পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১০১ > নৱম ক ভাগ-পৌবসভা - অনুচ্ছেদ ২৪৩ম - ২৪৩যঘ যায়, তাৰ বিতৰণৰ আৰু সকলো স্তৰৰ পৌৰসভা সমূহৰ মাজত এনে আগমসমূহৰ তেওঁলোকৰ নিজ নিজ অংশত আবণ্টনৰ; (II) এনে কৰ, শুল্ক, পথকৰ, আৰু মাচুল সমূহৰ অৱধাৰণৰ, যাক পৌৰ সভা সমূহক ন্যস্ত কৰিব পৰা যায় বা তাৰ দ্বাৰা বিনিয়োজিত কৰিব পৰা যায়; (i) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পৌৰসভা সমূহৰ বাবে সহায়ক অনুদানৰ নিয়ন্ত্ৰণ কৰা সিদ্ধান্ত সমূহৰ সম্পৰ্কত (খ) পৌৰসভা সমূহৰ বিত্তীয় অৱস্থাৰ উন্নয়নৰ বাবে আৱশ্যকীয় ব্যস্থাৱলীৰ সম্পৰ্কত; (গ) পৌৰসভা সমূহৰ সুস্থ বিত্তৰ স্বাৰ্থত ৰাজ্যপালৰ দ্বাৰা বিত্ত আয়োগক নিৰ্দেশিত কৰা আন কোনো বিষয়ৰ সম্পৰ্কত; ৰাজ্যপালক চুপাৰিছ কৰিব। (২) ৰাজ্যপালে এই অনুচ্ছেদৰ অধীনত আয়োগৰ দ্বাৰা কৰা প্ৰত্যেকচুপাৰিছ ইয়াৰ ওপৰত গ্ৰহণ কৰা কাৰ্য্য ব্যৱস্থাৰ স্পষ্টীকাৰক জ্ঞাপন সহ ৰাজ্যৰ বিধান মণ্ডলৰ সন্মুখত উপস্থাপন কৰাব। ২৪৩য। কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, পৌৰ সভা সমূহৰ দ্বাৰা এনে হিচাপ পত্ৰ পৌৰ সভা সমূহৰ সমূহ ৰখা আৰু এনে হিচাপ পত্ৰ সমূহৰ পৰীক্ষা কৰাৰ বিষয়ত উপবন্ধ কৰিব পাৰিব। হিচাপ পৰীক্ষা। i ২৪৩যক।(১) পৌৰসভা সমূহৰ বাবে অনুষ্ঠিত সকলো নিৰ্বাচনৰ কাৰণে নিৰ্বাচক নামাৱলী পৌৰ সভা সমূহৰ প্ৰস্তুত কৰাৰ আৰু সেই সকলো নিৰ্বাচনৰ সঞ্চালনৰ অধীক্ষণ, নিৰ্দেৰ্শন আৰু নিয়ন্ত্ৰণ, অনুচ্ছেদ নিৰ্বাচন। ২৪৩ ত নিৰ্দিষ্ট ৰাজ্যিক নিৰ্বাচন আয়োগত নিহিত হব। (২) এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, পৌৰ সভা সমূহৰ নিৰ্বাচন সমূহৰ সম্পৰ্কত বা সংক্ৰান্তত সকলো বিষয়ৰ সম্বন্ধত উপবন্ধ কৰিব পাৰিব। ২৪৩যখ। এই ভাগৰ উপবন্ধ সমূহ সংঘ ৰাজ্যক্ষেত্ৰ সমূহত প্ৰয়োগ হব আৰু কোনো সংঘ ৰাজ্য সংঘ ৰাজ্যক্ষেত্ৰ সমূহত ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ এনে ধৰণে প্ৰভাৱী হব যেনিবা কোনো ৰাজ্যৰ ৰাজ্যপালৰ প্ৰতি নিৰ্দেশ, প্ৰয়োগ। অনুচ্ছেদ ২৩৯ ৰ অধীনত নিযুক্ত সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসকৰ প্ৰতিহে নিৰ্দেশ আৰু কোনো ৰাজ্যৰ বিধান মণ্ডল বা বিধান সভাৰ প্ৰতি নিৰ্দেশ, কোনো এনে সংঘ ৰাজ্যক্ষেত্ৰৰ সম্পৰ্কত, য'ত বিধান সভা আছে, সেই বিধান সভাৰ প্ৰতিহে নিৰ্দেশ? পৰ ৰাষ্ট্ৰপতিয়ে, লোক অধিসূচনাৰ দ্বাৰা, এই নিৰ্দেশ দিব পাৰিব যে এই ভাগৰ উপবন্ধ সমূহ কোনো সংঘ ৰাজ্যক্ষেত্ৰত বা ইয়াৰ কোনো ভাগত এনে ব্যতিক্ৰম বা ৰূপভেদ সাপেক্ষে প্ৰয়োগ হব যাক তেওঁ এই তাধিসূচনাত বিনিৰ্দিষ্ট কৰে। ২৪৩যগ।(১) এই ভাগৰ কোনো কথা অনুচ্ছেদ ২৪৪ ৰ খণ্ড (১) ত নিৰ্দিষ্ট অনুসূচিত ক্ষেত্ৰ এই ভগ কিছুমান সমূহত আৰু ইয়াৰ খণ্ড (২) ত নিৰ্দিষ্ট জনজাতি ক্ষেত্ৰ সমূহত প্ৰয়োগ নহব। ক্ষেত্ৰত প্ৰয়োগ নহব। (২) এই ভাগৰ কোনো কথাই পশ্চিম বঙ্গ ৰাজ্যৰ দাৰ্জিলিং জিলাৰ পাৰ্বত্য ক্ষেত্ৰ সমূহৰ বাবে তৎসময় বলবৎ থকা কোনো বিধিৰ অধীনত গঠিত দাৰ্জিলিং গোখা পাৰ্বত্য পৰিষদৰ কৃত্যসমূহ আৰু ক্ষমতাৱলীক প্ৰভাৱিত কৰা বুলি অৰ্থনকৰিব। (৩) এই সংবিধানত কোনো কথা থকা সত্ত্বেও, সংসদে বিধিৰ দ্বাৰা এই ভাগৰ উপবন্ধসমূহৰ বিস্তাৰ খণ্ড (২) ত নিৰ্দিষ্ট অনুসূচিত ক্ষেত্ৰ আৰু জনজাতি ক্ষেত্ৰত এনে ব্যতিক্ৰম বা ৰূপভেদ সমূহৰ সাপেক্ষে, কৰিব পাৰিব যিটো এনে বিধিত বিনিৰ্দিষ্ট কৰা হয় আৰু এনে কোনো বিধি অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনাৰ্থে এই সংবিধান সংশোধনী বুলি গণ্য কৰা নহব। ২৪৩যঘ। (১) প্ৰত্যেক ৰাজ্যত জিলা স্তৰত জিলা পঞ্চায়ত সমূহ আৰু পৌৰসভাসমূহৰ দ্বাৰা জিলা যোজনাৰ বাবে প্ৰস্তুত কৰা যোজনা সমূহৰ একত্ৰীকৃত কৰাৰ বাবে আৰু সম্পূৰ্ণ জিলাৰ বাবে এখন বিকাশ যোজনাৰ সমিতি। খচৰা প্ৰস্তুত কৰাৰ বাবে, এখন জিলা যোজনা সমিতি গঠন কৰা হব। 1