পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১০ ভাৰতৰ সংবিধান। একাদশ ভাগ -সংঘ আৰু ৰাজ্যসমূহৰ সম্বন্ধ অনুচ্ছেদ ২৫৯-২৬৩ ২৫৯।[ প্ৰথম অনুসুচীৰ খ ভাগৰ ৰাজ্য সমূহৰ সশস্ত্ৰ বাহিনী ] সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা নিৰসিত। ২৬০ ভাৰতৰ ৰাজ্যক্ষেত্ৰত অন্তৰ্ভুক্ত নোহোৱা কোনো ৰাজ্যক্ষেত্ৰৰ চৰকাৰৰ লগত সম্পাদিত হোৱা কোনো কৰাৰৰ দ্বাৰা তেনে ৰাজ্যক্ষেত্ৰৰ চৰকাৰৰ ওপৰত নিহিত থকা কাৰ্যপালিকা, বিধায়িনী বান্যায়িক কৃত্য সমূহ ভাৰত চৰকাৰে গ্ৰহণ কৰিব পাৰে, কিন্তু এনে প্ৰত্যেক কৰাৰ তত্সময় বলব, থকা বিদেশী ক্ষেত্ৰাধিকাৰ প্ৰয়োগ সম্পৰ্কীয় কোনো বিধি সাপেক্ষে আৰু তেনে বিধিৰ দ্বাৰা শাসিত ভাৰতৰ বাহিৰৰ ৰাজ্যক্ষেত্ৰ সম্পৰ্কে সংঘৰ ক্ষেত্ৰাধিকাৰ। সাৰ্বজনিক কাৰ্য্য, অভিলেখ আৰু ন্যায়িক কাৰ্যবাহসমূহ। ২৬১।(১)ভাৰতৰ ৰাজ্যক্ষেত্ৰৰসৰ্বত্ৰসংঘৰ আৰুপ্ৰত্যেক ৰাজ্যৰসাৰ্বজনিক কাৰ্য্য, অভিলেখ আৰুন্যায়িক কাৰ্যবাহী সমূহৰ প্ৰতি পূৰ্ণ বিশ্বাস আৰু প্ৰত্যয় ৰাখিব লাগিব। (২) খণ্ড (১)ত নিৰ্দেশিত কাৰ্য্য, অভিলেখ আৰু কাৰ্য্যবাহী সমূহকিৰীতিৰে আৰু কি কি চৰ্ত্তৰ অধীনত প্ৰমাণিত কৰিব লাগিব আৰু তাৰ ফলাফল নিৰ্ধাৰিত কৰিব লাগিব সেইটো সংসদৰ দ্বাৰা কৃত বিধিৰ দ্বাৰা যথা উপবন্ধিত অনুসাৰে হব। (৩) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো অংশৰ চিভিলন্যায়ালয়ে প্ৰদান কৰা ৰা দিয়া চূড়ান্ত নিৰ্ণয় বা আদেশ সেই ৰাজ্যক্ষেত্ৰৰ ভিতৰত যিকোনো ঠাইতে বিধি অনুসাৰে নিষ্পদন যোগ্য হব। পানী কম্পিৰ্কীয় বিবাদ আন্তঃৰাজ্যিক নদী ২৬২।(১) কোনো অন্তঃৰাজ্যিক নদীৰ বানদীত অথবা নদী উপত্যকাৰ বানদী উপত্যকাত বাউপত্যকাৰ পানীৰ ব্যৱহাৰ, বিতৰণ বা নিয়ন্ত্ৰণ সম্বন্ধে কোনো বিবাদ বা গোচৰৰ ন্যায় নিৰ্ণয়ৰ কাৰণে সংসদে পানী সম্পৰ্কে বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে। বিবাদৰন্যায় (২) এই সংবিধানত যিকোনোকথা থকা সত্ত্বেও সংসদে বিধিৰদ্বাৰা উপবন্ধ কৰিব পাৰে নিৰ্ণয়। যে খণ্ড (১)ত নিৰ্দেশিত এনে বিবাদবা গোচৰসম্বন্ধে উচ্চতমন্যায়ালয়ে নাইবা আন কোনোন্যায়ালয়ে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ নকৰিব। আন্তঃৰাজ্যিক পৰিষদসম্বন্ধে উপবন্ধাবলী। ৰাজ্যসমুহৰমাজত সমন্বয়, ২৬৩। যদি কোনো সময়ত ৰাষ্ট্ৰপতিৰ এইটো প্ৰতীত হয় যে এনে এক পৰিষদ স্থাপনৰ দ্বাৰা সাৰ্বজনিক স্বাৰ্থ পূৰ্ণ হব যাৰ ওপৰত - (ক) বিভিন্ন ৰাজ্যৰ মাজত উদ্ভৱ হব পৰা বিবাদৰ বিষয়ত পৰি-প্ৰশ্ন কৰা আৰু তাৰ ওপৰত মন্ত্ৰণা দিয়াৰ; (খ) কেইখন মান বা সকলো ৰাজ্যৰ বা সংঘ আৰু এখন বা ততোধিক ৰাজ্যৰ একে স্বাৰ্থ থকা বিষয়ৰ অনুসন্ধান কৰা আৰু আলোচনা কৰাৰ; অথবা (গ) এনে কোনো বিষয়ৰ ওপৰত চুপাৰিছ কৰাৰ আৰু বিশেষকৈ সেই বিষয়ৰ সম্বন্ধত নীতি আৰু কাৰ্য্যৰ অধিক সমন্বয়ৰ বাবে চুপাৰিছ কৰাৰ ভাৰ থাকে, তেনেহলে ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা তেনে পৰিষদ স্থাপন কৰা আৰু ইয়াৰ দ্বাৰা পালন কৰিবলগীয়া কৰ্তব্যৰ ধৰণ আৰু ইয়াৰ সংগঠন আৰু প্ৰক্ৰিয়া পৰিভাষিত কৰাটো বিধিসংগত হব। ..