৰ দ্বাৰা সংগৃহীত আৰু বিনিয়োজিত শুল্কসমূহ। (ক) যিকোনো [ সংঘ ৰাজ্যক্ষেত্ৰৰ ভিতৰত আৰোপণীয় শুদ্ধৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দ্বাৰা, আৰ (খ) অন্যান্য ক্ষেত্ৰত, যি ৰাজ্যৰ ভিতৰত এনে ধৰণৰ শুল্ক আৰোপণীয় সেইবোৰত সেই সেই ৰাজ্যৰ দ্বাৰা। (২) যিকোনো ৰাজ্যৰ ভিতৰত আৰোপণীয় এনে ধৰণৰ শুষ্কৰ পৰা কোনো এক বিত্তীয় বৰ্ষত হোৱা আগম ভাৰতৰ সঞ্চিত নিধিৰ অংশবিশেষ নহব, কিন্তু উক্ত ৰাজাতে অৰ্পিত হব। সংঘৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত কিন্তু ৰাজ্যসমূহত ২৬৯ (১) নিম্নলিখিত শুল্ক আৰু কৰ সমূহ ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত হব কিন্তু খণ্ড ২ ত উপবন্ধিত ৰীতি অনুসৰি ৰাজ্য সমূহত অৰ্পিত হব, অৰ্থাৎ--- (ক) কৃষি-ভূমিৰ বাহিৰে অন্য সম্পত্তিৰ উত্তৰাধিকাৰী বিষয়ক শুষ্ক; (খ) কৃষি ভূমিৰ বাহিৰে অন্য সম্পত্তি বিষয়ক সম্পদা-শুদ্ধ; (গ) ৰেল, সমৃদ্ৰ বা বিমানেৰে কঢ়িওবা বয় বস্তু বা যাত্ৰীৰ ওপৰত লগোবা অৰ্পিত কৰসমূহ। সীমা কৰ; (ঘ) ৰেলৰ ভাড়া বা বস্তুব ভাডৰ ওপৰত লগোৱা কৰ; (ঙ) ষ্টক একচেঞ্জ আৰু ভবিষ্যত বজাৰৰ ক্ৰয়-বিক্ৰয়ৰ ওপৰত থকা মুদ্ৰাংক শুদ্ধৰ বাহিৰে আন কৰ; (চ) বাতৰি কাকতৰ বিক্ৰয় বা জয় আৰু তাত প্ৰকাশিত বিজ্ঞাপনৰ ওপৰত লগোবা কৰ; ২ [ (ছ) বাতৰি কাকত ভিন্ন আন বস্তুৰ বিক্ৰয় বা এয়ৰ ওপৰত লগোৱা কৰ, যেতিয়ানেকি এনে বিক্ৰয় বা ক্ৰয় অন্তঃৰাজ্যিক বেপাৰ বা বাণিজ্যৰ ক্ৰমত কৰা হয়। ]

  • [ (জ) বস্তুৰ চালানৰ ওপৰত কৰ (লাগিলে সেই চালান যি চালান দিয়ে

তেওঁলৈকে পঠাওক বা আন কোনো ব্যক্তিলৈকে পঠাওক) যেতিয়ানেকি এনে চালান অন্তঃৰাজ্যিক বেপাৰ বা বাণিজ্যৰ অনু ক্ৰমত হয়। (২) যিকোনো বিত্তীয় বছৰত ১ সংঘ ৰাজ্যক্ষেত্ৰৰ ] পৰা হোৱা আগমৰ বাহিৰে এনেকুবা শুল্ক বা কৰৰ পৰা পোবা শুদ্ধ আগম ভাৰতৰ সঞ্চিত নিধিৰ অংশ বিশেষ নহব, কিন্তু যি ৰাজ্যত সেই বছৰৰ বাবে উক্ত শুল্ক বা কৰ আৰোপণীয় হয় সেই ৰাজ্যত অৰ্পিত হব, আৰু সংসদে বিধিৰ দ্বাৰা সূত্ৰিত কৰা বিতৰণ নীতি অনুসৰি উক্ত ৰাজ্যসমূহৰ মাজত বিতৰণ কৰা হব। ১ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীৰ গ ভাগত নিৰ্দিষ্ট ৰাজ্যৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২ সংবিধান (ষষ্ঠ সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৩ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ৩৷ সংবিধান (যটচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৮২ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত।